স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

চিকিৎসা শিক্ষাৰ সংস্কাৰৰ দিশত বৃহৎ পদক্ষেপ

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ''বাৰ্ষিক এমবিবিএছ প্ৰৱেশ নিয়মাৱলী (২০২০)ৰ বাবে ন্যুনতম আৱশ্যকতা'' অধিসূচিত কৰে

Posted On: 31 OCT 2020 4:48PM by PIB Guwahati

ৰাষ্ট্ৰীয় চিকিসা আয়োগে বহনযোগ্য চিকিসা শিক্ষাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি নিজৰ প্ৰথম প্ৰধান নিয়মাৱলী অধিসূচিত কৰিছে। আজি জাৰি কৰা অধিসূচনা ''বাৰ্ষিক এমবিবিএছ প্ৰৱেশ নিয়মাৱলী (২০২০)ৰ বাবে ন্যুনতম আৱশ্যকতা''ই তকালীন ভাৰতীয় চিকিসা পৰিষদৰ ''মেডিকেল কলেজসমূহৰ বাবে ন্যুনতম মানক আৱশ্যকতা, ১৯৯৯ (৫০/১০০/১৫০/২০০/২৫০ বাৰ্ষিক প্ৰৱেশ)''ৰ স্থান লয়।

 

এই নতুন নিয়মাৱলী সেই সকলো নতুন মেডিকেল কলেজৰ বাবে প্ৰযোজ্য হ'ব, যাৰ স্থাপনৰ প্ৰস্তাৱ আছে আৰু যি পূৰ্বে স্থাপিত কৰা হৈছে তথা একাডেমিক বৰ্ষ ২০২১-২২ৰ পৰা নিজৰ বাৰ্ষিক এমবিবিএছ প্ৰৱেশ সংখ্যা বৃদ্ধি কৰিবলৈ ইচ্ছুক। কিছু কালৰ বাবে স্থাপিত মেডিকেল কলেজ এই অধসূচনাৰ পূৰ্বে প্ৰযোজ্য প্ৰাসংগিক নিয়মৰ দ্বাৰা প্ৰশাসিত হ'ব।

 

নতুন মানক প্ৰতিষ্ঠানসমূহৰ ক্ৰিয়াত্মক আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিভাষিত কৰা হৈছে আৰু ই উপলব্ধ সম্পদৰ উন্নত ব্যৱহাৰ আৰু তাত ৰেহাই দিয়াৰ অনুমতি প্ৰদান কৰে তথা আধুনিক শিক্ষা প্ৰযুক্তিৰ সম্পদৰ ব্যৱহাৰ কৰি মানদণ্ডপূৰ্ণ শিক্ষা আহৰণ কৰাৰ দিশত সুবিধা প্ৰদান কৰে, যদিও এনেকুৱা সম্পদৰ সংখ্যা কম।

 

মহত্বপূৰ্ণ পৰিৱৰ্তনঃ

নতুন নিয়মাৱলীত এখন মেডিকেল কলেজ আৰু তাৰ সৈতে সম্পৰ্কযুক্ত শৈক্ষিক হাস্পতাল (সকলো ঘৰ থকা ভবন উপ-নিয়মৰ অনুৰূপ হোৱাৰ আশা কৰা হৈছে)ৰ বাবে আৱশ্যকীয় ভূমিৰ মাত্ৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰা হৈছে। এই অধিসূচনা চিকিসা প্ৰতিষ্ঠানত সকলো ছাত্ৰকেন্দ্ৰিক ক্ষেত্ৰ আৰু আৱশ্যকীয় ক্ৰিয়াত্মক ক্ষেত্ৰসমূহৰ স্থানৰ ন্যূনতম আৱশ্যকতাসমূহ পৰিভাষিত কৰিছে। এই মানকসমূহত সকলো বিভাগৰ দ্বাৰা উপলব্ধ সকলো শৈক্ষিক স্থানক পৰামৰ্শ দিয়াৰ কথা কোৱা হৈছে। আৰু ইয়াৰ জৰিয়তে সম্পূৰ্ণ শিক্ষা ক্ষেত্ৰখনক ই-লাৰ্নিঙৰ বাবে সক্ষম কৰি তোলা আৰু এখনে আনখনৰ সৈতে ডিজিটেল পদ্ধতিৰে সংযুক্ত হোৱাটো অনিবাৰ্য কৰা হৈছে।

 

