প্ৰতিৰক্ষা মন্ত্ৰালয়

ইণ্টাৰনেট (এছএআই)ৰ বাবে সুৰক্ষিত এপ্লিকেশ্যন মুকলি কৰিলে ভাৰতীয় সেনাবাহিনীয়ে

Posted On: 29 OCT 2020 12:49PM by PIB Guwahati

আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্যেৰে ভাৰতীয় সেনাবাহিনীয়ে ছিকিউৰ এপ্লিকেশ্যন ফৰ ইন্টাৰনেট (এছএআই)নামৰ এটি সহজ, সুৰক্ষিত বার্তা প্রেৰণৰ এপ্লিকেশ্যন প্ৰস্তুত কৰি উলিয়াইছে। এই এপ্লিকেশ্যনটোৱে ইন্টাৰনেটৰ এণ্ড্ৰইড প্লেটফর্মত সুৰক্ষিতভাৱে ভইচ, টেক্সট আৰু ভিডিঅ কলিং সেৱা প্রদান কৰিব। এই মডেলটো বাণিজ্যিকভাৱে উপলব্ধ হোৱাটছএপ, টেলিগ্রাম, সংবাদ আৰু জিআইএমএছৰ দৰে একে আৰু এণ্ড টু এণ্ড এনক্রিপশ্যন বার্তা প্ৰটকল ব্যৱহাৰ কৰে। এছএআই-এ স্থানীয় ইন-হাউচ ছাৰ্ভাৰ আৰু কোডিঙৰ সৈতে সুৰক্ষা সুবিধাৰ ওপৰত কাম কৰে যাক প্ৰয়োজন অনুসৰি সলনি কৰিব পাৰি।

 

এপ্লিকেশ্যনটো চিইআৰটি-ইন এম্পেনেলড অডিটৰ আৰু আর্মি চাইবাৰ গ্রুপে পৰীক্ষা কৰি চাইছে। বৌদ্ধক সম্পত্তি অধিকাৰ, এনআইচি আন্তঃগাঁথনি নির্মাণ, আইঅএছ প্লেটফর্মত কামৰ ক্ষেত্রত এই এপ্লিকেশ্যনটো বিশেষ তাপর্যপূর্ণ। এই সেৱাৰ মাধ্যমেৰে নিৰাপদে বার্তা প্রেৰণ কৰা সম্ভৱ। সেনাবাহিনীৰ সকলো কাম-কাজত এই সেৱা ব্যৱহাৰ কৰা হব।

 

প্রতিৰক্ষা মন্ত্রীয়ে এই এপৰ কার্যপ্রণালী পর্যালোচনা কৰে। এই এপ্লিকেশ্যন প্ৰস্তুত কৰা আৰু তেওঁৰ দক্ষতাৰ বাবে কৰ্ণেল ছাই শংকৰক বিশেষভাৱে ধন্যবাদ জনায়।

 

 

 ********************************************************

AA/VY/KV/KG



(Release ID: 1668740) Visitor Counter : 241