গৃহ মন্ত্ৰালয়

পুনৰ মুকলিকৰণ সম্পৰ্কীয় বিধি-নিৰ্দেশনাৰ পৰিসৰ সম্প্ৰসাৰণ কৰিলে গৃহ মন্ত্ৰালয়ে

সৰ্কতাৰে অগ্ৰসৰ হোৱাৰ প্ৰয়াস

ক’ভিড-সংগত আচৰণ প্ৰৱৰ্তনৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰামৰ্শ

Posted On: 27 OCT 2020 3:38PM by PIB Guwahati
  • পুনৰ মুকলিকৰণ সন্দৰ্ভত যোৱা ৩০-০৯-২০২০ত জাৰি কৰা বিধি-নিৰ্দেশনা অহা ৩০-১১-২০২০ পৰ্যন্ত সম্প্ৰসাৰণ কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে।
  • কন্টেইনমেন্ট জনৰ বাহিৰৰ এলেকাত কাম-কাজৰ অনুমতি
    • যোৱা ২৪ মাৰ্চ ২০২০ত জাৰি কৰা লকডাউনৰ পিচৰে পৰা কণ্টেইনমেণ্ট জ এলেকাৰ বাহিৰত বন্ধ হৈ থকা প্ৰায়সমূহ কাম-কাজেই পৰ্যায়ক্ৰমে পুনৰাম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে প্ৰায়সমূহ কাম-কাজ পুনৰাম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যদিও বৃহত্ সংখ্য লোকৰ সমাৱেশ ঘটা কেতবোৰ কাম-কাজ, কিছুমান নিয়ন্ত্ৰণ আৰু এছঅপি-সাপেক্ষে মুকলি কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে এইসমূহ কাম-কাজ অব্যাহত ৰাখোতে স্বাস্থ্য আৰু সতৰ্কতামূলক বিধি-নিৰ্দেশনাসমূহ কঠোৰ ভাবে পালন কৰিব লাগিব। তেনে কাম-কাজসমূহৰ ভিতৰত আছে : ‘মেট্ৰো ৰে, শ্বপিং মল, হোটেল, ৰেষ্টোৰাঁ আৰু হস্পিটেলিটী সেৱা, ধৰ্মীয় স্থান, যোগ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, জিম, চিনেমা, আমোদমূলক উদ্যান আদি।
    • ভিড-১৯ৰ সংক্ৰমণৰ অধিক সম্ভাৱনা থকা কেতবোৰ কাম-কাজ পুনৰাম্ভ কৰিবলৈ যাওতে, ৰাজ্য/ কেন্দ্ৰীয় শাসিত চৰকাৰক পৰিস্থিতিৰ অধ্যয়ন আৰু  এছঅপিৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণৰ অনুমতি প্ৰদান কৰা হৈছে। এইসমূহ কাম-কাজৰ ভিতৰত আছে : বিদ্যালয় আৰু কশ্বিং প্ৰতিষ্ঠান, গৱেষকৰ বাবে থকা ৰাজ্যিক আৰু ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় আদিত ১০০ৰ  অধিক সমাৱেশৰ অনুমোদন জনোৱা হৈছে।

যোৱা ৩০-০৯-২০২০ত গৃহ মন্ত্ৰালয়ে জাৰি কৰা বিধি-নিৰ্দেশনাৰ পৰৱৰ্তি পৰিস্থিতিত তলত উল্লেখ কৰা কাম-কাজসমূহ কেতবোৰ নিয়ন্ত্ৰণ আৰোপৰে পুনৰাম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। সেয়া হ :

  1. কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অনুমতি প্ৰদান কৰা অনুসৰি যাত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা।
  • ii. ক্ৰড়াবিদৰ প্ৰশিক্ষণৰ বাবে ছুইমিং পুলৰ ব্যৱহাৰ।
  • iii. ব্যৱসায়িক কাম-কাজৰ বাবে প্ৰদৰ্শনী হল
  1. চিনেমা-থিয়েটাৰ-মাল্টিপ্লেক্সৰ আসনৰ সংখ্যাৰ ৫০শতাংশ পৰ্যন্ত ব্যৱহাৰৰে মুকলি দিহা

 

  • v. বন্ধ স্থানত আসনৰ সংখ্যাৰ ৫০শতাংশ অথবা সৰ্বোচ্চ ২০০ লোকৰ সমাবেশেৰে সামাজিক/ শৈক্ষিক/ ক্ৰীড়া/ মনোৰঞ্জন/ সাংস্কৃতিক/ ধৰ্মীয়/ ৰাজনৈতিক কাৰ্যসূচী আৰু আন সমাবেশ আদি

অৱশ্যে, উল্লিখিত কাম-কাজৰ পুনৰাম্ভ কৰাৰ সিদ্ধান্ত শেহতীয়া পৰিস্থিতিৰ সমীক্ষাৰ আধাৰতহে গ্ৰহণ কৰা হব।

