ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

৩১ অক্টোবৰত এক মাহ সম্পূৰ্ণ কৰিলে ই-ইনভয়চ শীৰ্ষক যুগান্তকাৰী ব্যৱস্থাই

প্ৰৱৰ্তনৰ প্ৰথমটো মাহতে ২৭,৪০০ কৰদাতাৰদ্বাৰা এনআইচি পৰ্টেলত ৪৯৫ লাখৰো অধিক ই-ইনভয়চ প্ৰস্তুত

অক্টোবৰ, ২০২০ মাহত ৬৪১ লাখ ই-ৱে বিল প্ৰস্তুত, যি ই-ৱে বিল প্ৰণালীৰ যাত্ৰাৰ আঢ়ৈ বছৰত এমাহৰ সৰ্বাধিক

Posted On: 02 NOV 2020 1:33PM by PIB Guwahati

৩১ অক্টোবৰত এমাহ সম্পূৰ্ণ কৰা যুগান্তকাৰী ই-ইনভয়চ ব্যৱস্থা, বাণিজ্যৰ পাৰস্পৰিক বিনিময়ৰ পদ্ধতিত আমোল পৰিৱৰ্তন সাধন কৰিছে। এনআইচিৰ তথ্য অনুসৰি, ইয়াক প্ৰৱৰ্তনৰ এটা মাহৰ ভিতৰতে, এনআইচি পৰ্টেলত ২৭,৪০০ কৰদাতাৰদ্বাৰা ৪৯৫ লাখৰো অধিক ই-ইনভয়চ প্ৰস্তুত কৰা হৈছে। জিএছটি প্ৰণালীটোত চিত্ৰপট পৰিৱৰ্তনকাৰী হিচাপে পৰিগণিত হোৱা ই-ইনভয়চ প্ৰণালীটোৰ শুভাৰম্ভ কৰা হৈছিল ২০২০ৰ ১ অক্টোবৰত। বিত্তীয় বৰ্ষটোত ৫০০ কোটি টকাৰো অধিক সামগ্ৰিক টাৰ্ণঅ’ভাৰৰ ব্যৱসায়ৰ অৰ্থে ইয়াক শুভাৰম্ভ কৰা হয়।

ভাৰতৰ ইজ অৱ ডুয়িং বিজনেছ প্ৰশস্তকৰণৰ অৰ্থে যাত্ৰাত ই আন এটা মাইলৰ খুঁটি হৈ ৰ’ব। ইনভয়চ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত মজুত হোৱা তথ্যৰ জিএছটি কমন পৰ্টেল (gst.gov.in)ত কৰদাতাসকলৰদ্বাৰা জিএছটিআৰ১ ৰিটাৰ্ণলৈ প্ৰৱাহ অব্যাহত থাকিব, যিয়ে সন্মতিৰ সমস্যা লাঘৱ কৰি তুলিব।

১ অক্টোবৰ, ২০২০ত ৮.৪ লাখ ই-ইনভয়চেৰে আৰম্ভ হৈ, ইয়াৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আৰু ৩১ অক্টোবৰ, ২০২০ত এদিনতে প্ৰায় ৩৫ লাখ ই-ইনভয়চ প্ৰস্তুত কৰাটো প্ৰদৰ্শন কৰে। অক্টোবৰ, ২০২০ মাহটোত ৬৪১ লাখ ই-ৱে বিল প্ৰস্তুতেৰে (ই-ৱে বিল প্ৰণালীৰ যাত্ৰাৰ আঢ়ৈ বছৰত এতিয়ালৈকে এমাহত সৰ্বাধিক), প্ৰণালীটোৰ বলিষ্ঠতাক প্ৰদৰ্শিত কৰিলে। কৰদাতাসকলৰপৰা লাভ কৰা মতামত অনুসৰি, প্ৰণালীটোৰ সঁহাৰি সন্তোষজনক আৰু আইআৰএন প্ৰস্তুত প্ৰক্ৰিয়াটো অসুবিধা-মুক্ত। কৰদাতাসকলেৰে এনআইচি হেল্প ডেস্কৰ অতিশয় সক্ৰিয় যোগাযোগে ক্ৰুটি সীমিতকৰণৰ অৰ্থে তেওঁলোকৰ প্ৰণালীসমূহ চূড়ান্তকৰণত সহায় আগবঢ়ায়।

