ৰাষ্ট্ৰপতি সচিবালয়

জন্ম বাৰ্ষিকীত চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি ভাৰতৰ ৰাষ্ট্ৰপতিৰ

Posted On: 31 OCT 2020 12:37PM by PIB Guwahati

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে আজি (৩১ অক্টোবৰ, ২০২০) ৰাষ্ট্ৰপতি ভৱনত তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই। ৰাষ্ট্ৰপতিগৰাকী আৰু ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া-বৰ্গই চৰ্দাৰ বল্লভভাই পেটেলৰ এখনি প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

পূৰ্বে পুৱাৰ ভাগত, ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন দিল্লীৰ চৰ্দাৰ পেটেল চ’কত উপস্থিত হৈ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধা জনাইগৈ।

*****

VRRK/AKP/SB



(Release ID: 1669214) Visitor Counter : 122