প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ কেৱডিয়াত একতা দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশ গ্ৰহণ

একতা শপত পৰিচালনা আৰু একতা দিৱস পেৰেডত অংশ গ্ৰহণ

নিজৰ সাৰ্বভৌমত্ব আৰু সমন্বয় ৰক্ষা কৰিবলৈ ভাৰত সম্পূৰ্ণৰূপে সাজুঃ প্ৰধানমন্ত্ৰী

এক শক্তিশালী আত্মনিৰ্ভৰ ভাৰতৰ বাবে ১৩০ কোটি ভাৰতীয়ই কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী

Posted On: 31 OCT 2020 11:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'লৌহ পুৰুষ' চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীৰ স্মৰণত গুজৰাটৰ কেৱডিয়াত আয়োজিত একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ ষ্টেছ্যু অব ইউনিটীত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু এই উপলক্ষে একতা শপত বাক্য পাঠত ভাগ লোৱাৰ লগতে একতা দিৱসৰ পেৰেড প্ৰত্যক্ষ কৰে।

 

অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱডিয়াৰ সুসংহত উন্নয়নৰ বাবে একাধিক প্ৰকল্পৰ সূচনা কৰা হৈছে। ইয়াৰ মাধ্যমেৰে এই অঞ্চলত পৰ্যটন ক্ষেত্ৰত বিকাশ ঘটিব। তেওঁ কয় যে এতিয়াৰ পৰা পৰ্যটকসকলে ষ্টেছ্যু অব ইউনিটী পৰিদৰ্শনৰ বাবে ছী প্লে'ন (সমুদ্ৰ বিমান) পৰিসেৱাৰ মাধ্যমত চৰ্দাৰ চাহেব দৰ্শনৰ সুযোগ পাব।

 

মহৰ্ষি বাল্মিকীৰ ৰচিত সাংস্কৃতিক ঐক্য

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি আমি যি ভাৰতবৰ্ষ দেখিছো, কেইবা শতাব্দীৰ আগতে আদিকবি মহৰ্ষি বাল্মিকীয়ে ভাৰতক তাতকৈও আৰু অধিক শক্তিশালী প্ৰাণৱন্ত আৰু সাংস্কৃতিকভাৱে ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিছিল। কাকতালীয়ভাৱে ক'লেও আজি বাল্মিকীৰ জন্মজয়ন্তী আৰু একতা দিৱস। এই দুয়োটা বিষয় একেদিনাই হোৱাত উচ্ছ্বাস প্ৰকাশ কৰে শ্ৰী মোদীয়ে। বৰ্তমান মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশৰ সন্মিলিত শক্তি আৰু ইচ্ছাৰ অভূতপূৰ্ব সমিলমিলৰ বাবে তেওঁ আনন্দ প্ৰকাশ কৰে।

 

ঐক্যৰ নতুন মাত্ৰা

প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া কাশ্মীৰে এক নতুন উন্নয়নৰ পথত যাত্ৰা আৰম্ভ কৰিছে। সমস্ত বাধাক অতিক্ৰম কৰি কাশ্মীৰে এতিয়া উন্নয়নৰ পথত আগুৱাই গৈছে। তেওঁ লগতে কয় যে আজি দেশত ঐক্যৰ নতুন মাত্ৰা প্ৰতিষ্ঠিত হৈছে। তেওঁ উত্তৰ-পূবৰ ৰাজ্যবিলাকত পুনৰ শান্তি ওভতাই আনিবৰ বাবে গৃহীত পদক্ষেপ আৰু উন্নয়নমূলক গৃহীত উদ্যোগসমূহৰ কথা উল্লেখ কৰে।

 

তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰণ কৰি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হৈছে চৰ্দাৰ পেটেলৰ কল্পিত ভাৰতৰ সাংস্কৃতিক গৌৰৱ ওভতাই অনাৰ প্ৰয়াস।

 

আত্মনিৰ্ভৰ ভাৰত

প্ৰধানমন্ত্ৰীয়ে জনায় যে আজি ১৩০ কোটি দেশবাসী লগ হৈ শক্তিশালী আৰু সক্ষম দেশ গঠন কৰিছে, য'ত সমতাও আছে, সুযোগো আছে। তেওঁ কয় যে কেৱল এখন স্বনিৰ্ভৰ দেশতহে তাৰ অগ্ৰগতিৰ সমান্তৰালকৈ সুৰক্ষাৰ বিষয়তো আত্মবিশ্বাসী হৈ উঠিব পাৰে। তেওঁ লগতে কয় যে দেশ প্ৰতিৰক্ষাসহ বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে।

 

সীমান্ত অঞ্চলৰ বিকাশ আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সীমান্তৰ সুৰক্ষাত ভাৰতৰ দৃষ্টিভংগী আৰু মনোভাব সলনি হৈছে। প্ৰতিবেশী দেশসমূহক সমালোচনা কৰি তেওঁ কয় যে ভাৰতৰ মাটিত যিসকলে নজৰ দিছে তেওঁলোকে আজি যোগ্য প্ৰত্যুত্তৰ পাইছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সীমান্তত কেইবাশ কিলোমিটাৰ ৰাস্তা, কেইবা ডজন সেঁতু, একাধিক সুৰংগ স্থলপথ তৈয়াৰ কৰা হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে আজিৰ ভাৰতে নিজৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিবলৈ সম্পূৰ্ণ সাজু।

 

