বিত্ত আয়োগ

পূৰ্বৰ বিত্ত আয়োগৰ অধ্যক্ষসকলৰ সৈতে ১৫শ বিত্ত আয়োগৰ বাৰ্তালাপ

Posted On: 28 OCT 2020 3:53PM by PIB Guwahati

নিজৰ বিচাৰ-বিবেচনাৰ অন্তত, ১৫শ  বিত্ত আয়োগৰ অধ্যক্ষ শ্ৰী এন কে সিংহ আৰু আন সদস্যসকলে আজি পূৰ্বৰ বিত্ত আয়োগৰ অধ্যক্ষসকল, ড৹ চি ৰংগৰাজন, অধ্যক্ষ, ১২শ বিত্ত আয়োগ আৰু ড৹ বিজয় কেলকাৰ, অধ্যক্ষ, ১৩শ বিত্ত আয়োগৰ সৈতে এক আভাসী বৈঠকত মিলিত হয়।

 

অধ্যক্ষ শ্ৰী এন কে সিংহই এই বৈঠকক ''যোৱা ২০ বছৰৰ আমাৰ সংঘীয় ইতিহাসৰ প্ৰতিনিধিত্ব আৰু অহা পাঁচটা বছৰত ১৫শ বিত্ত আয়োগৰ পুৰস্কাৰ'' হিচাপে অভিহিত কৰি ইয়াৰ আৰম্ভণি কৰে।

 

পঞ্চদশ বিত্ত আয়োগে (এক্সভিএফচি) বিত্তীয় বৰ্ষ ২০২১-২৬ৰ বাবে নিজৰ অন্তিম ৰিপ'ৰ্ট ৩০ অক্টোবৰ, ২০২০ পৰ্যন্ত উপলব্ধ কৰোৱাটো অনিবাৰ্য। আয়োগে নিজৰ এই দায়িত্ব সম্পূৰ্ণ কৰাৰ দিশত অগ্ৰসৰ।

 

পূৰ্বৰ বিত্ত আয়োগসমূহৰ অধ্যক্ষসকলে কোভিড-১৯ মহামাৰীৰ পৃষ্ঠভূমি, অৰ্থনৈতিক কাম-কাজৰ পৰিণামত হোৱা লোকচান আৰু সাধাৰণ চৰকাৰৰ ৰাজকোষীয় মাপকাঠিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ১৫শ বিত্ত আয়োগৰ দ্বাৰা কঠোৰ প্ৰত্যাহ্বানৰ কৌশলগতভাৱে মোকাবিলা কৰাৰ পৰামৰ্শ দিয়ে। এক্সভিএফচিৰ অধ্যক্ষ আৰু সদস্যসকলে পূৰ্বৰ বিত্ত আয়োগৰ ধাৰণা আৰু তেওঁলোকৰ ৰূপৰেখা আৰু তেওঁলোকৰ সৈতে হোৱা আলাপ-আলোচনাৰ পৰা পোৱা অন্তৰ্দৃষ্টিৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

 

 

*******

MC



(Release ID: 1668290) Visitor Counter : 191