পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

অসমত দেশৰ প্ৰথমখন মাল্টি-মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন কৰিলে শ্ৰী নীতিন গাডকাৰীয়ে

৬৯৩.৯৭কোটি টকীয়া পাৰ্কখনে বায়ু, পথ, ৰেল আৰু জলপথ সংযোগৰ প্ৰত্যক্ষ সুবিধা প্ৰদান কৰিব

এই প্ৰকল্পই ৰাজ্যখনৰ প্ৰায় ২০ লাখ যুৱকক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে

प्रविष्टि तिथि: 20 OCT 2020 3:08PM by PIB Guwahati

কেন্দ্রীয় পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্রী শ্রী নীতিন গাডকাৰীয়ে আজি অসমৰ যোগীঘোপাত দেশৰ প্রথমখন মাল্টি-মডেল লজিষ্টিক পার্কৰ আধাৰশিলা স্থাপন কৰে ৬৯৩.৯৭ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া এই পার্কখনে ৰাইজক বায়ু, পথ, ৰেল আৰু জলপথেৰে প্ৰত্যক্ষ সংযোগ স্থাপনৰ সুবিধা প্রদান কৰিব। কেন্দ্রীয় চৰকাৰৰ অভিলাষী ভাৰতমালা পৰিযোজনাৰ অধীনত ইয়াক গঢ়ি তোলা হব। ভার্চুৱেল মাধ্যমত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী শ্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় মন্ত্রী ডঃ জীতেন্দ্র সিং, জেনেৰেল (ৱসৰপ্রাপ্ত) ডঃ ভি কে সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী। ইয়াৰউপৰি অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ,বিধায়ক আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে

 

অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়, দেশৰ বিভিন্ন ৰাজ্যত ৩৫খন মাল্টি মডেল লজিষ্টিক পার্ক ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰে বহুকেইখন লজিষ্টিক পার্কৰ পৰিকল্পনা তৈয়াৰী হৈ উঠিছে আৰু কেইবাখন পার্কৰ প্রতিবেদন প্ৰস্তুতৰ কাম চলি আছেতেওঁ কয়, প্রতিটো কামৰ বাবে এখন কমিটি গঠন কৰা হব আৰু এইসমূহত পেছাদাৰী চিইঅ নিয়োগ কৰা হমন্ত্রীগৰাকীয়ে কয়, যোগীঘোপাত যিখন মাল্টি মডেল লজিষ্টিক পার্ক গঢ়ি তোলা হৈছে ইয়ে পথ, ৰেল আৰু বিমান পথক সংযুক্ত কৰিবতেওঁ কয়,  ব্রহ্মপুত্র সংলগ্ন ৩১৭ একৰ ভূমিত উন্নয়নমূলক কাম-কাজ হাতত লোৱা হৈছে। এই লজিষ্টিক পার্ক নির্মাণৰ প্রথম পৰ্যায়ৰ কাম ২০২৩ চনৰ ভিতৰত শেষ হব বুলি তেওঁ জানিবলৈ দিয়েতেওঁ কয়, এই কামৰ বাবে ইতিমধ্যে ২৮০ কোটি টকা মোকলাই দিয়া হৈছে যাৰ ভিতৰত ১৭১ কোটি টকা ব্যয় সাপেক্ষে পথ নির্মাণ, ৮৭ কোটি টকা ব্যয় সাপেক্ষে আন্তঃগাঁথনি নিৰ্মাণ, ২৩ কোটি টকা ব্যয় সাপেক্ষে ৰেললাইন নিৰ্মাণৰ কাম কৰা হ অহা মাহৰ পৰাই এই প্রকল্পৰ কাম আৰম্ভ কৰা ব বুলিও তেওঁ জনায়শ্রী গাডকাৰীয়ে কয়, এই প্রকল্পৰ জৰিয়তে প্রত্যক্ষ আৰু পৰোক্ষভাৱে প্রায় ২০ লাখ যুৱকে কর্মসংস্থাপনৰ সুযোগ লাভ কৰিব

 

 

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আৰু কয়, ইয়াৰ অধীনত যোগীঘোপা আৰু গুৱাহাটীৰ মাজত ১৫৪ কিলোমিটাৰ দূৰত্বৰ বাবে এটা ৪ লেনৰ পথ নির্মাণ কৰা হব। ইয়াৰ উপৰি যোগীঘোপাৰ সৈতে বিভিন্ন স্থানৰ সংযোগ স্থাপনৰ বাবে ৰেল আৰু পথ নির্মাণৰ কাম কৰা হশ্রী গাডকাৰীয়ে জনায়, নাগপুৰৰ ৱার্ধা ড্রাই পোর্ট অঞ্চলত জেএনপিটি-ৰ সহায়ত ৩৪৬ একৰ ভূমিত এখন মাল্টি মডেল লজিষ্টিক পার্ক নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি বেংগালুৰু, পঞ্জাৱ, চুৰাট, মুম্বাই, ইন্দোৰ, পাটনা, হায়দৰাবাদ, বিজয়ৱাড়া আৰু কইম্বটোৰত এই ধৰণৰ মাল্টি মডেল লজিষ্টিক পার্ক নিৰ্মাণৰ বাবে প্রতিবেদন প্ৰস্তুত কৰা হৈছেএকেদৰে চেন্নাই বিমানবন্দৰ, পুনে আৰু লুধিয়ানাত মাল্টি মডেল লজিষ্টিক পার্কৰ বাবে পৰীক্ষা-নিৰীক্ষাৰ কাম কৰি থকা হৈছেতেওঁ কয়, অসমত ৮০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় পথ নির্মাণৰ কাম অতি শীঘ্রে আৰম্ভ হব। ইয়াৰ ভিতৰত ৩ হাজাৰ ৫৪৫ কোটি টকা ব্য সাপেক্ষে নিৰ্মাণ কৰা ৫৭৫ কিলোমিটাৰ পথৰ কাম এই বছৰৰ ভিতৰতে শেষ কৰা হব। অসমত পথ নির্মাণৰ বাবে সাংসদ আৰু বিধায়কসকলে যি প্রস্তাৱ দিছিল সেয়া অনুমোদিত হৈছে বুলিও তেওঁ জনায়

 

 

উত্তৰ পূর্বাঞ্চল উন্নয়ন মন্ত্রালয়ৰ স্বতন্ত্ৰ দায়িত্বপ্রাপ্ত ৰাজ্যমন্ত্রী ডঃ জীতেন্দ্র সিঙে কয়, এই মাল্টি মডেল লজিষ্টিক পার্ক গঢ়ি উঠাৰ ফলত অঞ্চলটোত আর্থিক বিকাশ সম্ভৱ হশ্রী গাডকাৰীয়ে জৰাজীর্ণ পথসমূহৰ সংস্কাৰৰ বাবে যি উদ্যোগ হাতত লৈছে তাৰ বাবে বিশেষ ধন্যবাদ জনায় তেওঁএই মাল্টি মডেল লজিষ্টিক পার্কৰ সহায়ত বাণিজ্য, উদ্যোগ আৰু পৰিবহণ উদ্যোগতো বিশেষ সুবিধা লাভ হব বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে

 

 

আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী শ্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় মন্ত্রী ডঃ জীতেন্দ্র সিং, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জেনেৰেল (ৱসৰপ্রাপ্ত) ডঃ ভি কে সিং আৰু খাদ্য সংসাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ফণীভূষণ চৌধুৰীয়েও ভাষণ দিয়ে।

 

 

 ******


(रिलीज़ आईडी: 1666315) आगंतुक पटल : 273
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Tamil , Telugu