যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ-ছাইয়ে টেবুল টেনিছৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰক মঞ্জুৰী দিছে, ভাৰতীয় টেবুল টেনিছ মহাসংঘ-টিটিএফআইয়ে সোণীপতত শিবিৰৰ আয়োজন কৰিব

Posted On: 24 OCT 2020 5:42PM by PIB Guwahati

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে টেবুল টেনিছৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰক মঞ্জুৰী দিছে। এই শিবিৰ ২৮ অক্টোবৰৰ পৰা ৮ ডিচেম্বৰলৈকে আয়োজিত হ'ব। এই শিবিৰত ১১জন খেলুৱৈ (৫জন পুৰুষ আৰু ৬গৰাকী মহিলা) আৰু ৪জন সহায়ক কৰ্মচাৰী অন্তৰ্ভুক্ত হ'ব। ভাৰতীয় টেবুল টেনিছ মহাসংঘই, সোণীপতৰ দিল্লী পাব্লিক স্কুল-ডিপিএছত এই শিবিৰৰ আয়োজন কৰিব। শিবিৰৰ বাবে প্ৰায় ১৮ লাখ টকা স্বীকৃত কৰা হৈছে। ইয়াত বিমান যাত্ৰা আৰু চিকিৎসা ব্যয়ো অন্তৰ্ভুক্ত আছে।

 

শিবিৰত অন্তৰ্ভুক্ত হ'বলগীয়া খেলুৱৈ ডিপিএছ, সোণীপতত থকা আৱাসিক পৰিসৰত থাকিব। ক্ৰীড়া কাৰ্যকলাপ পুনৰ আৰম্ভ কৰিবৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা স্থাপিত মানক সঞ্চালন প্ৰক্ৰিয়া পালন কৰা হ'ব।

 

চলিত বছৰৰ মাৰ্চত কৰোণা ভাইৰাছৰ বাবে দেশব্যাপি পূৰ্ণ বন্দীৰ ঘোষণাৰ পিছত টেবুল টেনিছৰ বাবে এয়া প্ৰথম ৰাষ্ট্ৰীয় শিবিৰৰ আয়োজন কৰা হৈছে।

 

ৰাষ্ট্ৰ মণ্ডল ক্ৰীড়াৰ চাৰিবাৰৰ স্বৰ্ণ পদক বিজেতা অচন্তা শৰত কমল পুৰুষৰ প্ৰশিক্ষণ গোটৰ অংশ হ'ব। তেওঁৰ সৈতে মানুষ শাহ, মানব ঠক্কৰ, সুধাংশু গ্ৰোভাৰ আৰু জুবিন কুমাৰো প্ৰশিক্ষণ শিবিৰত অন্তৰ্ভুক্ত হ'ব। মহিলা প্ৰশিক্ষণ গোটত অনুষা কুটুম্বলে, দীয়া চিতলে, সুতীৰ্থ মুখাৰ্জী, অৰ্চনা কামত, তকমী সৰকাৰ আৰু কৌশানী নাথে ভাগ ল'ব। অৰ্চনা কামত টাৰ্গেট অলিম্পক প'ডিয়াম স্কীম বিকাশ সমূহৰ এটা অংশ আৰু ২০১৮ ইউথ অলিম্পকৰ ছেমি ফাইনেলিষ্ট। শিবিৰৰ পৰিবেশলৈ উভতি আহি আৰু দীৰ্ঘ সময়ৰ পিছত নিজৰ সতীৰ্থ খেলুৱৈসকলক লগ পাই আনন্দ প্ৰকাশ কৰি অৰ্চনাই কয়, ''মই বেংগালুৰুত ঘৰতে ট্ৰেইনিং কৰি আছিলো যদিও এটা এনেকুৱা শিবিৰৰ বাতাবৰণলৈ প্ৰত্যাৱৰ্তনৰ আশা কৰি আছিলো, য'ত মই দীঘলীয়া সময়ৰ পিছত ভাৰতীয় দলৰ নিজৰ সতীৰ্থ খেলুৱৈসকলৰ সৈতে লগ হৈ তেওঁলোকৰ সৈতে খেলিব পাৰো।'' কামতে কয় যে তেওঁৰ অন্তিম লক্ষ্য অলিম্পকৰ বাবে কোৱালিফাই কৰা আৰু তাত খেলা। সম্প্ৰতি তেওঁ মাত্ৰ এটা সময়ত এখন মেচৰ চিন্তাত মনোনিৱেশ কৰি আছে।

 

ভাৰতে অলপতে টেবুল টেনিছত বহুত ভাল প্ৰদৰ্শন কৰে। ২০১৮ ৰাষ্ট্ৰ মণ্ডল ক্ৰীড়াত ভাৰতে ৮টা পদক জিকাৰ লগতে সেই বছৰতে এছীয় ক্ৰীড়াতো প্ৰথমবাৰ পদক জিকাত সফল হয়।

 

*******

NB/OA



(Release ID: 1667386) Visitor Counter : 136