অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

উড়ান পৰিকল্পনাক দীৰ্ঘস্থায়ী কৰাৰ দিশত কৰা কাৰ্যঃ প্ৰদীপ সিংহ খাৰোলা

উড়ানৰ সৈতে ৫০টা সেৱাৰত নথকা আৰু থকা বিমান বন্দৰক সংলগ্ন কৰা হৈছে

আৰচিএছ- উড়ানৰ চতুৰ্থ বৰ্ষপূৰ্তি

উড়ান দিৱসৰ আয়োজন

Posted On: 21 OCT 2020 4:35PM by PIB Guwahati

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ সচিব শ্ৰী প্ৰদীপ সিংহ খাৰোলাই কয় যে উড়ান পৰিকল্পনা দীৰ্ঘস্থায়ী কৰা আৰু নিজৰ শক্তিৰ ওপৰত সঞ্চালিত কৰা তথা ইয়াৰ দক্ষতা উন্নত কৰিবৰ বাবে সকলো পক্ষই কাম কৰা উচিত। উড়ান দিৱস উপলক্ষে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আয়োজিত এক কাৰ্যক্ৰমত তেওঁ কয় যে উড়ান পৰিকল্পনাৰ আৰম্ভ সাধাৰণ মানুহক দূৰৈত থকা ঠাইলৈ সস্তাত বিমান যাত্ৰাৰ সুবিধা উপলব্ধ কৰাবৰ বাবে কৰা হৈছিল। শ্ৰী খাৰোলাই সকলো পক্ষ আৰু উড়ান পৰিকল্পনাৰে জড়িত কৰ্মীসকলক এই পৰিকল্পনা সফল কৰি তোলাৰ দিশত কৰি থকা প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনায়। তেওঁ এয়াৰলাইন কোম্পানীক এই পৰিকল্পনাৰ বিষয়ে অধিক প্ৰচাৰ-প্ৰসাৰৰ বাবে অনুৰোধ কৰে যাতে উড়ানৰ মুনাফা অধিক লোকে লাভ কৰিব পাৰে। ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আয়োজিত এই কাৰ্যক্ৰমত এএআই, ডিজিচিএ, এমঅ'চিএ আৰু এয়াৰলাইন কোম্পানীসমূহে ভাগ লয়।

 

শ্ৰী খাৰোলাই কয় যে এই পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে ইয়াত বিভিন্ন এজেঞ্চি একত্ৰিত হৈছে আৰু এই পৰিকল্পনা সফল কৰি তুলিবলৈ একেলগে কাম কৰি আছে। উড়ানৰ কাৰ্যকাৰিতাৰ ফলত বিমান সেৱাৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক গঢ়ি উঠিছে, যি সমগ্ৰ দেশতে জনসাধাৰণৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। এইদৰেই লাভাৰ্থী সময় সাপেক্ষ অঞ্চল ভিত্তিক ৰুট আৰম্ভ কৰাৰ দাবী কৰিব পৰা যায়। ভাৰতীয় বিমানপট্টন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অৰবিন্দ সিংহই কয় যে এএআই উড়ান পৰিকল্পনাৰ অধীনত দেশজুৰি প্ৰাথমিক আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ সংকল্পবদ্ধ।

 

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ সংযুক্ত সচিব শ্ৰীমতী উষা পাধীয়ে উড়ান পৰিকল্পনাক সফল কৰি তুলিবলৈ সকলোৰে প্ৰয়াসৰ বাবে তেওঁলোকক ধন্যবাদ দিয়ে। ভাৰত চৰকাৰে উড়ান পদক্ষেপৰ যোগদানক স্বীকাৰ কৰি ২১ অক্টোবৰ, ২০২০ক উড়ান দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে। ২১ অক্টোবৰতে উড়ান পৰিকল্পনাৰ নথিপত্ৰ প্ৰথমবাৰ জাৰি কৰা হৈছিল।

 

আৰচিএছ-উড়ান 'উড়ে দেশ কা আম নাগৰিক' ভাৰত চৰকাৰৰ এটা মহত্বপূৰ্ণ পৰিকল্পনা যাৰ উদ্দেশ্য হৈছে ক্ষেত্ৰীয় বিমান পথৰ দ্বাৰা সাধাৰণ মানুহক সস্তীয়া আৰু সুলভ বিমান যাত্ৰাৰ মুনাফা উপলব্ধ কৰোৱা। এই ক্ষেত্ৰীয় সম্পৰ্ক পৰিকল্পনাই মানুহক কম দামত বিমান যাত্ৰাৰ সুবিধা প্ৰদান কৰে। দেশৰ উৰণ ক্ষেত্ৰত নতুন বিমান বন্দৰ আৰু বিমান পথ সংযোগ কৰাত উড়ান পৰিকল্পনাৰ বিশেষ ভূমিকা আছে। সম্পূৰ্ণ ভাৰতত উড়ান পৰিকল্পনাৰ অধীনত ২৮৫টা বিমান পথৰ অন্তৰ্গত ৫০টা সেৱাৰত নথকা আৰু থকা বিমান বন্দৰক সংলগ্ন কৰা হৈছে। ইয়াত ৫টা হেলিপ'ৰ্টো অন্তৰ্ভুক্ত আছে। এই পৰিকল্পনাৰ বাবে প্ৰাথমিক আন্তঃগাঁথনি উপলব্ধ কৰোৱা এজেঞ্চি হিচাপে ভাৰতীয় বিমানপট্টন প্ৰাধিকৰণৰ গুৰুত্বপূৰ্ণ প্ৰস্তুতি ২০২৪লৈকে ১০০টা বিমান বন্দৰ/ৱাটাৰড্ৰোম/হেলিপ'ৰ্ট বিকশিত কৰা।

 

*******

RJ/NG



(Release ID: 1666690) Visitor Counter : 251