PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 29 OCT 2020 6:07PM by PIB Guwahati

((বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে পৰীক্ষণৰ সংখ্যা; বিগত ৯টা দিনত অনুষ্ঠিত কৰা হৈছে ১ কোটি পৰীক্ষণ

 

ভাৰতত জানুৱাৰী ২০২০ৰ পৰা ক’ভিড-১৯ৰ পৰীক্ষণৰ আন্তঃগাঁথনিৰ ক্ৰমান্বয়ে উন্নতি হৈছে৷ দেশত পৰীক্ষণৰ সামৰ্থও বৃদ্ধি পাবলৈ ধৰিছে৷ প্ৰতিদিনে প্ৰায় ১৫ লাখ পৰীক্ষণ সম্পন্ন হ’ব ধৰিছে৷ বিগত ২৪ ঘণ্টাত ১০,৭৫,৭৬০টা পৰীক্ষণ সম্পন্ন হৈছে৷ মুঠ পৰীক্ষণৰ সংখ্যা ১ কোটিৰ সীমা (১০,৬৫,৬৩,৪৪০) অতিক্ৰম কৰিছে৷ আজি সক্ৰিয় ৰোগীৰ সংখ্যাই ৬,০৩,৬৮৭ৰ সীমা স্পৰ্শ কৰিছে৷ মুঠ আৰোগ্যৰ সংখ্যাই ৭৩ লাখৰ সীমা অতিক্ৰম কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ড০ হৰ্ষ বৰ্ধনে তামিলনাডুত ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সঠিক প্ৰস্তুতিৰ বুজ লয়

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কোভিড-১৯ৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সঠিক প্ৰস্তুতি আৰু কোভিডৰ উপযুক্ত আচৰণ নিশ্চিত কৰিব পৰা ব্যৱস্থাসমূহৰ বুজ লবলৈ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এখন বৈঠকত অংশ লয়। তামিলনাডুৰ স্বাস্থ্য আৰু মেডিকেল শিক্ষা মন্ত্ৰী ড০ চি. বিজয়াবাস্কৰ আৰু ৰাজ্যখনৰ অন্যান্য জেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁ বৈঠকত মিলিত হয়।

কোভিডৰ বিৰুদ্ধে এক জন আন্দোলন গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি ড০ হৰ্ষ বৰ্ধনে কয়, “মাস্ক/ফেচ ক’ভাৰ ব্যৱহাৰ, সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু নিয়মীয়াকৈ হাত ধোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত নাগৰিকৰ মাজত ৰাজ্য চৰকাৰে সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। উৎসৱৰ বতৰত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ এক আশংকা আছে। গতিকে সকলোৱে পৰৱৰ্তী তিনিটা মাহ অধিক সতৰ্ক আৰু সাৱধানেৰে চলা উচিত। কেইটামান সহজ সাৱধানমূলক ব্যৱস্থা পালন কৰি আমি কৰোনাৰ সংক্ৰমণ হ্ৰাস কৰিব পাৰো। মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু সঘনাই হাত ধোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ কৰা বাৰ্তাই দেশৰ প্ৰতিগৰাকী নাগৰিকক স্পৰ্শ কৰা উচিত’।-হৰ্ষ বৰ্ধনে কয়।মন্ত্ৰীগৰাকীয়ে কয়, “কোভিড-১৯ৰ পেৰামিটাৰত দেশে উল্লেখনীয় অগ্ৰগতি অৰ্জন কৰিছে। সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,১০,৮০৩গৰাকী। ভাৰতৰ সুস্থতাৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ৯০.৮৫শতাংশ। মৃত্যুৰ হাৰো দিনক দিনে হ্ৰাস পাইছে আৰু এতিয়া এই হাৰ হ’ল ১.৫০ শতাংশ। দেশত এতিয়া ২০০০ৰো অধিক পৰীক্ষাগাৰ আছে।” দেশৰ সৈতে তামিলনাডুৰ কোভিড পেৰামিটাৰ তুলনা কৰি ড০ হৰ্ষ বৰ্ধনে কয়, “তামিলনাডুৰ সুস্থতাৰ হাৰ ৯৪.৬ শতাংশ, যি হ’ল দেশৰ সুস্থতাৰ হাৰতকৈ অধিক। মৃত্যুৰ হাৰ হ’ল ১.৫৪ শতাংশ, ই ৰাষ্ট্ৰীয় গড় পৰিসংখ্যাৰ সৈতে প্ৰায় সমান।”

অধিক বিৱৰণৰ বাবে

 

 

কেন্দ্ৰীয় স্বাস্থ্য সচিবালয়ে পশ্চিমবংগ, দিল্লী আৰু কেৰালাত ৰাজহুৱা স্বাস্থ্যৰ পদক্ষেপসমূহৰ বুজ লয়