নতুন নিয়মাৱলীৰ জৰিয়তে এতিয়া ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিবলৈ সম্পূৰ্ণৰূপে সুসজ্জিত এক ''কৌশল প্ৰয়োগশালা'' থকা দৰকাৰ। ই মেডিকেল চিকিসা অনুষ্ঠানক শৈক্ষিক ক্ষেত্ৰত চিকিসা শিক্ষকসকলৰ প্ৰশিক্ষণৰ ৰূপত পৰিভাষিত কৰিছে। গ্ৰন্থাগাৰৰ বাবে আৱশ্যকীয় স্থান আৰু গ্ৰন্থ তথা পত্ৰিকাৰ সংখ্যা যুক্তিসংগত কৰি ইয়াত আৰু কিছু হ্ৰাস কৰা হৈছে। সম্প্ৰতি চিকিসা ছাত্ৰ-ছাত্ৰী আৰু হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ বৰ্ধিত দুঃচিন্তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ পৰামৰ্শ সেৱাও অনিবাৰ্য কৰা হৈছে।

 

এই নিয়মাৱলীত এই কথাক মান্যতা দিয়া হৈছে যে এক উন্নত পদ্ধতিৰে কাম কৰি থকা হাস্পতাল চিকিসা প্ৰশিক্ষণৰ প্ৰধান আধাৰ আৰু এতিয়া ইয়াত নতুন মেডিকেল কলেজ স্থাপনৰ বাবে আবেদনৰ সময়ত কমেও দুবছৰ ধৰি সম্পূৰ্ণৰূপে সঞ্চালিত ৩০০ বিছনাযুক্ত মাল্টি-স্পেছিয়েলিটী হাস্পতালৰ উপলব্ধতা অনিবাৰ্য কৰা হৈছে। শিক্ষণ হাস্পতালৰ বিভিন্ন বিভাগত আৱশ্যকীয় বিছনাৰ সংখ্যা ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক প্ৰৱেশ সংখ্যাৰ আধাৰত যুক্তিসংগত কৰা হৈছে।

 

নতুন নিয়মাৱলীত শিক্ষণ ফেকাল্টীৰ মানব সম্পদকো যুক্তিসংগত কৰা হৈছে। ইয়াৰ জৰিয়তে ন্যূনতম নিৰ্দ্ধাৰিত ফেকাল্টী, ভিজিটিং ফেকাল্টীৰ ব্যৱস্থাও প্ৰশিক্ষণ মানদণ্ড অনুসৰি বঢ়োৱা হৈছে।

 

স্নাতক মেডিকেল ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণৰ বাবে সকলো মেডিকেল কলেজ হাস্পতালত এতিয়া দুটা নতুন শৈক্ষিক বিভাগ থকাটো অনিবাৰ্য কৰা হৈছে। ইয়াত জৰুৰীকালীন চিকিসা সেৱা (আগৰ কেজুৱেল্টি বিভাগৰ স্থানত) অন্তৰ্ভুক্ত আছে আৰু ই জৰুৰীকালীন স্থিতি, বিশেষকৈ ট্ৰমাৰ দৰে স্থিতিত উচিত প্ৰক্ৰিয়া আৰু ৰোগী সোনকালে গৈ পোৱাটো সুনিশ্চিত কৰিব। ইয়াৰ উপৰিও শাৰীৰিক চিকিসা আৰু পুনৰ্বাস বিভাগে ৰোগীৰ ব্যাপক পুনৰ্বাসৰ ক্ষেত্ৰত থকা ব্যৱধান নোহোৱা কৰিবলৈ যথেষ্ট সহায়ক হ'ব।

 

এই নিয়মাৱলীত ন্যূনতম আৱশ্যকতা অনুসৰি ''বাঞ্ছনীয়'' আৰু ''আশানুৰূপ'' লক্ষ্যসমূহো চিহ্নিত কৰা হৈছে, যাতে চিকিসা প্ৰতিষ্ঠানসমূহক উকৃষ্টতা আহৰণ কৰিবৰ বাবে উসাহিত কৰিব পৰা যায়। এই তথ্যসমূহৰ ব্যৱহাৰ ৰাষ্ট্ৰীয় চিকিসা আয়োগে দেশত চিকিসা প্ৰতিষ্ঠানসমূহক ৰেটিং দিয়াৰ সময়ত কৰিব।

 

*******

MV/SJ



(Release ID: 1669210) Visitor Counter : 190