ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

দিপাৱলী উপলক্ষে উচ্চ মানদণ্ডৰ মচলিন ফেব্ৰিক মাস্ক মুকলি কেভিআইচিৰ

Posted On: 30 OCT 2020 4:52PM by PIB Guwahati

দিপাৱলী উপলক্ষে খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC) এ নতুন ফেচ মাস্ক তৈয়াৰ কৰি উলিয়াইছে। উসৱৰ বতৰত প্ৰস্তুত কৰি উলিওৱা এই খাদীৰ মাস্কত বগা আৰু ৰঙা ৰঙৰ সমাহাৰ ঘটিছে। হেপ্পী দেৱালী বুলি লিখা দুটা-তৰপবিশিষ্ট সীমিতসংখ্যক এনে ফেচ মাস্ক প্ৰস্তুত কৰা হৈছে খাঁটি মচলিন ফেব্ৰিকৰদ্বাৰা। পশ্চিম বংগৰ পৰম্পৰাগত খাদী শিল্পীসকলে হাতেৰে এই উচ্চ মানবিশিষ্ট মাস্ক প্ৰস্তুত কৰে।

আগন্তুক দিনসমূহত কেভিআইচিয়ে খ্ৰীষ্টমাছ আৰু নিউ ইয়েৰ স্পেচিয়েল মাস্কো মুকলি কৰিব।

ইতিমধ্যে কেভিআইচিয়ে মুকলি কৰি দিয়া দুটা তৰপৰ খাদী কটন আৰু তিনিটা তৰপৰ ছিল্ক মাস্কৰ প্ৰতি জনসাধাৰণৰ অকুণ্ঠ সঁহাৰিৰ পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে মচলিন ফেচ মাস্ক মুকলি কৰা হৈছে। এতিয়ালৈকে কেভিআইচিয়ে ছয় মাহতকৈয়ো কম সময়ৰ ভিতৰত সমগ্ৰ দেশখনত ১৮ লাখতকৈয়ো অধিক ফেচ মাস্ক বিক্ৰী কৰিছে।

দিপাৱলী মচলিন ফেচ মাস্ক একোখনৰ মূল্য ৭৫ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু দিল্লীস্থিত খাদী আউটলেট আৰু কেভিআইচিৰ ই-পৰ্টেল www.khadiindia.gov.in ৰ যোগেদি অনলাইনত বিক্ৰীৰ অৰ্থে উপলব্ধ হৈছে।

আন প্ৰকাৰৰ খাদী ফেচ মাস্কৰ দৰে, মচলিন ফেচ মাস্কো হৈছে ছালৰ বাবে অনুকূল, ধুই পেলাব পৰা, পুনৰ ব্যৱহাৰযোগ্য আৰু বাঅ’-ডিগ্ৰেডেবল তথা সাশ্ৰয়ী। ইয়াক সকলো শ্ৰেণীৰ লোকেই ক্ৰয় কৰিবলৈ সক্ষম হোৱাকৈ মূল্য নিৰ্ধাৰণ কৰা হৈছে। দুটা তৰপবিশিষ্ট খাঁটি বগা মচলিন ফেব্ৰিকেৰে এই ফেচ মাস্ক প্ৰস্তুত কৰা হয়। সৱৰ সৈতে খাপ খুৱাকৈ ইয়াত ৰঙা পাইপিঙৰ সংযোজন ঘটোৱা হৈছে।

কেভিআইচিৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ চেক্সেনাই কয়, এই দুতৰপীয়া দিপাৱলী ফেচ মাস্কৰ মূল্য ন্যূনতম কৰা হৈছে যদিও ইয়াৰ মানদণ্ড উন্নত। ই হৈছে উসৱ উদযাপন কৰিবলৈ যাওঁতে জনসাধাৰণক মহামাৰীৰপৰা ৰক্ষা কৰিবলৈ কেভিআইচিৰ আন এটা প্ৰচেষ্টা।ৰোগৰ সংক্ৰমণৰপৰা জনসাধাৰণক ৰক্ষা কৰাৰ উপৰিও, কেভিআইচিয়ে নিৰৱচ্ছিন্নভাৱে দেখিবলৈ শুৱনি ফেচ মাস্ক প্ৰস্তুত কৰি আহিছে। শেহতীয়া এই মচলিন ফেব্ৰিক ফেচ মাস্ক হৈছে আমাৰ ভিন্ন প্ৰকাৰৰ ফেচ মাস্কৰ সমাহাৰটোত নতুন সংযোজন। ইয়াত ইতিমধ্যে কটন আৰু ছিল্ক মাস্কৰ সংযোজন ঘটিছে। একে সময়তে, ই খাদী শিল্পীসকলৰ অৰ্থে অতিৰিক্ত নিয়োগ সৃষ্টি কৰিছে, চেক্সেনাই কয়।

এই ফেচ মাস্ক প্ৰস্তুত কৰিবলৈ উক্ত ফেব্ৰিক বাচনি কৰি লোৱাৰ কাৰণ এয়ে যে ই বায়ু চলাচলত বিশেষ সহায় আগবঢ়াব পাৰে। ইয়াৰ বাবেই এই মাস্কবিধ অধিক বিশেষ হৈ পৰিছে। ই হৈছে অতিশয় পাতল আৰু ছালৰ বাবে উপযোগী তথা দীৰ্ঘ-ম্যাদীভাৱে ব্যৱহাৰযোগ্য।

****

RCJ/RNM/IA/SB



(Release ID: 1668985) Visitor Counter : 213