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে ভিডিঅ’ কনফাৰেন্সযোগে পশ্চিমবংগ, কেৰালা আৰু দিল্লীত ক’ভিডৰ স্থিতিসমূহ সন্দৰ্ভত ৰাজহুৱা স্বাস্থ্য বিষয়ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে খতিয়ান লয়৷ ৰাজ্যসমূহক সামাজিক ব্যৱধান, ছেনিটাইজেছন, মাস্ক পৰিধান ইত্যাদি বিষয়সমূহত সাৱধানতামূলক পদক্ষেপ নিশ্চিত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা হয়৷

অধিক বিৱৰণৰ বাবে  

 

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে গ্ল’বেল অইল আৰু গেছ কোম্পানীসমূহক ভাৰতৰ সহযোগী হ’বলৈ আহ্বান জনাইছে

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিশ্বৰ উদ্যোগমহল আৰু তৈল উদ্যোগসমূহত ভাৰতৰ সহযোগী হ’বলৈ আহ্বান জনাইছে৷  তেওঁ কয় যে সমগ্ৰ বিশ্বই স্বাস্থ্যৰ সংকটৰ সম্মুখীন হ’বলগীয়া হোৱাত বিশ্বই অৰ্থনৈতিক স্থবিৰতাৰো সন্মুখীন হৈছে৷

অধিক বিৱৰণৰ বাবে

 

 

 

আৰোগ্য সেতু এপ সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আয়োগে গৃহীত কৰা এখন আৰটিআইৰ বাবে বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰিছে স্পষ্টীকৰণ

আৰোগ্য সেতু এপ সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আয়োগে গৃহীত কৰা এখন আৰটিআই সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচৰা হৈছে৷ ২ এপ্ৰিল ২০২০ তাৰিখে সংবাদ বিবৃতি আৰু ছ’চিয়েল মিডিয়া পোষ্টত ঘোষণা কৰা অনুসৰি আৰোগ্য সেতু এপ মুকলি কৰা হৈছিল৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই আৰোগ্য সেতুৰ এপৰ ভূমিকাক প্ৰশংসা কৰিছে৷

 

অধিক বিৱৰণৰ বাবে

 

ঘৰুৱা বাল্ক ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ নিৰ্মাণক উৎসাহিত কৰাৰ বাবে পিএলআই আঁচনিৰ নিৰ্দেশনাৱলী

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় ফাৰ্মাচিউটিকেল বিভাগে বাল্ক ঔষধ আৰু চিকিৎসা সামগ্ৰীসমূহৰ ঘৰুৱা উৎপাদনক উৎসাহিত কৰাৰ বাবে পিএলআই আঁচনিসমূহৰ নিৰ্দেশনাৱলীৰ সংশোধন কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ব্ৰিটেইন-ভাৰত অৰ্থনৈতিক আৰু বিত্তীয় বিবৃতিৰ দশম ৰাউণ্ডৰ ভাৰতীয় নেতৃবৰ্গক নেতৃত্ব প্ৰদান কৰিছে

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে সীতাৰমণে ব্ৰিটেইন-ভাৰত অৰ্থনৈতিক আৰু বিত্তীয় বিবৃতিৰ দশম ৰাউণ্ডৰ ভাৰতীয় নেতৃবৰ্গক নেতৃত্ব প্ৰদান কৰিছে৷ এই কাৰ্যসূচী কালি ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত হয়৷

অধিক বিৱৰণৰ বাবে

 

বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনৰ প্ৰশিক্ষক ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত জাৰ্মানীৰ ছাৰলৰলাক্স অ’পেনৰ পৰা নাম প্ৰত্যাহ্বাৰ কৰা হৈছে

ভাৰতৰ পুৰুষ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনৰ নাম জাৰ্মানীৰ ছাৰলৰলাক্স অ’পেনৰ পৰা প্ৰত্যাহাৰ কাৰ হৈছে কিয়নো তেওঁৰ প্ৰশিক্ষক ডি কে সেন ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ সেনে এই সন্দৰ্ভত উদ্যোক্তা মহলক এই তথ্য অৱগত কৰিছে৷

অধিক বিৱৰণৰ বাবে

বিশ্বৰ প্ৰথমখন ছাইনটুন গ্ৰন্থ ‘‘বাই বাই ক’ৰোনা’’ মুকলি কৰিছে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেনে

