ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰেলৱেৰ বাবে অক্টোবৰ, ২০২০ মাহত আয় আৰু ল’ডিঙৰ ক্ষেত্ৰত মালৰ ভাড়াৰ পৰিসংখ্যাৰ উৰ্ধ্বমুখী গতি অব্যাহত

যোৱা বৰ্ষৰ একে সময়ৰ তুলনাত ল’ডিং ১৫% বৃদ্ধিৰ সমান্তৰালভাৱে যোৱা বৰ্ষৰ একে সময়ৰ তুলনাত মালৰ ভাড়াৰপৰাও ৯% অধিক আয়

অক্টোবৰ, ২০২০ মাহত, ভাৰতীয় ৰেলৱেৰ ল’ডিং ১০৮.১৬ নিযুত টন যি যোৱা বৰ্ষৰ একে সময়তকৈ ১৫% অধিক (৯৩.৭৫ নিযুত টন)

মালৰ ব্যৱসায় শক্তিশালী আৰু বৰ্ধনৰ অৰ্থে শীৰ্ষ লো ও তীখা, চিমেন্ট, শক্তি, কয়লা, অট’ম’বাইল আৰু ল’জিষ্টিক সেৱা প্ৰদানকাৰীসকলেৰে ৰেল মন্ত্ৰালয়ৰ বৈঠক

Posted On: 01 NOV 2020 1:36PM by PIB Guwahati

ভাৰতীয় ৰেলৱেৰ বাবে অক্টোবৰ, ২০২০ মাহত আয় আৰু লডিঙৰ ক্ষেত্ৰত মালৰ ভাড়াৰ পৰিসংখ্যাৰ উৰ্ধ্বমুখী গতি অব্যাহত আছে।

যুদ্ধকালীন গতিৰে, অক্টোবৰ, ২০২০ মাহৰ বাবে ভাৰতীয় ৰেলৱেৰ মালৰ লডিং যোৱা বৰ্ষৰ একে সময়ৰ লডিং আৰু আয়ৰ তুলনাত বৃদ্ধি পাইছে।

অক্টোবৰ, ২০২০ মাহত, ভাৰতীয় ৰেলৱেৰ লডিং ১০৮.১৬ নিযুত টন যি যোৱা বৰ্ষৰ একে সময়ৰ লডিঙতকৈ ১৫% অধিক (৯৩.৭৫ নিযুত টন)। এই সময়ছোৱাত মালৰ লডিঙৰপৰা ভাৰতীয় ৰেলৱেৰ আয় হয় ১০৪০৫.১২ কোটি টকা। যাৰ পৰিমাণ যোৱা বৰ্ষৰ একে সময়ৰ আয়তকৈ ৮৬৮.৯০ কোটি (৯%) টকা অধিক। যোৱা বৰ্ষৰ এই সময়খিনিত আয় হৈছিল ৯৫৩৬.২২ কোটি টকা।

অক্টোবৰ, ২০২০ মাহত ভাৰতীয় ৰেলৱেৰ ল’ডিং হয় ১০৮.১৬ নিযুত টন। ইয়াৰে ৪৬.৯৭ নিযুত টন কয়লা, ১৪.৬৮ নিযুত টন লো, ৫.০৩ নিযুত টন খাদ্যশস্য, ৫.৯৩ নিযুত টন সাৰ আৰু ৬.৬২ নিযুত টন চিমেন্ট (ধাতুমলক বাদ দি)।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰেলৱে মালৰ সৰবৰাহক অতিশয় আকৰ্ষণীয় কৰি তুলিবলৈ ভাৰতীয় ৰেলৱেয়ে ৰেহাইৰ সুবিধা প্ৰদান কৰিছে।

অনাগত সময়ছোৱাত মালৰ সৰবৰাহক আনুষ্ঠানিক ৰূপ প্ৰদান কৰা হ’ব আৰু অতি কম সময়ৰ ভিতৰতে ইয়াক অধিক সংঘবদ্ধ কৰি তোলা যাব।

তদুপৰি, নতুন ব্যৱসায়ক আকৰ্ষিত কৰিবলৈ আৰু বৰ্তমানে থকা ক্লাইন্টক ইনচেনটিভ প্ৰদানৰ অৰ্থে শীৰ্ষ লো ও তীখা, চিমেন্ট, শক্তি, কয়লা, অটবাইল আৰু লজিষ্টিক সেৱা প্ৰদানকাৰীসকলেৰে ৰেল মন্ত্ৰালয়ৰ বৈঠক অনুষ্ঠিত হৈছে।

ইয়াৰোপৰি, পঞ্জাৱত মাল সেৱা অৱৰোধ সত্বেও মাণ্ডলিক ও সংমণ্ডল পৰ্যায়ত বিজনেছ ডেভলপমেন্ট ইউনিটসমূহৰদ্বাৰা ফ্ৰেইট স্পীড দুগুণ বৃদ্ধিয়ে বহনক্ষম বিকাশত বৰঙণি যোগান ধৰিছে।

’ভিড ১৯ মহামাৰীক ভাৰতীয় ৰেলৱেয়ে সৰ্বতোপ্ৰকাৰ কাৰ্যক্ষমতা আৰু প্ৰদৰ্শনৰ অৰ্থে এটা সুযোগ হিচাপে ব্যৱহাৰ কৰে।

*****

DJN/SB



(Release ID: 1669371) Visitor Counter : 165