পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

ত্ৰিপুৰাত কাইলৈ ৯টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব গাড়কাৰীয়ে

প্ৰকল্পসমূহে অঞ্চলসমূহৰ আৰ্থ-সামাজিক উন্নয়ণ সম্ভৱ কৰি তুলিব

পৰ্যটনৰ লগতে অৰ্থনৈতিক আৰু অঞ্চলটোৰ আন্তঃৰাষ্ট্ৰীয় যোগযোগৰ ক্ষেত্ৰতো দ্ৰুত উন্নয়ণ সম্ভৱ হ’ব

Posted On: 26 OCT 2020 2:03PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ, ঘাইপথ আৰু ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ(এমএছএমই) বিভাগৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰীয়ে কাইলৈ ত্ৰিপুৰাত ২৭৫২ কোটি টকাৰো অধিক বিনিয়োগযোগ্য প্ৰায় ২৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৯টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী শ্ৰী বিপ্লৱ কুমাৰ দেবে পৌৰহিত্য কৰিবলগীয়া এই অনুষ্ঠানটিত কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতেন্দ্ৰ সিং, অৱসৰ প্ৰাপ্ত সেনা প্ৰধান, ৰাজ্যিক মন্ত্ৰী ড০ ভি কে সিং, ৰাজ্যখনৰ সাংসদকেইগৰাকীৰ লগতে বিধায়ক আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া-বৰ্গ উপস্থিত থাকিব।

প্ৰকল্পকেইটা সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ আন্তঃ ৰাজ্যিক পথ যোগাযোগ ব্যৱস্থাৰ লগতে বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় যোগযোগৰ ক্ষেত্ৰতো দ্ৰুত উন্নয়ণ সম্ভৱ কৰি তুলিব। স্বাভাৱিকতেই এইসমূহ প্ৰকল্পই ত্ৰিপুৰাৰ পৰ্যটন ক্ষেত্ৰৰ দ্ৰুত বিকাশত শক্তি প্ৰদান কৰিব। প্ৰকল্পকেইটাৰ জৰিয়তে উন্নত যোগাযোগ, বিভিন্ন পৰ্টনস্থলী আৰু ইতিহাস প্ৰসিদ্ধ ঠাইসমূহলৈ যান-বাহনৰ দ্ৰুত আৰু নিৰাপদ যাতায়াত সম্ভৱ কৰি তুলিব। সমান্তৰাল ভাবে অঞ্চলটোৰ অ-দক্ষ, অৰ্দ্ধ দক্ষ আৰু দক্ষতাসম্পন্ন যুৱক-যুৱতীৰ বাবে এইসমূহ প্ৰকল্পই বৃহত্ পৰিমাণৰ কৰ্ম-সংস্থাপনৰ সম্ভাৱনাও সৃষ্টি কৰিব। প্ৰকল্পসমূহে যাতায়াতৰ বাবে প্ৰয়োজন হোৱা সময় বহু পৰিমাণে হ্ৰাস কৰাৰ লগতে যান-বাহনসমূহৰ ইন্ধন আৰু মেৰামতি ব্যয়ো হ্ৰাস কৰিব। স্বাভাৱিকতেই প্ৰকল্পসমূহে অঞ্চলসমূহৰ আৰ্থ-সামাজিক উন্নয়ণ সম্ভৱ কৰি তুলিব। প্ৰকল্পসমূহৰ ৰূপায়ণে কৃষিজাত সামগ্ৰীৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ লগতে বিশাল পৰিসৰৰ বজাৰত প্ৰৱেশৰ সম্ভাৱনীয়তা বৃদ্ধি কৰি সামগ্ৰী আৰু সেৱা ব্যয়ৰ হাৰ অৱনমিত কৰিব। প্ৰকল্পসমূহৰ ৰূপায়ণে ৰাজ্যখনলৈ স্বাস্থ্য আৰু অন্য জৰুৰূকালীন সেৱাসমূহৰ প্ৰৱেশৰ গতি অধিক হাৰত ত্বৰান্বিত কৰিব।

কাইলৈ আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পকেইটা হ :

 

 

ক্ৰমিক

নং

প্ৰকল্পৰ নাম

দৈৰ্ঘ্য

কিলোমিটাৰত

প্ৰকল্পৰ মুঠ ব্যয়

কোটি টকা হিচাপত

1

ৰাষ্ট্ৰীয় ঘাইপথ ১০৮-(ক)-ৰ জোলাইবাৰী-বেলনীয়া সংযোগী পথ

21.4

201.99

2

ৰাষ্ট্ৰীয় ঘাইপথ 2০৮-ৰ কৈলাশহৰ-কমাৰঘাট সংযোগী পথ

18.60

277.50

3

ৰাষ্ট্ৰীয় ঘাইপথ ০৮-ৰ খয়েৰপুৰ-আমতলী(আগৰতালা বাইপাছ) সংযোগী পথ

12.90

147

4

ৰাষ্ট্ৰীয় ঘাইপথ ১০৮-(খ)-ৰ আগৰতালা-খোৱাই সংযোগী পথ

(০৩ পেকেজ)

38.80

480.19

5

ৰাষ্ট্ৰীয় ঘাইপথ ১০৮-(ক)-ৰ কৈলাশহৰ-কুৰ্তি দলং সংযোগী পথ

(০৩ পেকেজ)

36.46

473.49

6

ৰাষ্ট্ৰীয় ঘাইপথ ৪৪-(ক)-ৰ মনু-সীমলুং সংযোগী পথ

(০২ পেকেজ)

36.54

595.12

7

মূহূৰী আৰু গোমতী নৈৰ ওপৰৰ আৰচিচি দলং দুখন

02 খন

83.06

8

ৰাষ্ট্ৰীয় ঘাইপথ-০৮ৰ কাষ পকীকৰণকে ধৰি চুৰাইবাৰী-আগৰতালা খণ্ডৰ উত্তৰণ

74.85

257.96

9

ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ চুৰাইবাৰী-আগৰতালা খণ্ডৰ জ্যামিতিক উত্তৰণ

21.789

236.18

 

মুঠ

261.339

2752.49

 

***

RCJ/MS/KB



(Release ID: 1667636) Visitor Counter : 129