স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ড০ হৰ্ষ বৰ্ধনে তামিলনাডুত কোভিড-১৯ৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সঠিক প্ৰস্তুতিৰ বুজ লয়

‘সৰল সাৱধানমূলক ব্যৱস্থা অনুসৰণ আৰু কোভিডৰ বিৰুদ্ধে সঠিক আচৰণে কৰোনাৰ সংক্ৰমণ নিয়ন্ত্ৰণত সক্ৰিয় ভূমিকা পালন কৰিব পাৰে’

Posted On: 28 OCT 2020 7:39PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কোভিড-১৯ৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সঠিক প্ৰস্তুতি আৰু কোভিডৰ উপযুক্ত আচৰণ নিশ্চিত কৰিব পৰা ব্যৱস্থাসমূহৰ বুজ লবলৈ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এখন বৈঠকত অংশ লয়। তামিলনাডুৰ স্বাস্থ্য আৰু মেডিকেল শিক্ষা মন্ত্ৰী ড০ চি. বিজয়াবাস্কৰ আৰু ৰাজ্যখনৰ অন্যান্য জেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁ বৈঠকত মিলিত হয়।

কোভিডৰ বিৰুদ্ধে এক জন আন্দোলন গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি ড০ হৰ্ষ বৰ্ধনে কয়, মাস্ক/ফেচ ক’ভাৰ ব্যৱহাৰ, সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু নিয়মীয়াকৈ হাত ধোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত নাগৰিকৰ মাজত ৰাজ্য চৰকাৰে সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। উসৱৰ বতৰত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ এক আশংকা আছে। গতিকে সকলোৱে পৰৱৰ্তী তিনিটা মাহ অধিক সতৰ্ক আৰু সাৱধানেৰে চলা উচিত। কেইটামান সহজ সাৱধানমূলক ব্যৱস্থা পালন কৰি আমি কৰোনাৰ সংক্ৰমণ হ্ৰাস কৰিব পাৰো। মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু সঘনাই হাত ধুৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ কৰা বাৰ্তাই দেশৰ প্ৰতিগৰাকী নাগৰিকক স্পৰ্শ কৰা উচিত’।-হৰ্ষ বৰ্ধনে কয়।

মন্ত্ৰীগৰাকীয়ে কয়, কোভিড-১৯ৰ পেৰামিটাৰত দেশে উল্লেখনীয় অগ্ৰগতি অৰ্জন কৰিছে। সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,১০,৮০৩গৰাকী। ভাৰতৰ সুস্থতাৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ৯০.৮৫শতাংশ। মৃত্যুৰ হাৰো দিনক দিনে হ্ৰাস পাইছে আৰু এতিয়া এই হাৰ হ’ল ১.৫০ শতাংশ। দেশত এতিয়া ২০০০ৰো অধিক পৰীক্ষাগাৰ আছে।

দেশৰ সৈতে তামিলনাডুৰ কোভিড পেৰামিটাৰ তুলনা কৰি ড০ হৰ্ষ বৰ্ধনে কয়, তামিলনাডুৰ সুস্থতাৰ হাৰ ৯৪.৬ শতাংশ, যি হ’ল দেশৰ সুস্থতাৰ হাৰতকৈ অধিক। মৃত্যুৰ হাৰ হ’ল ১.৫৪ শতাংশ, ই ৰাষ্ট্ৰীয় গড় পৰিসংখ্যাৰ সৈতে প্ৰায় সমান।

ৰাজ্যখনত হটস্পট চিনাক্ত কৰিবলৈ তামিলনাডু চৰকাৰে আৰোগ্য সেতু এপ আৰু ‘ইতিহাস’ৰ সক্ৰিয় ব্যৱহাৰ কৰা বুলি ড০ হৰ্ষ বৰ্ধনে শলাগ লয়। ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিক লৈ সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে চেন্নাই, চেংগালপাট্টু, কোইম্বাটোৰ, থিৰুভাল্লুৰ, ছালেম, কাঞ্চীপুৰম আৰু কুড্ডালোৰ জিলাৰ বৰ্ধিত সংক্ৰমণৰ পৰিঘটনাক লৈ উদ্বিগ্নতা ব্যক্ত কৰে। সংক্ৰমণ আৰু মৃত্যুৰ পৰিঘটনা বৃদ্ধি হৈ থকা এই জিলাসমূহৰ বিষয়-ববীয়াৰ সৈতে ড০ বৰ্ধনে কথা পাতে।

****

MV/SJ/MS



(Release ID: 1668302) Visitor Counter : 124