সন্ত্ৰাসৰ বিৰুদ্ধে একত্ৰিত

প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰয়াসৰ মাজত একাধিক সমস্যা আছে। ভাৰত আৰু সমগ্ৰ বিশ্ব আজি এই সমস্যাৰ মুখামুখি হৈছে। তেওঁ কয় যে কিছুমান মানুহে যেনেকৈ সন্ত্ৰাসবাদৰ পিছত সমৰ্থন দি আছে সেয়া আজিও বিশ্বব্যাপি উদ্বেগৰ বিষয়। তেওঁ সন্ত্ৰাসৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে বিশ্বৰ সকলো দেশ, সমস্ত দেশৰ চৰকাৰ আৰু সমস্ত ধৰ্মৰ প্ৰতি আহ্বান জনায়। শ্ৰী মোদীয়ে কয় যে শান্তি, ভ্ৰাতৃত্ব আৰু পাৰস্পৰিক শ্ৰদ্ধাৰ ভাবেই মানবতাৰ আচল পৰিচয়। তেওঁ উল্লেখ কৰে যে সন্ত্ৰাস আৰু হিংসাৰ পৰা কোনো কেতিয়াও লাভবান হ'ব নোৱাৰে। তেওঁ কয় যে অস্তিত্বৰ মাজত আমাৰ বৈচিত্ৰ্য আছে। প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে ভাৰতৰ এই ঐক্য এনে এক শক্তি যি আনক তাৰ শক্তি সম্পৰ্কে সচেতন কৰি তোলে। তেওঁলোকে এই বৈচিত্ৰ্যক আমাৰ একমাত্ৰ দুৰ্বলতা বুলি ভাবিব খোজে। তেওঁ এনেকুৱা শক্তিক চিনি ৰাখিবলৈ আৰু তাৰ পৰা সতৰ্ক হৈ থকাৰ ওপৰত জোৰ দিয়ে।

 

পুলৱামা আক্ৰমণ

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি অৰ্ধ-সামৰিক বাহিনীৰ কুচকাৱাজ চোৱাৰ সময়ত পুলৱামাৰ আক্ৰমণৰ কথা মনত পৰি যায়। তেওঁ কয় যে দেশে এই ঘটনা কেতিয়াও পাহৰিব নোৱাৰে। সাহসী সন্তানসকল গুছি যোৱাৰ ঘটনাত সমগ্ৰ দেশে শোক প্ৰকাশ কৰিছিল। তেওঁ কয় যে এই ঘটনাত যি ধৰণৰ বক্তব্য পেশ কৰা হৈছে সেয়া দেশে কেতিয়াও পাহৰিব নোৱাৰে। তেওঁ কয় যে প্ৰতিবেশী দেশৰ সংসদৰ সম্প্ৰতি বিবৃতিৰ জৰিয়তে এই ঘটনাৰ সত্যতা প্ৰকাশিত হৈছে।

 

তেওঁ দেশৰ কুৰুচীপূৰ্ণ ৰাজনৈতিক নটকক লৈ দুখ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ইয়াৰ মাজেৰে সম্পূৰ্ণ স্বাৰ্থপৰতা আৰু ঔদ্ধত্য প্ৰকাশিত হয়। পুলৱামা আক্ৰমণৰ পিছত নিজৰ ৰাজনৈতিক স্বাৰ্থত এই ঘটনাক লৈ কেনেকৈ ৰাজনীতি কৰা হৈছিল তাৰ এটা জলন্ত উদাহৰণ হ'ল এইটো। তেওঁ এনেকুৱা ৰাজনৈতিক দলক দেশৰ সুৰক্ষাৰ স্বাৰ্থত আৰু সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰিবলৈ কাম কৰিবৰ বাবে আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ স্বাৰ্থপৰতাৰ বাবে জানিশুনি বা অজানিতে দেশ বিৰোধী শক্তিৰ হাত শক্তিশালী কৰি এনেকুৱা মানুহে কেতিয়াও দেশৰ অথবা নিজৰ দলৰ কাম কৰিব নোৱাৰে। তেওঁ আৰু জোৰ দি কয় যে আমাৰ সকলোৰে বাবে সৰ্বাধিক গুৰুত্বৰ বিষয় হোৱা উচিত দেশৰ স্বাৰ্থ। তেওঁ কয় যে যেতিয়া আমি সকলোৱে আগতে সেই কথা ভাবিম তেতিয়াই আমি উন্নতি লাভ কৰিম।

 

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গুজৰাট চৰকাৰৰ পুলিচ বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ সংৰক্ষিত বাহিনী, সীমান্ত সুৰক্ষা বাহিনী, ইণ্ডো-তিব্বত সীমান্ত পুলিচ, কেন্দ্ৰীয় শিল্পাঞ্চল সুৰক্ষা বাহিনী আৰু জাতীয় সুৰক্ষা গাৰ্ডৰ বৰ্ণাঢ্য কুচকাৱাজ প্ৰত্যক্ষ কৰে। চিআৰপিএফৰ মহিলা বাহিনীয়ে কুচকাৱাজত ৰাইফল ড্ৰিলত ভাগ লয়। অনুষ্ঠানত ভাৰতীয় বিমান বাহিনীৰ জাগোৱাৰ বিমানে ফ্লাই-পাষ্ট প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশৰ আদিবাসী ঐতিহ্য সমৃদ্ধ এটা সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে।

 

*******

VRRK/AK


(Release ID: 1669209) Visitor Counter : 240