স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ডাঃ হৰ্ষ ৱৰ্ধনে উত্তৰ প্ৰদেশত ক’ভিড-১৯ৰ প্ৰস্তুতি আৰু গ্ৰহণ কৰা পদক্ষেপসমূহৰ পুনৰীক্ষণ কৰে

‘‘আগন্তুক ৩ মাহ দেশত ক’ভিডৰ স্থিতি নিৰ্ধাৰণ কৰাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ সময়৷ যদি আমি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰো আৰু আগন্তুক উৎসৱ তথা শীতৰ বতৰত ক’ভিডৰ নীতিসমূহ মানি চলো তেন্তে ক’ৰোনাৰ বিৰুদ্ধে নিশ্চয়কৈ জয়ী হ’ম’’

Posted On: 23 OCT 2020 4:10PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ভিডিঅ’ কনফাৰেন্সযোগে উত্তৰ প্ৰদেশত ক’ভিড-১৯ৰ প্ৰস্তুতি আৰু গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণ কৰে৷

বৈঠকৰ আৰম্ভণিতে ৰাজ্যখনে ক’ভিড-১৯ৰ বিৰুদ্ধে গ্ৰহণ কৰা ক’ভিড যোদ্ধাসকলৰ ভূমিকাক প্ৰশংসা কৰে৷ তেওঁ কয় যে বিগত তিনি মাহত দেশবাসীয়ে ক’ভিড পেৰামিটাৰৰ যথেষ্ট উন্নত হোৱা পৰিলক্ষিত কৰিছে৷ ‘‘প্ৰতি দিনে ৯৫,০০০ কৈ লোক ৰোগত আক্ৰান্ত হোৱাৰ পৰা আৰম্ভ কৰি এতিয়া প্ৰতি দিনে এই সংখ্যা ৫৫,০০০ লৈ হ্ৰাস হৈছে৷ আৰোগ্যৰ হাৰ ৯০%লৈ বৃদ্ধি পাইছে৷ মৃত্যুৰ হাৰো হ্ৰাস পাইছে৷ চিএফআৰ ১.৫১% হৈছে আৰু ১%লৈ তলত যোৱাৰ লক্ষ্যৰ দিশত অগ্ৰসৰ হৈছে’’, তেওঁ এইদৰে কয়৷

তেওঁ কয়, ‘‘সক্ৰিয় ৰোগীৰ সংখ্যা ৭ লাখতকৈ কম হৈছে আৰু দ্বিগুণ হাৰ ৯৭.২ লৈ বৃদ্ধি পাইছে৷ এটা গৱেষণাগাৰৰ পৰা আৰম্ভ হোৱা যাত্ৰা এতিয়া প্ৰায় ২০০০ টা গৱেষণাগাৰত চলিব ধৰিছে৷ দেশত মুঠ ১০ কোটিতকৈও অধিক সংখ্যক পৰীক্ষণ অনুষ্ঠিত হৈছে৷ ’’

ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰিয়তে আমি ক’ভিড-১৯ক পৰাভূত কৰিব পাৰো৷ আগন্তুক তিনি মাহ সময় দেশৰ বাবে ক’ভিডৰ স্থিতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সময় হিচাপে বিবেচিত হ’ব৷ যদি আমি আগন্তুক উৎসৱকালীন বতৰ তথা শীতৰ সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰো তেন্তে আমি নিশ্চয়কৈ ক’ৰোনাৰ বিৰুদ্ধে যুঁজত উন্নত অৱস্থানত উপনীত হ’ম৷

বৈঠকত তেওঁ উত্তৰ প্ৰদেশৰ মৃত্যুৰ হাৰ ১.৪৬ যি ৰাষ্ট্ৰীয় গড়তকৈও কম বুলি উল্লেখ কৰে৷ তাৰোপৰি ৰাজ্যখনৰ আৰোগ্যৰ হাৰ (৯২.২%) ৰাষ্ট্ৰীয় গড়তকৈও অধিক বুলি তেওঁ উল্লেখ কৰে৷

আজিৰ বৈঠকখনত কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণ, অতিৰিক্ত সচিব  (স্বাস্থ্য) শ্ৰীমতী আৰতি আহুজা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী লাভ অগ্ৰৱালো উপস্থিত আছিল৷ তাৰোপৰি বৈঠকখনত অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও ভাৰ্চুৱেলী যোগদান কৰে৷

****

MV/SJ

HFW/HFM VC with UP/23October2020/3/MANN



(Release ID: 1667265) Visitor Counter : 150