প্ৰতিৰক্ষা মন্ত্ৰালয়

মালাবাৰ - ২০

পৰ্যায় ১ – ০৩ নৱেম্বৰৰ পৰা ০৬ নৱেম্বৰ, ২০২০ তাৰিখলৈ

Posted On: 02 NOV 2020 4:40PM by PIB Guwahati

নৱেম্বৰ মাহত দুটা পৰ্যায়ত ২৪তম মালাবাৰ নৌ-অনুশীলন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্বত ভাৰতীয় নৌ-বাহিনী, মাৰ্কিন নৌ-বাহিনী, জাপানী নৌ-বাহিনী আৰু অষ্ট্ৰেলিয়াৰ নৌ-বাহিনীয়ে ৩ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ বিশাখাপট্টনমত বংগোপ সাগৰত এই অনুশীলন চলাব।


১৯৯২ চনত ভাৰতীয় আৰু মাৰ্কিন বাহিনীয়ে যৌথভাৱে মালাবাৰ নৌ-অনুশীলন আৰম্ভ কৰিছিল। ২০১৫ চনত জাপান আৰু এইবছৰ অষ্ট্ৰেলিয়াৰ নৌ-বাহিনীয়ে এই অনুশীলনত যোগ দিছে।


২০২০-ৰ মালাবাৰ নৌ-অনুশীলনৰ প্ৰথম পৰ্যায়ত ভাৰতীয় নৌ-বাহিনীৰ সৈতে মাৰ্কিন যুদ্ধজাহাজ জন এছ মেকেইন, অষ্ট্ৰেলিয়াৰ জাহাজ বেলাৰ্ড আৰু হেলিকপ্টাৰ এমএইচ-৬০, জাপানৰ যুদ্ধজাহাজ ওনামি আৰু এছএইচ-৬০-এ অংশগ্ৰহণ কৰিব।


ভাৰতীয় নৌ-বাহিনীৰ পূৰ্বাঞ্চলীয় ফ্লেগ অফিচাৰ ৰীয়েৰ এডমিৰেল সঞ্জয় বাৎসায়নৰ নেতৃত্বত এই অনুশীলনত ভাৰতে অংশগ্ৰহণ কৰিব। নৌ-বাহিনীৰ ৰণবিজয়, শিবালিক, সুকন্যা, শক্তি - এই জাহাজকেইখনৰ উপৰিও সিন্ধুৰাজ ছাবমেৰিনেও যোগ দিব। ইয়াৰ উপৰিও, পি-৮১ ডোৰ্নিয়াৰ বিমান আৰু হেলিকপ্টাৰো থাকিব। 


ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই নৌ-অনুশীলন সমুদ্ৰত সংস্পৰ্শহীনভাৱে অনুষ্ঠিত হ’ব। মিত্ৰ দেশবোৰৰ নৌ-বাহিনীবোৰে একত্ৰিত হৈ কাম কৰা আৰু সহযোগিতা ইয়াৰ মাধ্যমেৰে প্ৰতিফলিত হ’ব। ২০২০ ত মালাবাৰ নৌ-অনুশীলনৰ দ্বিতীয় পৰ্যায় নৱেম্বৰৰ মাজভাগত আৰৱ সাগৰত অনুষ্ঠিত হ’ব।
 
 

*********

 

ABBB/VM/MS/RD
 



(Release ID: 1669693) Visitor Counter : 192