ৰাষ্ট্ৰপতি সচিবালয়
দুৰ্গা পূজাৰ শুভেচ্ছা জনালে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
Posted On:
23 OCT 2020 5:12PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেশৰ জনসাধাৰণলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে৷ এক শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়, ‘‘দুৰ্গা পূজাৰ এই পৱিত্ৰ ক্ষণত ভাৰত তথা বিদেশত বাস কৰা জনসাধাৰণলৈ শুভেচ্ছা জনাইছো৷
ভাৰতৰ সমগ্ৰ প্ৰান্ততে, বিশেষকৈ পূব ভাৰতত দহ দিনৰ বাবে দুৰ্গা পূজা পালন কৰা হয়৷ উৎসৱৰ সময়ছোৱাত ভক্তসকলে শক্তিৰ অধিষ্ঠাত্ৰা দেৱী মা দুৰ্গা, বিদ্যাৰ দেৱী সৰস্বতী আৰু ঐশ্বৰ্যৰ দেৱী লক্ষ্মীক আৰাধানা কৰে৷ দুৰ্গা পূজাৰ এই সময়ছোৱাতে নাৰীৰ প্ৰতি থকা আমাৰ সন্মানৰ পৰম্পৰা উদ্ভাসিত হৈ উঠে৷ এই উপলক্ষে আমি সকলোৱে নাৰী অৰ্থাৎ মাতৃ শক্তিৰ সন্মান আৰু সৱলীকৰণৰ দিশত গুৰুত্ব প্ৰদান কৰা উচিত৷’’
ৰাষ্ট্ৰপতিৰ বাৰ্তা হিন্দীত পঢ়িবলৈ ইয়াত ক্লিক কৰক
(Release ID: 1667267)
Visitor Counter : 147
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam