গৃহ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ ক’ভিড-১৯ৰ পৰিস্থিতিৰ পর্যালোচনা কেন্দ্রীয় গৃহ সচিবৰ

Posted On: 02 NOV 2020 4:20PM by PIB Guwahati

কেন্দ্রীয় গৃহ সচিব শ্রী অজয় ভাল্লাই আজি দিল্লীৰ ভিড পৰিস্থিতিৰ পর্যালোচনা কৰে৷ বৈঠকত নিটী আয়োগৰ সদস্য ড০ ভি কে পাল, কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব, আইচিএমআৰৰ সঞ্চালকৰ উপৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ আৰক্ষী আৰু জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

দিল্লীত তৃতীয়বাৰলৈ ভিড সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পোৱাৰ সন্দৰ্ভত বৈঠকত অৱগত কৰে দিল্লীৰ বিষয়াসকলে৷ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত নমুনা পৰীক্ষা, সংক্ৰমিত লোকৰ সংস্পর্শলৈ অহা তথা চিকিসাৰ ব্যস্থা কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ বৈঠকত জনোৱা মতে হাস্পতালসমূহত শয্যাৰো যথেষ্ট ব্যৱস্থা কৰা হৈছে৷ দিল্লীত ১৫,৭৮৯খন নির্ধাৰিত বিছনাৰ ভিতৰত ৫৭ শতাংশই এতিয়ালৈ খালী আছে৷

বৈঠকত সৱৰ বতৰ আৰু তাপমাত্রা হ্রাস পোৱাৰ ফলত বায়ু প্ৰদূষণৰ বিষয়ক লৈ আলোচনা হয়৷ আলোচনাত আৰটি-পিচিআৰৰ জৰিয়তে নমুনা পৰীক্ষা কৰাৰ উপৰি চিকিসা সম্পৰ্কীয় ব্যৱস্থাপনাৰ দিশত নিয়মীয়াকৈ দৃষ্টি ৰখাৰ সিদ্ধান্ত লোৱা হয়, যাতে হাস্পতালত বিছনা, ভেণ্টিলেটৰসহ অন্যান্য সকলো ব্যৱস্থা মজুত থাকে। বৈঠকত মেট্র ৰেলত যোৱাৰ সময়ত সাধাৰণ পৰিচালন পদ্ধতি উপযুক্তভাৱে মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷

কেন্দ্রীয় গৃহ সচিবে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিষয়াসকলৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰি কয় যে ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰয়োজনীয় পদক্ষেপ লোৱাটো অতি গুৰুত্বপূর্ণ। তেওঁ বিভিন্ন পদ্ধতিত ভিডৰ সন্দৰ্ভত জন সজাগতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

***

RK/AY/DDD/DB



(Release ID: 1669689) Visitor Counter : 183