বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভৱিষ্যৎ দৃষ্টিভংগী আৰু নিৰ্ণায়ক সিদ্ধান্তৰ সমন্বয় সাধনৰ ফলত ভাৰতৰ ষ্টার্ট আপ খণ্ডত এক অনুকূল পৰিৱেশ গঢ় লৈ উঠিছেঃ শ্রী পীযূষ গোৱেল

प्रविष्टि तिथि: 27 OCT 2020 2:01PM by PIB Guwahati

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী শ্রী পীযূষ গোৱেলে কয় যে ভৱিষ্য দৃষ্টিভংগীৰ সৈতে নিৰ্ণায়ক সিদ্ধান্তৰ সমন্বয় সাধনৰ জৰিয়তে ভাৰতৰ ষ্টার্ট আপ খণ্ডত এক শক্তশালী পৰিৱেশ গঢ়ি তুলতে সাহায্য কৰিছে। ছাংহাই সহযোগিতা সংস্থাৰ প্ৰথম ষ্টার্ট আপ ফ’ৰামৰ উদ্বোধনী অনুষ্ঠানত শ্রী গোৱেলে কয় যে যুৱ প্ৰজন্মই আমাৰ সম্পদ। সেয়েহে, বর্তমান অনিশ্চিত আৰু অস্থিৰ সময়ত এইবোৰৰ পৰতাৰ জৰিয়তে পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ সক্ষমতাৰ পৰিচয় দিয়া উচিত৷

মন্ত্ৰী গোৱেলে লগতে কয় যে আমাৰ ষ্টার্ট আপসমূহে অনিশ্চিত পৰিৱেশৰ মাজতো সম্ভাৱনীয়তাৰ সক্ষমতা প্ৰদৰ্শন কৰিছে৷ ভাৰতীয় ষ্টার্ট আপ সংস্থাসমূহৰ পৰতা আৰু সাহৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আগুৱাই যোৱাৰ বাবে আমাৰ যি উচ্চাকাংক্ষা আছে, সেয়া কাৰিকৰী প্ৰযুক্তিগত এপ্লিকেশ্যনৰ সংখ্যাৰ হিচাপত প্ৰমাণিত হয়। আমাৰ এই ষ্টার্ট আপ সংস্থাসমূহে ক’ভিড পৰিস্থিতিত লাখ লাখ ভাৰতীয়ৰ বাবে সহজে বিভিন্ন সেৱা আৰু প্ৰশিক্ষণ পদ্ধতি প্ৰদান কৰিবলৈ সক্ষম হৈছে। আনকি, আমাৰ যুৱ-সম্প্ৰদায়ে এনে বহু গুৰুত্বপূর্ণ এপ্লিকেশ্যন উদ্ভাৱন কৰিছে, যিবোৰে বহু সংস্থাক ডিজিটেল হোৱাৰ ক্ষেত্রত সাহায্য কৰিছে৷ ক’ভিড মহামাৰী সৃষ্ট সমস্যা সত্ত্বেও ষ্টার্ট আপ সংস্থাসমূহে সম্পূর্ণ আস্থাৰে তথা সফলতাৰে সেৱা আগবঢ়াইছে৷

মন্ত্ৰী গোৱেল লগতে কয় যে ক’ভিড মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ ষ্টার্ট আপ সংস্থাসমূহে দ্রুত আৰু নমনীয় মনোভাৱ প্ৰদৰ্শন কৰিছে৷ এই ধৰণৰ ষ্টার্ট আপসমূহৰ জ্ঞান আৰু পদ্ধতিৰ বিনিময় কৰি কর্প’ৰেট সংস্থা আৰু বিনিয়োগকাৰীসকলক আকৃষ্ট কৰিছে, মূলধনৰ সদ্ব্যৱহাৰ কৰি সেইবোৰ উদ্ভাৱনী কাম-কাজত ব্যয় কৰিছে, একাধিক নতুন সহযোগী সংস্থা স্থাপন কৰিছে৷ তেওঁ কয় যে উদ্ভাৱনমূলক এই প্ৰচেষ্টাৱলীৰ জৰিয়তে ষ্টার্ট আপ সংস্থাসমূহৰ প্ৰসাৰতা বৃদ্ধি পাইছে।

মন্ত্ৰী গোৱেলে কয় যে ভাৰতত ৰাষ্ট্ৰীয় ষ্টার্ট আপ কাৰ্যসূচীৰ অধীনত গুৰুত্বপূর্ণ অৱদানৰ স্বীকৃতিস্বৰূপে ষ্টার্ট আপসমূহক প্ৰথমবাৰলৈ পুৰস্কৃত কৰা হৈছে। দেশত নতুন ষ্টার্ট আপ গঠনৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলা হৈছে। প্ৰধানমন্ত্রীয়ে নিজে ষ্টার্ট আপ ক্ষেত্রৰ বিকাশত নেতৃত্ব প্ৰদান কৰিছে৷ এই প্ৰসংগত প্ৰধানমন্ত্রীয়ে কৈছে যে ষ্টার্ট আপসমূহে সম্ভাব্য অগ্ৰগতিৰ মূল চালিকাশক্তি, যি উদ্ভাৱনৰ মানসিকতাক আৰু অধিক প্ৰসাৰিত কৰে৷

ছাংহাই সহযোগিতা সংস্থাৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি মন্ত্ৰী গোৱেলে কয় যে মহিলাৰ দ্বাৰা পৰিচালিত উদ্যোগৰ বিকাশত এই সংগঠনে বিভিন্ন দিশত আলোচনা কৰিছে৷ আনকি, ভাৰততো মহিলাসকলে একাধিক ষ্টার্ট আপ গঢ় দিছে। সংস্থাৰ আজিৰ ষ্টার্ট সংক্রান্তীয় এই ফ’ৰামে সকলো সদস্য ৰাষ্ট্রৰ বাবে ষ্টার্ট আপ খণ্ডৰ বিকাশত এক ইতিবাচক মনোভাৱৰ প্ৰতিফলন ঘটায়৷

*****

YB/DB


(रिलीज़ आईडी: 1668017) आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Tamil , Telugu , Malayalam