প্ৰতিৰক্ষা মন্ত্ৰালয়

সেনাবাহিনীৰ শীৰ্ষ নেতৃত্বৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ ভাষণ

Posted On: 28 OCT 2020 7:47PM by PIB Guwahati

ভাৰতীয় সেনাবাহিনীৰ শীৰ্ষ স্থানীয় বিষয়াসকলক লৈ দ্বিবাৰ্ষিক আৰ্মি কমাণ্ডাৰ সন্মিলন আৰম্ভ হৈছে। ২৬ অক্টোবৰৰ পৰা এই সন্মিলন আৰম্ভ হৈছে, ২৯ অক্টোবৰলৈকে চলিব। এই সন্মিলনত ভাৰতীয় সেনাবাহিনীৰ শীৰ্ষস্থানীয় প্ৰতিনিধিসকলে বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি, সীমান্তৰ পৰিস্থিতি আৰু সাম্প্ৰতিক সময়ৰ বিভিন্ন দিশক লৈ আলোচনা কৰিছে। ইয়াৰ লগতে দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু প্ৰতিবন্ধকতাৰ বিষয়েও আলোচনা কৰা হৈছে। সাংগঠনিক পুনৰ গঠন, সেনাবাহিনীৰ ৰছদ সৰবৰাহ, প্ৰশাসনীয় আৰু মানৱ সম্পদ পৰিচালনা সম্পৰ্কীয় বিষয়বিলাকৰ ওপৰতো আলোকপাত কৰা হৈছে। এই সন্মিলনৰ তৃতীয় দিনা প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাবাহিনীৰ শীৰ্ষ নেতৃত্ব প্ৰদানকাৰী বিষয়াসকলক উদ্দেশ্যি বক্তব্য ৰাখে।

 

প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশৰ অন্যতম সাহসী, বিশ্বস্ত অনুপ্ৰেৰণা দায়ক সংস্থা হিচাপে ভাৰতীয় সেনাবাহিনীৰ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে আমাৰ দেশৰ সীমান্ত ৰক্ষা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সেনাবাহিনীয়ে এক দৃষ্টান্তমূলক ভূমিকা পালন কৰি আহিছে। চৰকাৰ আৰু প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক যথাযথ সহায় কৰাৰো আহ্বান জনায় তেওঁ। প্ৰতিৰক্ষা মন্ত্ৰীজনে কয়, ''কোভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ভূমিকা প্ৰশংসনীয়।'' তেওঁ জনায় যে ভাৰতীয় সেনাবাহিনীৰ মূল লক্ষ্যই হ'ল দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা।

 

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে দেশৰ মাতৃভূমি ৰক্ষাত কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত গালৱানত ভাৰতীয় সেনাবাহিনীয়ে যি বীৰ-পৰাক্ৰমেৰে আত্মোৎসৰ্গা কৰিলে, তাৰ বাবে সেই সাহসী যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। তেওঁ কয়, ''বিদেশৰ সেনাবাহিনীৰ সৈতে স্থায়ী সহযোগিতামূলক সম্পৰ্ক গঢ়ি তুলি দেশৰ জাতীয় সুৰক্ষাৰ স্বাৰ্থক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা কূটনীতিত ভাৰতীয় সেনাবাহিনীয়ে গুৰুত্বপূৰ্ণ অবদান ৰাখিছে।''

 

তেওঁ দেশৰ উত্তৰ সীমান্তৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি জনায় যে সেনাবাহিনী দৃঢ়তাৰে উদ্ভূত পৰিস্থিতিৰ মোকাবিলাৰ বাবে প্ৰস্তুত হৈ আছে। সমান্তৰালভাৱে সংকটৰ সমাধানৰ ক্ষেত্ৰত শান্তিপূৰ্ণ আলোচনা কৰাৰ বাবে প্ৰস্তুত হৈ আছে। প্ৰতিকূল বাতাবৰণ আৰু পৰিস্থিতিৰ মাজতো দেশৰ অখণ্ডতা ৰক্ষাত ভাৰতীয় সেনাবাহিনীয়ে সাহসিকতাৰ পৰিচয় দিছে। ইয়াৰ বাবে এই বীৰ সেনানিসকলক সৰ্বোত্তম অস্ত্ৰ, সৰঞ্জাম আৰু পোছাক প্ৰদান কৰা হৈছে। দুৰ্গম অঞ্চলসমূহত যোগাযোগ স্থাপন কৰিবলৈ ব'ৰ্ডাৰ ৰোড অৰ্গেনাইজেছন (বিআৰঅ')য়ে উল্লেখযোগ্য কাম কৰিছে।

 

দেশৰ সীমান্তত সন্ত্ৰাসৰ মোকাবিলাত আৰু যুদ্ধ বিৰতি উলংঘনৰ বিষয়ত ভাৰতীয় সেনাবাহিনীয়ে যথাযথ প্ৰত্যুত্তৰ দিছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনায়। শ্ৰী সিঙে কয়, ''জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ দৰে সমস্যাৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত চিএপিএফ আৰু পুলিচ বাহিনী তথা সেনাবাহিনীৰ মাজত সমন্বয় সাধন কৰি কাম চলোৱা হৈছে, যিটো অতি প্ৰশংসনীয়। উপত্যকাটোত এনেধৰণৰ অভিযানৰ ফলত এফালে যেনেকৈ সন্ত্ৰাস দমন সম্ভৱ হৈছে, আনফালে জম্মু-কাশ্মীৰত সামগ্ৰিক বিকাশ আৰু উন্নয়ন হৈছে।'' প্ৰতিৰক্ষা মন্ত্ৰীজনে কয়, ''চিফ অফ ডিফেঞ্চ ষ্টাফ (চিডিএছ) আৰু ডিপাৰ্টমেণ্ট অফ মিলিটেৰী এফেয়াৰ্ছ (ডিএমএ) গঠন ভাৰতৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইণ্টেগ্ৰেটেড বেটেল গ্ৰুপছ, ইণ্টেগ্ৰেটেড থিয়েটাৰ কমাণ্ডছ আৰু ইণ্টেগ্ৰেটেড এয়াৰ ডিফেঞ্চ কমাণ্ডছ গঠনৰ ধাৰণাৰে ভাৰতীয় সশস্ত্ৰ বাহিনী অহা দিনবোৰৰ যিকোনো যুঁজত গেইম চেঞ্জাৰ হৈ উঠিব।'' কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, ''কেন্দ্ৰীয় চৰকাৰে সৈনিকসকলৰ কল্যাণৰ ক্ষেত্ৰত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সেনাবাহিনীৰ প্ৰয়োজনীয়তা পূৰণৰ বাজেটত কোনো বাধা ৰখা হোৱা নাই।'' তেওঁ কয় যে সেনাবাহিনীত মহিলাসকলৰ স্থায়ী কমিছন দিয়াৰ সিদ্ধান্ত এটা ঐতিহাসিক ঘটনা।

 

শ্ৰী ৰাজনাথ সিঙে জনায় যে দেশৰ অৰ্ডিনেঞ্চ ফেক্টৰীবিলাকৰ দক্ষতা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰ সংস্কাৰ আৰু দক্ষতা বিকাশৰ মাধ্যমত সেনাবাহিনীক অধিক আধুনিক আৰু সময়োপযোগী কৰি তুলিবলৈ বদ্ধপৰিকৰ বুলিও তেওঁ জনায়।

 

 

*******

AA/BSC/VBY



(Release ID: 1668333) Visitor Counter : 134