ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
সতর্কতা সচেতনতা সপ্তাহ, ২০২০
Posted On:
25 OCT 2020 12:40PM by PIB Guwahati
কেন্দ্রীয় সতৰ্কতা আয়োগে ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈকে সতৰ্কতা সচেতনতা সপ্তাহ পালন কৰিব। অহা ৩১ অক্টোবৰত চর্দাৰ বল্লভভাই পেটেলৰ জন্মদিন। এই উপলক্ষে প্রতি বছৰে এই সপ্তাহটিত সতর্কতা সচেতনতা সপ্তাহ পালন কৰা হয়। এই সচেতনতা সপ্তাহ অভিযানে নাগৰিকৰ অংশগ্ৰহণৰ জৰিয়তে জনজীৱনত অখণ্ডতা আৰু সততাৰ প্ৰসাৰত আমাৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰে।
২০২০ত সতৰ্কতা সচেতনতা সপ্তাহ ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈকে পালন কৰা হ’ব। এই বছৰৰ এই সপ্তাহৰ থীম হৈছে-"সতর্ক ভাৰত, সমৃদ্ধ ভাৰত (সজাগ ভাৰত, সমৃদ্ধ ভাৰত)"।
কেন্দ্রীয় তদন্তকাৰী সংস্থাই অহা ২৭ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈকে 'সতৰ্কতা আৰু দুর্নীতি বিৰোধ' বিষয়ৰ ওপৰত এক ৰাষ্ট্ৰীয় সম্মিলনৰ আয়োজন কৰিছে। ২৭ অক্টোবৰৰ বিয়লি ৫ বজাত এই সম্মিলন সম্বোধন কৰিব প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে। সতৰ্কতা সচেতনতা সপ্তাহ উদযাপনৰ এই অনুষ্ঠান ৱেবকাষ্ট লাইভ হ’ব আৰু কেন্দ্রীয় চৰকাৰৰ সকলো সংস্থা/বিভাগে ইয়াৰ জৰিয়তে অনুষ্ঠান প্ৰত্যক্ষ কৰিব পাৰিব।
সকলো সংস্থাকে কভিড-১৯ প্রতিৰোধৰ নির্দেশাৱলী যেনে মাস্ক পৰিধান কৰা, ‘দুগজ দূৰত্ব মানি চলা’ আৰু সকলো স্থানতে হাত ধোৱাৰ দৰে বিষয়সমূহ কঠোৰভাৱে মানি চলাৰ পৰামর্শ দিয়া হৈছে।
আয়োগে বিশ্বাস কৰে যে দুর্নীতি দেশৰ অগ্রগতিৰ এক প্রধান বাধা। আমাৰ জীৱনৰ সকলো ক্ষেত্রতে অখণ্ডতা বজাই ৰাখিবলৈ হলে সমাজৰ সকলো বিভাগে সজাগ থাকিব লাগিব। আয়োগে আশা প্ৰকাশ কৰে যে এই বছৰ যি সমূহ সংস্থাই সতৰ্কতা সচেতনতা সপ্তাহত অংশগ্ৰহণ কৰিব সেইসমূহে সংস্থাৰ আভ্যন্তৰীণ বিষয়ত বিশেষ নজৰ দিব।
সচেতনতাৰ বার্তা বিয়পাবলৈ সামাজিক মাধ্যম, বাল্ক এছএমএছ/ই-মেইল, হোৱাটছএপ, ইলেকট্রনিক আৰু প্রিন্ট মিডিয়া ইত্যাদিৰ সহায়ত ব্যাপক ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে।
*******
SNC/KG
(Release ID: 1667536)
Visitor Counter : 258