জন সাধাৰণে কাৰ্টুনৰ সৈতে বিশেষভাৱে আগ্ৰহ অনুভৱ কৰে৷ এই আগ্ৰহৰ বাবে বিশ্বৰ প্ৰথমখন ছাইনটুন গ্ৰন্থ ‘‘বাই বাই ক’ৰোনা’’ মুকলি কৰা হয়৷ এই গ্ৰন্থখন মুকলি কৰে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেনে৷ গ্ৰন্থখন প্ৰকাশ কৰে বিজ্ঞান প্ৰচাৰে৷

অধিক বিৱৰণৰ বাবে  

 

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ সকলো ডায়েবেটিক আৰু হাইপাৰটেনচন ৰোগীৰ মাজত সজাগতা প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন প্ৰতিৰোধাত্মক পদক্ষেপ গ্ৰহণ কৰিছে৷ এই সন্দৰ্ভত ৰোগীসকললৈ পাঞ্জাৱৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰে৷
  • হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশৰ শিক্ষা মন্ত্ৰীয়ে কালি জিঅ’ টিভিৰ বাবে তিনিটা নতুন প্ৰাথমিক, উচ্চতৰ আৰ ভকেচনেল চেনেল মুকলি কৰিছে৷ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ‘হৰ ঘৰ পাঠশালা’ শীৰ্ষক এক কাৰ্যসূচী মুকলি কৰিছে৷
  • অৰুণাচল প্ৰদেশঃ ক’ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৰাজ্যখনতকৈ ৮৫শতাংশতকৈও বৃদ্ধি পাইছে৷ ১৮৩জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ১০৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • অসমঃ অসমত বিগত ২৪ ঘণ্টাত ২৬১৫০টা পৰীক্ষণৰ ভিতৰত ৪৪৮জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷  এই পৰ্যন্ত মুঠ ২০৫২৩৭ জন লোক আক্ৰান্ত হৈছে৷
  • মেঘালয়ঃ আজি ৰাজ্যখনত ১৩৪ জন লোকে ৰোগৰ পৰা আৰোগ্য লাভ কৰে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩৬৪ জন৷
  • নাগালেণ্ডঃ নাগালেণ্ডৰ ৮৮২৪ জন ৰোগীৰ ভিতৰত ৩৮৪৩ জন সশস্ত্ৰ বাহিনীৰ লোক আছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ চৰকাৰে ৰে’লৱে কৰ্তৃপক্ষলৈ লিখা এক পত্ৰৰ অনুৰোধমৰ্মে মুম্বাইৰ স্থানীয় ৰে’লসমূহ সাধাৰণ যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে৷ মুম্বাইত বুধবাৰে ১৩৫৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৭০,৩৩৪ জন৷ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩৭২৯ জন৷
  • ৰাজস্থানঃ ৰাজস্থান চৰকাৰে চিবিএছইযুক্ত ব্যক্তিগত বিদ্যালয়সমূহক নৱম আৰু দশম শ্ৰেণীৰ বাবে টিউচন মাচুল ৩০ শতাংশ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে৷
  • মধ্য প্ৰদেশঃ ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ৮০ৰ ঊৰ্ধৰ লোক, দিব্যাংগ আৰু ক’ৰোনা ৰোগীসকলক ঘৰৰ পৰা ভোট দিয়াৰ সুবিধা প্ৰদান কৰিছে৷ ৰাজ্যখনত ১০,০৯৪ জন সক্ৰিয় ৰোগী আছে৷
  • কেৰালাঃ কেৰালাত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৩,২৬৪ জন৷ মৃ্ত্যুৰ সংখ্যাই ১৪০০ৰ সীমা অতিক্ৰম কৰিছে৷
  • তামিলনাডুঃ মুখ্যমন্ত্ৰী এডাপ্পাড়ি কে পালানিস্বামীয়ে ‘‘জন আন্দোলন’’ অভিযানৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে ৩৩খন বাহনৰ ৭খনৰ ফ্লেগ অফ কৰিছে৷
  • কৰ্ণাটকঃ প্ৰাথমিক  আৰু মাধ্যমিক শিক্ষা মন্ত্ৰী সুৰেশ কুমাৰে বিদ্যালয়সমূহক অনলাইন শ্ৰেণীকোঠাৰ নিয়মাৱলী ভংগ কৰাৰ অপৰাধত সকীয়নী প্ৰদান কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ বৃহস্পতিবাৰে ২৯৪৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ৩৬০৯ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৫০৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ১৪৩৬ জনে আৰোগ্য লাভ কৰিছে আৰু  ৫ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৩৫,৬৫৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭,৯৭৯ জন৷ ১৩২৪ জনৰ মৃত্যু হৈছে৷ ২,১৬,৩৫৩ জন লোকক মুকলি কৰি দিয়া হৈছে৷

 

ফেক্ট চেক

Image

****

YB



(Release ID: 1668604) Visitor Counter : 140