ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

‘ছিংগল ছুপাৰ ফছফেট’ আৰু ‘বেণ্টোনাইট ছালফাৰ’-ৰ বিক্ৰীৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰিছে ‘এনএফএল’-য়ে

দেশত সাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত সমতুলতা অনাৰ বাবে সজাগতা সৃষ্টিত গুৰুত্ব

Posted On: 03 NOV 2020 11:11AM by PIB Guwahati

দেশৰ কৃষকসমাজক ডিএপি, এমঅপি, এনপিকে আৰু ছালফাৰ ভিত্তিক সাৰৰ দৰে অনা-ইউৰিয়া সাৰৰ প্ৰয়োগতো মনোনিৱেশ কৰাৰ বাবে উত্সাহিত কৰাত গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্ৰীয় সাৰ পৰিসীমিত(এনএফএল)য়ে। এনে প্ৰয়াসৰ সুবাদতে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম সাতোটা মাহত প্ৰতিষ্ঠানটোৱে সকলো ধৰণৰ অনা-ইউৰিয়া সাৰৰ বিক্ৰীৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰা পৰিলক্ষিত হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/IMG-20201102-WA0053GENI.jpg

বিগত বৰ্ষৰ তুলনাত প্ৰতিষ্ঠানটোৰ ছালফাৰ ভিত্তিক সাৰৰ বিক্ৰীৰ হাৰ বৃদ্ধিৰ পৰিমাণ হল ক্ৰমে বেণ্টোনাইট ছালফাৰ ২৩৭% আৰু ছালফাৰ ফছফেট্(এছএছপি) ১৩৩শতাংশ। চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্তোবৰৰ মাজৰ সময়ছোৱাত এনএফএলৰ পাণিপটত থকা উত্পাদন প্ৰকল্পত উত্পাদিত বেণ্টোনাইট ছালফাৰৰ বিক্ৰী পৰিমাণ ১১,৭৩০নিযুতটন হোৱাৰ বিপৰীতে বিগত বৰ্ষৰ এই একেছোৱাত সময়ত এই পৰিমাণ আছিল ৩,৪৭৮নিযুতটন, সেইদৰে এছএছপিৰ পৰিমাণ বিগত বৰ্ষৰ ৬,৩২৩নিযুতটনৰ বিপৰীতে এই বছৰত হয়গৈ ১৪,৭২৬নিযুতটন।

মাটিৰ সমতুলিত পুষ্টি সাধন কৰাৰ বাবে যথোচিত ভাবে সকলোধৰণৰ সাৰ প্ৰয়োগৰ পৰম্পৰাক উত্সাহিত কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী ভি এন দত্তই। শঁইছৰ বৃদ্ধি আৰু উত্পাদন বঢ়োৱাৰ বাবে ছালফাৰৰ খুবেই প্ৰয়োজনীয় বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, মাটিৰ চতুৰ্থ আটাইতকৈ গুৰুত্বপূৰ্ণ পুষ্টি প্ৰদানকাৰী সাৰ হিচাপে ছালফাৰৰ ব্যৱহাৰৰ লগতে কিন্তু যথোচিত হাৰত নাইট্ৰজেনৰ ব্যৱহাৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।

*****

RCJ/RKM/KB



(Release ID: 1669738) Visitor Counter : 142