বিত্ত মন্ত্ৰালয়

চৰকাৰে ইমাৰ্জেঞ্চী ক্ৰেডিট লাইন গেৰাণ্টী যোজনা এমাহলৈকে বঢ়াইছে

এই যোজনাৰ জৰিয়তে ২ লাখ কোটি টকাতকৈ অধিক ধনৰাশিৰ ঋণ মঞ্জুৰ কৰা হৈছে

Posted On: 02 NOV 2020 3:17PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে অৰ্থ ব্যৱস্থাত বিভিন্ন ক্ষেত্ৰৰ আৰম্ভণি আৰু চলিত উৎসৱৰ বতৰত চাহিদা বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ইমাৰ্জেঞ্চী ক্ৰেডিট লাইন গেৰাণ্টী স্কীম (ইচিএলজিএছ) এমাহ অৰ্থাৎ ৩০ নবেম্বৰ, ২০২০লৈকে বা এই যোজনাৰ জৰিয়তে ৩ লাখ কোটি টকাৰ ৰাশি স্বীকৃত হোৱাৰ সময়লৈকে, ইয়াৰ যিটোৱেই আগতে হয়, বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্প্ৰসাৰণৰ ফলত এনেকুৱা ঋণ লওঁতাই এই যোজনাৰ জৰিয়তে ঋণ পোৱাত আৰু এটা সুযোগ লাভ কৰিব যি এতিয়ালৈকে এই যোজনাৰ মুনাফা আদায় কৰিব পৰা নাই।

ইচিএলজিএছৰ ঘোষণা এমএছএমই, বাণিজ্যিক উদ্যম, বাণিজ্যিক উদ্দেশ্যৰ বাবে ব্যক্তিগত ঋণ আৰু মুদ্ৰা ঋণ লওঁতাই ২৯ ফেব্ৰুৱাৰী, ২০২০ৰ অনুসৰি তেওঁলোকৰ বকেয়া ধনৰাশি ঋণৰ ২০% সীমা পৰ্যন্ত সম্পূৰ্ণৰূপে গেৰাণ্টীযুক্ত আৰু ক'লেটাৰেল ফ্ৰী অতিৰিক্ত ঋণ উপলব্ধ কৰোৱাৰ বাবে আত্মনিৰ্ভৰ ভাৰত পেকেজ (এএনবিপি)ৰ এটা অংশ হিচাপে কৰা হৈছিল। ২৯ ফেব্ৰুৱাৰী, ২০২০ৰ অনুসৰি ৫০ কোটি টকালৈকে ঋণ বকেয়া ৰাশিযুক্ত তথা ২৫০ কোটি টকাৰ বাৰ্ষিক ব্যৱসায় থকা ঋণ লওঁতা এই যোজনাৰ জৰিয়তে পাত্ৰ। এই যোজনাৰ জৰিয়তে সুতৰ হাৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বাবে ৯.২৫% আৰু এনবিএফচিৰ বাবে ১৪% নিৰ্দ্ধাৰিত কৰা হৈছে।

সদস্য ঋণ প্ৰতিষ্ঠানৰ দ্বাৰা ইচিএলজিএছ পৰ্টেলত আপলোড কৰা পৰিসংখ্যা অনুসৰি এই যোজনাৰ জৰিয়তে বৰ্তমানলৈকে ৬০.৬৭ লাখ ঋণ লওঁতাৰ বাবে ২.০৩ লাখ কোটি টকাৰ ধনৰাশি স্বীকৃত কৰা হৈছে। ইয়াত ১.৪৮ লাখ কোটি টকাৰ ধনৰাশি বিতৰণ কৰা হৈছে।

*******

RM/KMN



(Release ID: 1669608) Visitor Counter : 205