পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

বিশ্বৰ তেল আৰু গেছ আৰু অন্যান্য শক্তিখণ্ডৰ মুৰব্বীসকলক ভাৰতৰ বহুসুবিধাযুক্ত শক্তি ৰূপান্তৰ কাৰ্যসূচীৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনালে ধর্মেন্দ্ৰ প্ৰধানে

Posted On: 29 OCT 2020 10:37AM by PIB Guwahati

কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ আৰু তীখা মন্ত্রী শ্রী ধর্মেন্দ্ৰ প্ৰধানে বিশ্বৰ উদ্যোগ আৰু বিশেষজ্ঞসকলক ভাৰতৰ সকলো ধৰণৰ শক্তিৰ পাদন বৃদ্ধিত সহায় কৰি ভাৰতৰ সমৃদ্ধিত অংশীদাৰ হোৱাৰ বাবে আমন্ত্ৰণ জনায়৷ চেৰাউইক ইণ্ডিয়া এনার্জি ফ’ৰামৰ সাৰমণি অধিৱেশনত কালি বিয়লি আগবঢ়োৱা ভাষণত তেওঁ কয় যে ক’ভিড-১৯ মহামাৰীয়ে বিশ্বৰ শক্তি খণ্ডত বিৰূপ প্ৰভাৱ পেলোৱাৰ সময়তে প্ৰধানমন্ত্রীৰ দ্বাৰা ইণ্ডিয়া এনার্জি ফ’ৰাম উদ্বোধনে চৰকাৰে শক্তি নিৰাপত্তাত কিমান গুৰুত্ব আৰোপ কৰি তাকে প্ৰতিফলিত কৰিছে৷

মন্ত্ৰী প্ৰধানে কয় যে আমি অতি সম্মানিত বোধ কৰিছো, কিয়নো প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰলৈ এই অনুষ্ঠান উদ্বোধন কৰে, য’ত তেওঁ শক্তিৰ সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী-ভাৰতৰ বাবে এক নতুন শক্তি মানচিত্ৰ আৰু ৭টা মুখ্য চালিকা শক্তিৰ সম্পৰ্কে ব্যাখ্যা কৰে৷

মন্ত্রীগৰাকীয়ে প্ৰধানমন্ত্রীৰ বার্তাত উল্লেখ কৰা গ্রামীণ পৰ্যায়ত সার্বজনীন বিদ্যুতীকৰণ, দেশৰ দুৰ্গম অঞ্চলত বসবাস কৰা প্ৰত্যেককে আৰু প্ৰতিটো ঘৰতে স্বচ্ছ ইন্ধন যোগান আৰু দেশজুৰি এলইডি বাল্ব যোগানৰ বৃহত্তম পদক্ষেপ যাতে প্ৰভূত পৰিমাণে শক্তিৰ পৰ্যাপ্ততাৰে দেশৰ দৰিদ্র হ্রাসত চৰকাৰৰ প্ৰতিশ্রুতিৰ কথা দোঁহাৰে৷

মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্রীয়ে অনুষ্ঠানৰ প্ৰথম দিনাই বিশ্বৰ আগশাৰীৰ তেল আৰু গেছ কোম্পানীৰ চিইঅ’/বিশেষজ্ঞ আৰু নেতাসকলৰ সৈতে আলোচনা কৰাৰ লগতে ভাৰতৰ শক্তি খণ্ডক লৈ মত বিনিময় কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্রীয়ে চৰকাৰী নীতিৰ মূল অংশ যেনে সকলো ভাৰতীয়ক সুলভ স্বচ্ছ আৰু দীর্ঘম্যাদী শক্তিৰ সমান বিতৰণৰ কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে চৰকাৰে ভাৰতক আকর্ষণীয় গন্তব্যস্থান হিচাপে গঢ় দিয়াত একাধিক নীতি সংস্কাৰ কৰিছে। প্ৰধানমন্ত্রীয়ে লগতে কয় যে আত্মনির্ভৰ ভাৰতে বিশ্ব অর্থনীতিৰ বৃদ্ধিত এক শক্তি হিচাপে থিয় দিব৷

মন্ত্ৰী প্ৰধানে কয় যে ভাৰতৰ তেল আৰু গেছ উদ্যোগে চলিত বৰ্ষত গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছে। এনে সমস্যাজৰ্জৰ সময়ত উদ্যোগ খণ্ডই প্ৰশংসনীয় উপায়েৰে পৰিস্থিতিৰ মোকাবিলা কৰিছে। যেনে শক্তি যোগান সুনিশ্চিত কৰি দেশৰ দূর্গম স্থানত ৰন্ধন গেছ বিতৰণ কৰা৷ তেওঁ লগতে কয়মই আত্মবিশ্বাসী যে ভাৰতৰ তেল আৰু গেছ উদ্যোগৰ মুৰব্বীসকলে ইয়াত কেৱল তেওঁলোকৰ অভিজ্ঞতাকে শ্বেয়াৰ নকৰে, বৰঞ্চ এই ফ’ৰামৰ পৰা নতুন ধাৰণাও পাব৷

মন্ত্রীগৰাকীয়ে কয় যে প্ৰধানমন্ত্রীৰ সিদ্ধান্তমূলক আৰু দূৰদৃষ্টিসম্পন্ন নেতৃত্বত আমি ক’ভিডৰ সময়ত আৰু ক’ভিডৰ পাছৰ সময়ত ভাৰতত অর্থনীতিৰ বৃদ্ধিত শক্তি খণ্ডৰ অৱদানত সন্মিলিত প্ৰয়াস আৰু প্ৰয়োজনীয় পদক্ষেপ হাতত লৈছে৷ তেওঁ কয় যে বিশ্বই অভূতপূর্ব স্বাস্থ্য সংকটৰ মাজেৰে আগবাঢ়িছে আৰু ক’ভিড মহামাৰীয়ে বিশ্বৰ অর্থনৈতিক বিকাশ ব্যাহত কৰিছে। শ্রী প্ৰধানে লগতে কয়,আমি এনে এক ক্ষণত উপনীত হৈছো, য’ত আন্তঃৰাষ্ট্ৰীয় শক্তি খণ্ডত যোগান শৃংখলত ক’ভিডৰ বিৰূপ প্ৰভাৱৰ মূল্যায়ন কৰাৰ লগতে ভাৰতৰ শক্তিৰ খণ্ডৰ বৃদ্ধিৰ লক্ষ্যৰে আমি কাম কৰিব লাগিব৷

মন্ত্ৰী প্ৰধামে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ছৌদি আৰৱৰ শক্তিমন্ত্রী যুৱৰাজ আব্দুলাজিজ, মার্কিন যুক্তৰাষ্ট্রৰ শক্তি সচিব ডান ব্রুলেট্টেক, বিত্তমন্ত্রী শ্রীমতী নির্মলা সীতাৰমণ আৰু ৰে’ল, বাণিজ্য আৰু উদ্যোগ মন্ত্রী শ্রী পীযূষ গোৱেল ধন্যবাদ জনায়৷ তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী প্ৰধানে ড০ য়াৰগিনৰদ্য নিউ মেপনামৰ এখন  গ্ৰন্থও উন্মোচন কৰে৷

*****

YB/DB



(Release ID: 1668710) Visitor Counter : 168