সাংস্কৃতিক মন্ত্ৰালয়

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) শ্ৰী প্ৰহ্লাদ সিংহ পেটেলে ''লাইফ ইন মিনিয়েচাৰ'' পৰিকল্পনা আৰম্ভ কৰে

''লাইফ ইন মিনিয়েচাৰ'', ৰাষ্ট্ৰীয় সংগ্ৰহালয়, নতুন দিল্লী আৰু গুগল আৰ্টছ এণ্ড কালচাৰৰ সংযুক্ত পৰিকল্পনা

নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা কেইবাশ লঘু চিত্ৰক ''লাইফ ইন মিনিয়েচাৰ'' প্ৰকল্পৰ মাধ্যমেৰে বিশ্বজুৰি মানুহে অনলাইনত চাব পাৰিবঃ শ্ৰী পেটেল

g.co/LifeInMiniature লিংকত ক্লিক কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰসিদ্ধ লঘু চিত্ৰৰ সংগ্ৰহ সম্পূৰ্ণ বিৱৰণসহ চাব পাৰিব

Posted On: 22 OCT 2020 4:03PM by PIB Guwahati

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) শ্ৰী প্ৰহ্লাদ সিংহ পেটেলে ভাৰ্চুৱেল মাধ্যমত ''লাইফ ইন মিনিয়েচাৰ'' পৰিকল্পনা আজি আৰম্ভ কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু গুগল আৰ্টছ এণ্ড কালচাৰৰ সংযুক্ত পৰিকল্পনা।

 

পৰিকল্পনাৰ শুভাৰম্ভ উপলক্ষে শ্ৰী প্ৰহ্লাদ সিংহ পেটেলে প্ৰধানমন্ত্ৰীৰ ''ডিজিটেল ইণ্ডিয়া'' পদক্ষেপৰ গুৰুত্ব আৰু ভাৰতৰ ঐতিহ্য সংৰক্ষণত প্ৰযুক্তিৰ ভূমিকা ব্যাখ্যা কৰে। তেওঁ প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ নেতৃত্ব আৰু নতুন উপাদনৰ বাবে নিজৰ মনোযোগ কেন্দ্ৰীভূত কৰা বাবে গুগলৰ প্ৰশংসা কৰে। তেওঁ জোৰ দি কয় যে সামাজিক সবলীকৰণ আৰু সমাবেশনৰ বাবে গুগলৰ সংকল্পবদ্ধতা ভাৰতৰ বাবে এক প্ৰকৃত সম্পদ।

 

শ্ৰী পেটেলে কয় যে ''লাইফ ইন মিনিয়েচাৰ'' নামৰ এক নতুন পৰিকল্পনাত বিশ্বজুৰি মানুহে গুগল আৰ্টছ এণ্ড কালচাৰত আজিৰ পৰা নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ কেইবাশ লঘু চিত্ৰ চাব পাৰিব। পৰিকল্পনাত মেচিন লাৰ্নিং, সংবৰ্ধিত বাস্তৱিকতা আৰু উচ্চ পৰিভাষা ৰবট কেমেৰাৰে ডিজিটেলীকৰণৰ দৰে টেকনিক প্ৰয়োগ কৰি অভিনৱ পদ্ধতিৰে কলাৰ এই বিশেষ কাৰ্যাৱলী প্ৰদৰ্শন কৰা হ'ব।

 

এই পৰিকল্পনাৰ লঞ্চৰ আন এটা মুখ্য আকৰ্ষণ হৈছে মেচিন লাৰ্নিং-আধাৰিত এলগ'ৰিডম যি অনলাইনলৈ অনা চিত্ৰৰ কৰ্পছৰ বাবে, যাতে ব্যৱহাৰকাৰীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা নিৰ্দেশিত এই অনুপম লঘু চিত্ৰসমূহ বিচাৰি উলিয়াব পাৰে। এখন লঘু চিত্ৰকলা চোৱাটো এক দুৰ্লভ আনন্দ। এই অনুভৱৰ নাম ''মেগনিফাই মিনিয়েচাৰ''। যি অনলাইন ব্যৱহাৰকাৰীক একে সময়তে কেইবাটাও কলাকৃতীৰ ঠিকনা উলিয়াবলৈ সক্ষম কৰি তোলে, যিটো এক চমকপ্ৰদ নতুন অনুভৱ।

 

ব্যৱহাৰকাৰীয়ে ''লাইফ ইন মিনিয়েচাৰ''ৰ লগতে g.co/LifeInMiniatureত কেইটামান ক্লিক কৰিয়েই ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰসিদ্ধ লঘু চিত্ৰৰ সংগ্ৰহ, যেনে ৰামায়ণ, ৰয়েল গাঁথা, পাহাৰীয়া শৈলীৰ চিত্ৰসমূহ সম্পূৰ্ণ বিৱৰণসহ চাব পাৰিব। এই পৰিকল্পনাই ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু গুগল আৰ্টছ এণ্ড কালচাৰৰ মাজত ব্যাপক সহযোগিতা শক্তিশালী কৰিছে যাৰ বাবে ২০১১ত এটা পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল। গুগল ব্লগপোষ্টত ইয়াৰ বিষয়ে অধিক পঢ়ক।

 

নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ বিষয়েঃ

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় সংগ্ৰহালয় দেশৰ এটা প্ৰধান সাংস্কৃতিক প্ৰতিষ্ঠান। ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত আজিৰ তাৰিখত ভাৰতীয় আৰু বিদেশী দুয়োবিধৰ ২,০০,০০০ পুৰাতন আৰু কলা সামগ্ৰী আছে যি ভাৰতীয় আৰু বিদেশী দুয়োটা মূলৰ সাংস্কৃতিক ঐতিহ্য ৫,০০০তকৈও অধিক বছৰৰ পৰা সামৰি লৈছে। বৰ্তমান মহামাৰীৰ সময়ত ডিজিটেল প্লেটফৰ্মৰ মাধ্যমত আগন্তুক ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সৈতে সংযুক্ত হৈ আছে।

 

গুগল আৰ্টছ এণ্ড কালচাৰৰ বিষয়েঃ

এটা ক্লিকতে গুগল আৰ্টছ এণ্ড কালচাৰত ২,০০০তকৈও অধিক সংগ্ৰহালয়ৰ সংগ্ৰহ চাব পাৰি। ই কলা, ইতিহাস আৰু পৃথিৱীৰ আশ্চৰ্যৰ সন্ধান কৰাৰ এটা চমকপ্ৰদ পদ্ধতি। গুগল আৰ্টছ এণ্ড কালচাৰ এপ আই অ' এছ আৰু এণ্ড্ৰইডত অনলাইন বিনামূলীয়াকৈ উপলব্ধ।

 

*******

NB/AKJ



(Release ID: 1666929) Visitor Counter : 162