পঞ্চায়তীৰাজ মন্ত্ৰালয়
খণ্ড আৰু জিলা উন্নয়ন পৰিকল্পনাৰ প্ৰস্তুতিৰ ৰূপৰেখা প্ৰকাশ কৰিলে কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে
এই ৰূপৰেখাই স্থানীয়ভাৱে উপলব্ধ সম্পদ, স্থানীয় লোকৰ আকাংক্ষা আৰু প্ৰাথমিকতা অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰি খণ্ড আৰু জিলা পৰ্যায়ত সামগ্ৰিক বিকাশত উদগনি যোগাব
Posted On:
20 OCT 2020 3:54PM by PIB Guwahati
কেন্দ্রীয় গ্রামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্রী শ্রী নৰেন্দ্র সিং টোমৰে আজি ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমেৰে খণ্ড আৰু জিলা উন্নয়ন পৰিকল্পনাৰ প্ৰস্তুতিৰ ৰূপৰেখা প্রকাশ কৰে। এই ৰূপৰেখা হৈছে পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে খণ্ড আৰু জিলা পঞ্চায়তৰ বাবে এক পদক্ষেপগত নিৰ্দেশিকা আৰু উপযুক্ত স্তৰত পৰিকল্পনাকাৰী, সংশ্লিষ্ট অংশগ্ৰহণকাৰীসকলক সহায় কৰিব।
শ্রী টোমৰে আশা প্রকাশ কৰে যে, এই ৰূপৰেখাই স্থানীয়ভাৱে উপলব্ধ সম্পদ, স্থানীয় লোকৰ আকাংক্ষা আৰু প্ৰাথমিকতা অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰি খণ্ড আৰু জিলা পৰ্যায়ত সামগ্ৰিক বিকাশত নিশ্চিতভাৱে উদগনি যোগাব। ইয়াৰ ফলত গ্রামাঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত হোৱাৰ লগতে সংশ্লিষ্ট বিকেন্দ্রীকৃত পৰিকল্পনাৰ জৰিয়তে উন্নয়নমূলক কামত সকলোকে জড়িত কৰোৱা হ’ব।
বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ মুখ্য সচিব, সচিব আৰু পঞ্চায়তীৰাজ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপৰিও গ্রামোন্নয়নৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ প্রতিনিধিসকলে এই অনুষ্ঠানত অংশ লয়।
সংবিধানৰ ৭৩ তম সংশোধনী অনুসৰি দেশত ত্রিস্তৰীয় পঞ্চায়ত ব্যৱস্থা আৰম্ভ হৈছে। গাঁও পৰ্যায়ত গাঁও পঞ্চায়ত, ব্লক পৰ্যায়ত ইণ্টাৰমিডিয়েট পঞ্চায়ত আৰু জিলা স্তৰত জিলা পঞ্চায়ত-এই তিনি ব্যৱস্থাৰ জৰিয়তে গ্রামাঞ্চলৰ প্রশাসনিক কাম-কাজ কৰা হৈছে। পঞ্চদশ বিত্তীয় আয়োগে ২০২০-২১ বৰ্ষত জিলা পঞ্চায়ত আৰু ইণ্টাৰমিডিয়েট পঞ্চায়তক ধন বিতৰণ কৰিছে। পঞ্চায়তসমূহৰ বাবে বিতৰণ কৰা ৬০৭৫০ কোটি টকাৰ ভিতৰত গাঁও পঞ্চায়তসমূহক ৪৫৭৭৪.২ কোটি টকা, ইণ্টাৰমিডিয়েট পঞ্চায়তক ৮৭৫০.৯৫ কোটি টকা আৰু জিলা পঞ্চায়তক ৬২২৪.৮৫ কোটি টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পঞ্চায়তীৰাজ বিভাগৰ প্রাক্তন বিশেষ সচিব ডঃ বালা প্রসাদৰ নেতৃত্বত কেন্দ্রই এখন কমিটি গঠন কৰিছে। এই কমিটিয়ে উন্নয়নৰ ৰূপৰেখা প্ৰস্তুত কৰিছে।
*****
APS/SG/KG
(Release ID: 1666313)
Visitor Counter : 168