প্ৰতিৰক্ষা মন্ত্ৰালয়

প্রতিৰক্ষা ৰপ্তানি বৃদ্ধি : যৌথ উৎপাদন আৰু পাৰস্পৰিক বাণিজ্যৰ জৰিয়তে প্রতিৰক্ষা সহযোগিতা বৃদ্ধি কৰিবলৈ সম্মত হ’ল ভাৰত-ইউএই

प्रविष्टि तिथि: 28 OCT 2020 2:44PM by PIB Guwahati

প্রতিৰক্ষা ৰপ্তানি আৰু বৃদ্ধি কৰিবলৈ ভাৰত আৰু ইউএইৰ মাজত মঙলবাৰে এক ৱেবিনাৰৰ আয়োজন কৰা হয়। এই ৱেবিনাৰৰ মূল বিষয় আছিল 'ভাৰতীয় প্রতিৰক্ষা উদ্যোগৰ বিশ্বব্যাপী বিপণনৰ ক্ষেত্রত সহযোগিতামূলক অংশীদাৰিত্ব : ৱেবিনাৰ আৰু এক্সপো ইণ্ডিয়া – ইউএইৰ সৈতে প্রতিৰক্ষা সহযোগিতা'। ছ’চাইটী অৱ ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰাৰ্ছ সংস্থাৰ জৰিয়তে প্রতিৰক্ষা মন্ত্রালয়ৰ প্রতিৰক্ষা উপাদন দপ্তৰৰ ফালৰ পৰা এই ৱেবিনাৰৰ আয়োজন কৰা হয়।

 

দুয়োখন দেশৰ ৰাষ্ট্রদূত আৰু প্রতিৰক্ষা মন্ত্রালয়ৰ উচ্চপদস্থ বিষয়াসকলে ৱেবিনাৰত অংশ লৈ ভাৰত আৰু ইউএইৰ মাজৰ নিবিড় সম্পর্কৰ কথা উল্লেখ কৰে। উভয় পক্ষই যৌথভাৱে প্রতিৰক্ষা সামগ্রী উপাদন আৰু তাৰ পাৰস্পৰিক ব্যৱসায়ৰ জৰিয়তে প্রতিৰক্ষা সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ বিষয়ত সন্মতি প্ৰকাশ কৰে। বক্তাসকলে কয়, ইয়াৰ ফলত উভয় দেশেই সমানে লাভৱান হটব। ৱেবিনাৰত অংশগ্ৰহণ কৰি প্রতিৰক্ষা উপাদন বিভাগৰ যুটীয়া সচিব শ্রী সঞ্জয় জাজুৱে কয়, আত্মনির্ভৰ ভাৰতৰ অংশ হিচাপে, “আমি সংৰক্ষণবাদী মনোভাৱৰ পক্ষত নহয় বৰং আমি উদাৰতা আৰু পাৰস্পৰিক যোগসূত্রৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ যাতে আমাৰ দেশীয় কোম্পানীসমূহে বিশ্ব সৰবৰাহ শৃঙ্খল আৰু বৈদেশিক কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিব পাৰে। এই ধৰণৰ অংশীদাৰিত্বই ভাৰতৰ প্রতিৰক্ষা উপাদন ব্যৱস্থাত অনুকূল বাতাবৰণ গঢ়ি তুলিব।

 

প্রতিৰক্ষা ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যেৰে বন্ধুত্বপূৰ্ণ মনোভাৱাপন্ন দেশসমূহৰ সৈতে যি ৱেবিনাৰ শংখলাৰ আয়োজন কৰা হৈছে, মঙলবাৰে ইউএইৰ সৈতে আয়োজিত ৱেবিনাৰখন তাৰেই এক অংশ। উল্লেখ্য যে , আগন্তুক পাঁচ বছৰত ভাৰতৰ প্রতিৰক্ষা ৰপ্তানিৰ পৰিমাণ ৫ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।

 

ৱেবিনাৰখনত এল এণ্ড টি ডিফেন্স, জিআৰএছই, অএফবি, এমকেইউ, ভাৰত ফোর্জ আৰু অশোক লিলেণ্ডৰ দৰে ভাৰতীয় কোম্পানীয়ে ৱেবিনাৰত অংশ লৈ তেওঁলোকৰ উপাদিত বিভিন্ন প্রতিৰক্ষা সামগ্রী প্রদর্শন কৰে। এই সকলো প্রতিৰক্ষা সৰঞ্জামৰ ভিতৰত আছিল আর্টিলাৰী ছিষ্টেম, ৰাডাৰ, প্রটেকটেড ভেহিকল, কোষ্টেল ছার্ভিলেন্স ছিষ্টেম, আকাশী ক্ষেপণাস্ত্র ব্যৱস্থা আৰু বিভিন্ন ধৰণৰ বোমা বাৰুদ। ইউএইৰ ফালৰ পৰা ৰকফোর্ড এক্সিলাৰী, এজ, তাৱাজুন আৰু মাৰাকেব প্রযুক্তি প্রভৃতি।

 

 

ৱেবিনাৰখনত ১৮০তকৈও অধিক অংশগ্ৰণকাৰীয়ে ভাগ লয় আৰু ১০০ৰো অধিক ভার্চুৱেল প্রদর্শনী ষ্টলৰ ব্যৱস্থা কৰা হয়।

       

 *****

ABB/Nampi/KA/Rajib/KG


(रिलीज़ आईडी: 1668303) आगंतुक पटल : 224
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Tamil , Telugu , Malayalam