প্ৰতিৰক্ষা মন্ত্ৰালয়

সেনা বাহিনীৰ উপ মুখ্য সেনাপ্ৰধান, লেফটেনেণ্ট জেনেৰেল এছ কে ছৈনীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

प्रविष्टि तिथि: 16 OCT 2020 11:15AM by PIB Guwahati

সেনা বাহিনীৰ উপ মুখ্য সেনাপ্ৰধান, লেফটেনেণ্ট জেনেৰেল এছ কে ছৈনীয়ে ১৭ৰ পৰা ২০ অক্টোবৰ ২০২০ পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দুয়োখন দেশৰ সেনাবাহিনীৰ মাজৰ সহযোগিতা সম্প্ৰসাৰণ সম্পৰ্কীয় প্ৰসংগক লৈয়ে এই যাত্ৰা কৰা হব।

উপ মুখ্য সেনাপ্ৰধানগৰাকীয়ে মাৰ্কিন সেনাৰ প্ৰশান্ত মহাসাগৰীয় কমাণ্ড(ইউএছএআৰপিআৰএচি), ইন্দো-পেচিফিক কমাণ্ড(ইণ্ডোপেকম) পৰিদৰ্শন কৰাৰ লগতে মাৰ্কিন সেনাৰ বিভিন্ন প্ৰশিক্ষণ আদিৰ বুজ লোৱাৰ উপৰি সেনাবাহিনীৰ নেতৃবৃন্দৰ সৈতে মত বিনিময় কৰিব। পৰৱৰ্তি সময়ত তেওঁ ইণ্ডোপেকম পৰিদৰ্শন কৰিব আৰু সামৰিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰাৰ লগতে সামগ্ৰী সংগ্ৰহ, প্ৰশিক্ষণ, যুটীয়া অনুশীলন আৰু সামৰ্থ্য বৰ্ধন সন্দৰ্ভত আলোচনা কৰিব।

এই ভ্ৰমণে দুয়ো দেশৰ সেনাবাহিনীৰ মাজত সহযোগিতাৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে কভিড-১৯ৰ সংকটৰ বাধ্যবাধকতাৰ মাজতো দুয়ো দেশৰ যুটীয়া অনুশীলনত ভাৰতৰ অংশগ্ৰহণৰ গুৰুত্বক প্ৰতীয়মান কৰিব। সেয়া হৈছে, যুদ্ধ অভ্যাস(ফেব্ৰুৱাৰী ২০২১) আৰু বজ্ৰ প্ৰহাৰ(মাৰ্চ ২০২১)।

 

***

 

AA/VY/KC/KB


(रिलीज़ आईडी: 1665607) आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Tamil , Malayalam