পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

‘এছচিঅ’’ দেশৰ সৈতে সংযোগ স্থাপনক দিয়া ভাৰতৰ অগ্ৰাধিকাৰসমূহৰ ৰূপৰেখা দাঙি ধৰিলে পৰিবহণ সচিবে; ক’ভিড-১৯ৰ দৰে জৰুৰীকালীন অৱস্থাতো বহনক্ষম পৰিবহণ ব্যৱস্থা অব্যাহত ৰখাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি অভিমত প্ৰকাশ

Posted On: 28 OCT 2020 6:01PM by PIB Guwahati

ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী গিৰিধৰ আৰ্মানেই আজি অৰ্থাত্ ২৮-১০-২০২০ত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এছচিঅ’’ সদস্য ৰাষ্ট্ৰৰ মন্ত্ৰীসকলৰ অষ্টম সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত পৌৰহিত্য কৰে ৰাছীয়ান ফেডাৰেশ্যন-য়ে।

সন্মিলনত ভাষণ প্ৰদান কৰি তেওঁ সহযোগিতা আৰু ভৰসা সৃষ্টিৰ ক্ষেত্ৰত পৰস্পৰৰ সমাজিক সম্পৰ্ক আৰু বুদ্ধিদীপ্ত পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত থকা ভাৰতৰ অভিজ্ঞতাৰ ব্যাখ্যা দাঙি ধৰে। তেওঁ, কভিড-১৯ৰ দৰে জৰুৰীকালীন অৱস্থাতো বহনক্ষম পৰিবহণ ব্যৱস্থা অব্যাহত ৰখাটো নিশ্চিত কৰাৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ পৰিবহণ মন্ত্ৰালয়/বিভাগসমূহৰ মাজত সমন্বিত কাৰ্যক্ৰমৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য দাঙি ধৰে।

 

***

RCJ/MS/KB



(Release ID: 1668295) Visitor Counter : 119