ভিড-সংগত আচৰণ

    • পৰ্যায়ক্ৰমে পুনৰ মুকলি আৰু কাম-কাজৰ প্ৰগতিশীল পুনৰাম্ভ কৰাৰ জৰিয়তে আগুৱাই যোৱাৰ প্ৰয়াস কৰা হৈছে। অৱশ্যে ই মহামাৰী আঁতৰি যোৱাতো নিশ্চিত কৰা নাই। সেয়ে প্ৰতিগৰাকী নাগৰিকে দৈনন্দিন কৰ্মসূচীত কভিড-সংগত আচৰণ কঠোৰ ভাবে মানি চলাৰ বিশেষ প্ৰয়োজন আছে। এনে প্ৰেক্ষাপটতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ৮ অক্টোবৰ ২০২০ত কভিড-১৯ সংগত আচৰণ প্ৰদৰ্শনৰ বাবে তিনিটা মন্ত্ৰ সাৰোগত কৰাৰ বাবে এক জন আন্দোলনৰ শুভাৰম্ভ কৰিছিল। সেয়া হৈছে : 
  1. যথোচিত ভাবে মাস্ক পৰিধান কৰা;
  • ii. সঘনাই হাত ধোৱা; আৰু
  • iii. ৬ ফুটৰ ব্যৱধান মানি চলা।
    • সফলতাৰে কাম-কাজ পুনৰাম্ভ কৰাৰ লগতে মহামাৰীৰ প্ৰবন্ধন প্ৰক্ৰিয়াৰ সামান্য হীন-দেঢ়ি নোহোৱাকৈ ৰখাৰ বাবে নাগৰিকসকলৰ মাজত এক নিয়মানুৱৰ্তিতাৰ মনোভাৱ বাহাল ৰখাতো অতিকে প্ৰয়োজন হব।
    • তৃণমূল পৰ্যায়ত মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱাৰ অভ্যাস গঢ়া আৰু সামাজিক ব্যৱধান বিধিকে ধৰি কভিড-সংগত আচৰণ প্ৰৱৰ্তনৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে।

’ভিড-১৯ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশিকা (Directives)

  • সামাজিক দূৰত্ব সুনিশ্চিতকৰণৰ লক্ষ্যৰে, সমগ্ৰ দেশতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশনা পালন বাহাল থাকিব। গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (MHA)এ ৰাষ্ট্ৰীয় নিৰ্দেশনাৰ ফলপ্ৰসূ ৰূপায়ণ নিৰীক্ষণ কৰিব।
  • ৩০ নৱেম্বৰ, ২০২০ পৰ্যন্ত কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে ‘লকডাউন’ বলব হৈ থাকিব।
  • ৩০ নৱেম্বৰ, ২০২০ পৰ্যন্ত কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে ‘লকডাউন’ বলব হৈ থাকিব।
  • সংক্ৰমণৰ শৃংখল ফলপ্ৰসূতাৰে ছিঙি পেলোৱাৰ উদ্দেশ্যৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)ৰ নীতি-নিৰ্দেশনাখনিৰ বিবেচনা কৰাৰ পাছত তৃণমূল পৰ্যায়ত জিলা কৰ্তৃপক্ষৰদ্বাৰা কন্টেইনমেন্ট জ’নসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব আৰু মাথো নিত্য-ব্যৱহাৰ্য কাম-কাজতহে অনুমতি দিয়া হ’ব।
  • কন্টেইনমেন্ট জ’নসমূহৰ ভিতৰত, কঠোৰ সীমা নিয়ন্ত্ৰণ মানি চলিব লাগিব আৰু মাথো এৰাব নোৱাৰা কাম-কাজতহে অনুমতি দিয়া হৈছে।
  • এই কন্টেইনমেন্ট জ’নসমূহক সংশ্লিষ্ট জিলাধিপতি আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৱেবছাইটত প্ৰকাশ কৰিব লাগিব আৰু ইয়াৰ তথ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)কো দাখিল কৰিব লাগিব।
  •  

কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত ৰাজ্যসমূহে কোনো ধৰণৰ স্থানীয় লকডাউন’ বলব কৰিব নোৱাৰিব

  • কেন্দ্ৰীয় চৰকাৰখনৰ সৈতে পূৰ্বে আলোচনা নকৰাকৈ, কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কোনো ধৰণৰ স্থানীয় লকডাউন (ৰাজ্য/জিলা/মহকুমা/মহানগৰ/গাঁও পৰ্যায়ত) বলব কৰিব নোৱাৰিব।

আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচলত বাধা নাই

  • ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজনীয়তা নাথাকিব।

আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক (vulnerable persons)ৰ অৰ্থে সুৰক্ষা

  • আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক যথাঃ ৬৫ বছৰ বয়সৰ উৰ্ধ্বৰ লোক, আন ৰোগত আক্ৰান্ত হৈ থকা লোক, গৰ্ভৱতী মহিলা আৰু ১০ বছৰ বয়সৰ অনূৰ্ধ্ব শিশুক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা আৰু চিকিসা সম্পৰ্কীয় কাৰণৰ বাহিৰে ঘৰতে থকাৰ পৰামৰ্শ প্ৰদান কৰি অহা হৈছে।

আৰোগ্য সেতুৰ ব্যৱহাৰ

  • ‘আৰোগ্য সেতু’ ম’বাইল এপ্লিকেশ্যনটো ব্যৱহাৰৰ বাবে উসাহিত কৰা হব।

 

**************

NDW/RK/AY/DDD/KB



(Release ID: 1668021) Visitor Counter : 354