শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

৩৫ বছৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ পৰিচালন পৰিষদৰ অধ্যক্ষৰ দায়িত্ব ভাৰতৰ

Posted On: 23 OCT 2020 3:54PM by PIB Guwahati

ভাৰতে সুদীৰ্ঘ ৩৫ বছৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ পৰিচালন পৰিষদৰ অধ্যক্ষ পদৰ দায়িত্ব লাব কৰিছে৷ ভাৰতৰ সৈতে এই সংস্থাৰ সম্পর্ক ১০০ বছৰৰো অধিক পুৰণি৷ কেন্দ্রীয় শ্ৰম আৰু নিয়োগ বিভাগৰ সচিব শ্রী অপূর্ব চন্দ্ৰক সংস্থাৰ পৰিচালন পৰিষদৰ অধ্যক্ষ হিচাপে নির্বাচিত কৰা হৈছে৷ ২০২১ৰ জুন মাহলৈকে তেওঁ এই আন্তঃৰাষ্ট্ৰীয় পদৰ দায়িত্ব পালন কৰিব৷

আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ নীতি, কর্মসূচী আৰু বাজেট প্ৰস্তুত কৰা তথা মহাসচিব নির্বাচন এই পৰিচালন পৰিষদযোগে হৈ আহিছে৷ শ্রী চন্দ্ৰই ১৮৭জন সদস্যৰ এই সংস্থাৰ অহা নৱেম্বৰ মাহৰ বৈঠকত অধ্যক্ষতা কৰিব৷ জেনেভাত বৈঠকৰ সময়ত কেন্দ্রৰ শ্ৰম বজাৰ সম্পর্কীয় বিভিন্ন অচলাৱস্থা দূৰ কৰাৰ প্ৰচেষ্টা, সকলো কর্মচাৰীক সামাজিক সুৰক্ষাৰ আওতালৈ অনাৰ প্ৰয়াসৰ কথা সদস্য ৰাষ্ট্ৰসমূহক জনোৱাৰ সুযোগ লাভ কৰিব৷

শ্রী চন্দ্ৰই ১৯৮৮ চনৰ মহাৰাষ্ট্ৰ কেডাৰৰ আইএএছ বিষয়া৷ তেওঁ মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্রৰ বিভিন্ন গুৰুত্বপূর্ণ পদৰ দায়িত্ব পালন কৰিছে৷ ১ অক্টোবৰৰ পৰা অপূৰ্ব চন্দ্ৰই শ্ৰম আৰু নিয়োগ সচিবৰ দায়িত্ব গ্ৰহণ কৰে৷.

 

******

NB/RCJ/RNM/IA/DB



(Release ID: 1667272) Visitor Counter : 269