গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

খাৰিফ বিপণন সত্ৰ ২০২০-২১ৰ সময়ছোৱাত এমএছপিৰ কাৰ্যাৱলী

খাৰিফ ২০২০-২১ৰ বাবে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তামিলনাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু-কাশ্মীৰ আৰু কেৰালাত ধানৰ ক্ৰয় প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে; প্ৰায় ১০.০৯ লাখ কৃষক উপকৃত হৈছে

Posted On: 22 OCT 2020 5:19PM by PIB Guwahati

খাৰিফ বিপণন সত্ৰ ২০২০-২১ত চৰকাৰৰ দ্বাৰা বিদ্যমান এমএছপি যোজনা অনুসৰি কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত খাৰিফ ফচলসমূহৰ ক্ৰয় প্ৰক্ৰিয়া অব্যাহত আছে যি বিগত বছৰসমূহতো সম্পন্ন হৈছিল৷

খাৰিফ ২০২০-২১ৰ বাবে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তামিলনাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু-কাশ্মীৰ আৰু কেৰালাত ধানৰ ক্ৰয় প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে৷ ২১ অক্টোবৰ ২০২০লৈ এই ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ কৃষকৰ পৰা ১১৬.৬৬ লক্ষাধিক মেট্ৰিকটন ধান ক্ৰয় কৰা হৈছে যি যোৱা বৰ্ষৰ সময়ছোৱাত ৯০.৭৬ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰা হৈছিল৷ অৰ্থাৎ যোৱা বছৰৰ তুলনাত ২৮.৫৫% অধিক ধান ক্ৰয় কৰা হৈছে৷ এই ক্ৰয় প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰায় ১০.০৯ লাখ কৃষক উপকৃত হৈছে৷  

ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ আধাৰত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা খাৰিফ বিপণন ২০২০ ঋতুৰ বাবে ৪৩.২৪ লাখ মেট্ৰিকটন দাইল আৰু তিলৰ ক্ৰয় প্ৰক্ৰিয়াত অনুমোদন প্ৰদান কৰা হৈছে৷ ইয়াৰোপৰি অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিকটন বাৰমহীয়া ফচলৰ ক্ৰয়ৰ বাবেও অনুমোদন প্ৰদান কৰা হৈছে৷

তাৰোপৰি ২১ অক্টোবৰ ২০২০ পৰ্যন্ত চৰকাৰে নিজৰ নোডেল এজেন্সীসমূহৰ জৰিয়তে ৮৮৩.৩৪ মেট্ৰিকটন মুগ আৰু অৰহৰ দাইলৰ ক্ৰয় এমএছপি মূল্যত কৰিছে৷ ঠিক সেইদৰে তামিলনাডু, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ ৮৬২ কৃষকৰ ৬ কোটি ৩৬ লাখ টকাৰ উপাৰ্জন হৈছে৷

পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্য প্ৰদেশত কপাহৰ ক্ৰয়ৰ প্ৰক্ৰিয়া ন্যূনতম সমৰ্থন মূল্যৰ অধীনত সুচাৰুৰূপে চলিবলৈ ধৰিছে৷ ২১ অক্টোবৰ ২০২০ পৰ্যন্ত ৭৬৮২১.০১ লাখ টকা মূল্যৰ ২৭২১৩৬ কপাহ গাঁঠৰ ক্ৰয় ৫৩১৮১ কৃষকৰ পৰা কৰা হৈছে৷ 

 

 

*****

APS/SG/MANN


(Release ID: 1666953) Visitor Counter : 149