সম্প্ৰতি, এনআইচি প্ৰণালীত আইআৰএন প্ৰস্তুতৰ পদ্ধতি হৈছে তিনিটা। প্ৰথমটো হৈছেঃ এনআইচি প্ৰণালীৰ সৈতে কৰদাতাসকলৰ ইআৰপি প্ৰণালীৰ প্ৰত্যক্ষ এপিআই ইন্টাৰফেচ। দ্বিতীয়তে, এনআইচি প্ৰণালীৰ সৈতে জিএছপিৰ জৰিয়তে কৰদাতাসকলৰ ইআৰপি প্ৰণালীৰ এপিআই ইন্টাৰফেচ। তৃতীয়টো হৈছে, ইনভয়চসমূহৰ বাক আপল’ডিং আৰু আইআৰএন প্ৰস্তুতৰ অৰ্থে অফলাইন টুলৰ ব্যৱহাৰ। প্ৰায় ১৫% কৰদাতাই আইআৰএন প্ৰস্তুতৰ অৰ্থে অফলাইন টুলটো ব্যৱহাৰ কৰে আৰু ৮৫%ই এপিআইৰ জৰিয়তে সংহত কৰে।

অনাগত দিনসমূহত চৰকাৰখনে কৰদাতাসকলৰদ্বাৰা আইআৰএন প্ৰস্তুতৰ অৰ্থে সমুদায় টাৰ্ণ অ’ভাৰ ১০০ কোটি টকালৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰি আছে। ইতিমধ্যে এনআইচিয়ে এনে কৰদাতাসকলৰ বাবে এপিআই আৰু অফলাইন টুল নিৰ্ভৰ ট্ৰায়েল চাইট কাৰ্যক্ষম কৰি তুলিছে আৰু এই কৰদাতাসকলৰপৰা ই-ইনভয়চৰ প্ৰস্তুত প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি যুগুত কৰিছে।

ক্ষুদ্ৰ কৰদাতাসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, যিসকলে এদিনত ৫-১০ বি২বি ইনভয়চ প্ৰস্তুত কৰাটো আৱশ্যকীয়, তেওঁলোকৰ বাবে এনআইচিয়ে অফলাইন এক্সেল নিৰ্ভৰ আইআৰএন প্ৰিপেৰেশ্যন আৰু আইআৰএন প্ৰিন্টিং টুলো যুগুত কৰি উলিয়াইছে যাৰ জৰিয়তে তেওঁলোকে ইনভয়চ সৱিশেষ জানিব, এনআইচি আইআৰএন পৰ্টেলত আপল’ড কৰিবলৈ ফাইল সাজু, কিউআৰ ক’ডসহ আইআৰএন ডাউনল’ড আৰু কিউআৰ ক’ডসহ ই-ইনভয়চ প্ৰিন্ট কৰিবলৈ সক্ষম হ’ব।

বৰ্তমান, ৫০০ কোটি টকাৰো অধিক সামগ্ৰিক টাৰ্ণঅ’ভাৰৰ ব্যৱসায়, জিএছপি আৰু চমু তালিকাৰ্ভুক্ত ইআৰপিৰ অৰ্থে এপিআই ইন্টাৰফেচ ব্যৱহাৰেৰে আইআৰএন প্ৰস্তুতৰ সুবিধা আগবঢ়োৱা হৈছে। এতিয়া, ই-ৱে বিল এপিআই ইন্টাৰফেচ ব্যৱহাৰেৰে কৰদাতাসকললৈ প্ৰত্যক্ষ অন্তৰ্ভুক্তি আগবঢ়োৱা হ’ব। সাধাৰণতে, বৃহৎ ব্যৱসায়সমূহে ইনভয়চসমূহ প্ৰস্তুতৰ অৰ্থে তেওঁলোকৰ যোগানধাৰী আৰু ক্লাইন্টসকলক তেওঁলোকৰ ইআৰপি/এছএপি প্ৰণালী ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব। সেয়েহে, তেওঁলোককক তেওঁলোকৰ সংহত চেনেলসমূহ যাতে তেওঁলোকৰ যোগানধাৰী আৰু ক্লাইন্টসকলে ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে প্ৰস্তুত কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

**********

RCJ/M/SB



(Release ID: 1669607) Visitor Counter : 192