বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভাৰত, এছচিঅ’ মন্ত্ৰীগোটৰ অৰ্থনীতি আৰু বৈদেশিক বাণিজ্য সংক্ৰান্তীয় আলোচনাৰ আয়োজন কৰেছে

Posted On: 28 OCT 2020 5:01PM by PIB Guwahati

ছাংহাই সহযোগিতা সংগঠন (এছচিঅ’) যিসকল মন্ত্ৰীয়ে বৈদেশিক ব্যৱসায়-বাণিজ্য তথা বিত্তীয় দিশটো চোৱা চিতা কৰে সেইসকলক লৈ আজি ভাৰতে ১৯ তম বৈঠকৰ আয়োজন কৰে।

 

বৈঠকত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কোভিড-১৯ মহামাৰীৰ বাবে এচিঅগোষ্ঠীভুক্ত দেশবোৰক এই অঞ্চলৰ ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰিবলৈ অংশীদাৰীত্ব তথা বিত্তীয় শক্তি বৃদ্ধিৰ বাবে আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে কয়, প্ৰতিখন ৰাষ্ট্ৰই নিজস্ব সভ্যতা আৰু দৰ্শনৰ ওপৰত ভিত্তি কৰি বিভিন্ন পৰিকল্পনা কৰিছে। বসুদৈৱ কুটুম্বকম- সমগ্ৰ বিশ্বক এক পৰিয়াল হিচাপে বিবেচনা কৰাৰ যি মন্ত্ৰ ভাৰতে প্ৰাচীন যুগৰ পৰা অনুসৰণ কৰি আহিছে, শ্ৰী গোৱেলে এই প্ৰসঙ্গত সেই বিষয়টো উল্লেখ কৰিছে।

বৈঠকত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়েও বক্তব্য ৰাখে। ভাৰ্চুৱেল এই সন্মিলনত এছচিঅ’- মহাসচিবৰ উপৰিও কিৰগিজস্তান, কাজাখস্তান, পাকিস্তান, ৰাছিয়া, তাজাকিস্তান আৰু উজবেকিস্তানৰ মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰে।

এই বৈঠকত খন নথি গৃহিত হৈছে।

) ভিড-১৯ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে এক বিবৃতি। ইয়াত ঔষধ আৰু ব্যৱসায়-বাণিজ্য ক্ষেত্ৰত আৰু বৃহত্তৰ সহযোগিতাৰ চাহিদাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

) এছচিঅগোষ্ঠীভুক্ত দেশবোৰৰ মন্ত্ৰীসকলে বহুপাক্ষিক বাণিজ্যিক ব্যৱস্থাৰ ওপৰত বিবৃতি দিছে। এই দেশবোৰৰ আটাইকেইখনেই বিশ্ব বাণিজ্য সংস্থাৰ সদস্য। বিবৃতিত নিয়ম মানি বহুস্তৰীয় আলোচনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

) মেধা সম্পত্তিৰ অধিকাৰৰ ওপৰত এছচিঅ’- সহযোগিতা সন্দৰ্ভত বিবৃতি। মেধা সম্পত্তিৰ অধিকাৰৰ বিষয়ে সহযোগিতা, তথ্যৰ আদান-প্ৰদান আৰু আন্তৰ্জাতিক গোষ্ঠীবোৰৰ ভিতৰত সহযোগিতাৰ বিষয়টো এই বিবৃতিত উল্লেখ কৰা হৈছে।

) সূক্ষ্ম, ক্ষুদ্ৰ আৰু মঁজলীয়া শিল্পোদ্যোগত এছচিঅ সহযোগিতা বৃদ্ধি কৰাৰ বাবে যি বুজাবুজি পত্ৰত  স্বাক্ষৰ কৰিছিল সেয়া বাস্তবায়িত কৰাৰ বাবে গুৰুত্ব দিয়া হৈছে। এতিয়া সূক্ষ্ম, ক্ষুদ্ৰ আৰু মঁজলীয়া শিল্পোদ্যোগত তথ্যৰ আদান-প্ৰদান, সন্মিলনৰ আয়োজন আৰু গৱেষণা তথা দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

বৈঠকেৰ শেষত সামৰণি ভাষণত শ্ৰী গোৱেলে কয়, এছচিঅ’- সদস্যসকলৰ মাজত একত্ৰিত হৈ কাম কৰা বিষয়ত এই বৈঠক অত্যন্ত ফলপ্ৰসূ হৈছে।

****

YB/RD



(Release ID: 1668330) Visitor Counter : 204