স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কেৰালা, কর্ণাটক, ৰাজস্থান, ছত্তিশগড় আৰু পশ্চিম বংগলৈ উচ্চস্তৰীয় কেন্দ্রীয় দল প্ৰেৰণ কেন্দ্ৰৰ

কেন্দ্রীয় দলসমূহে নির্দিষ্ট এলেকাত সংক্রমণ সীমিত ৰখা, নিৰীক্ষণ, নমুনা পৰীক্ষা, সংক্রমণ প্রতিৰোধ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থাপনা মজবুত কৰাত সহায় কৰিব

Posted On: 16 OCT 2020 11:34AM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে কেৰালা, কর্ণাটক, ৰাজস্থান, ছত্তিশগড় আৰু পশ্চিম বংগলৈ উচ্চস্তৰীয় কেন্দ্রীয় দল প্ৰেৰণ কৰিছে। শেহতীয়াভাৱে এই ৰাজ্যসমূহত নতুনকৈ কৰনাত আক্রান্তৰ ঘটনা বৃদ্ধি পোৱা বাবে কেন্দ্রীয় দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

প্রতিটো দলতেই যুটীয়া সচিব পর্যায়ৰ এগৰাকী বিষয়া(সংশ্লিষ্ট ৰাজ্যখনৰ বাবে নডেল বিষয়া),জনস্বাস্থ্যৰ বিভিন্ন দিশ চোৱা-চিতা কৰিবলৈ এজন জনস্বাস্থ্য বিশেষজ্ঞ, ৰাজ্যসমূহে গ্ৰহণ কৰা সংক্ৰমণ প্ৰতিৰোধ প্ৰক্ৰিয়া, ক্লিনিকেল মেনেজমেণ্ট প্ৰটকল চোৱা-চিতা কৰিবলৈ বাবে এজন চিকিৎসক থাকিব।

 

কেন্দ্রীয় দলসমূহে এই ৰাজ্যসমূহত সংক্রমণ নির্দিষ্ট এলেকাত সীমিত ৰখা, নিৰীক্ষণ, নমুনা পৰীক্ষা, সংক্রমণ প্রতিৰোধ, নিয়ন্ত্রণমূলক ব্যৱস্থা আৰু উপযুক্ত চিকিৎসা সেৱা প্রদানৰ ক্ষেত্রত ৰাজ্যসমূহৰ প্রয়াসক আৰু শক্তিশালী কৰাত সহায় কৰিব।

 

কেৰালাত কৰনাত আক্রান্তৰ মুঠ সংখ্যা ৩,১৭,৯২৯। প্রতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে আক্রান্তৰ সংখ্যা ৮,৯০৬ জন। সুস্থ হোৱা মুঠ সংখ্যা ২,২২,২৩১ আৰু সুস্থতাৰ হাৰ ৬৯.৯০ শতাংশ। সক্ৰিয় আক্রান্তৰ সংখ্যা ৯৪,৬০৯ যি মুঠ ৰাষ্ট্ৰীয়  স্তৰত আক্রান্তৰ সংখ্যাৰ ১১.৮ শতাংশ। ৰাজ্যত কৰনাজনিত কাৰণত মৃত্যু হৈছে ১,০৮৯ জনৰ আৰু মৃত্যুৰ হাৰ ০.৩৪ শতাংশ।

 

কর্ণাটকত কৰনাত আক্রান্তৰ মুঠ সংখ্যা ৭,৪৩,৮৪৮ যি মুঠ ৰাষ্ট্ৰীয় স্তৰত আক্রান্তৰ সংখ্যাৰ ১০.১ শতাংশ। ৰাজ্যখনত প্রতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে আক্রান্তৰ সংখ্যা ১১,০১০ জন। সুস্থ হৈছে ৬,২০,০০৮জন আৰু সুস্থতাৰ হাৰ ৮৩.৩৫ শতাংশ। ৰাজ্যখনত সক্ৰিয় আক্রান্তৰ সংখ্যা ১ লক্ষ ১৩ হাজাৰ ৫৫৭, যি মুঠ ৰাষ্ট্ৰীয় স্তৰত আক্রান্তৰ সংখ্যাৰ ১৪.১ শতাংশ।

 

ৰাজস্থানত কৰনাত আক্রান্তৰ মুঠ সংখ্যা ১,৬৭,২৭৯। প্রতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে আক্রান্তৰ সংখ্যা ২,০৬৪ জন আৰু সুস্থ হৈছে ১,৪৩,৯৮৪জন। সুস্থতাৰ হাৰ ৮৬.০৭ শতাংশ। ৰাজ্যখনত সক্ৰিয় আক্রান্তৰ সংখ্যা আজি পর্যন্ত ২১,৫৮৭, যি মুঠ ৰাষ্ট্ৰীয় স্তৰত আক্রান্তৰ সংখ্যাৰ ২.৭ শতাংশ। বৰ্তমান পর্যন্ত কৰনাজনিত কাৰণত মৃত্যু হৈছে ১,৭০৮ জন লোকৰ। মৃত্যুৰ হাৰ ১.০২ শতাংশ।

 

পশ্চিমবংগত কৰনাত আক্রান্তৰ সংখ্যা ৩,০৯,৪১৭জন, যি ৰাষ্ট্ৰীয় স্তৰত আক্রান্তৰ সংখ্যাৰ ৪.২ শতাংশ। প্রতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে আক্রান্তৰ সংখ্যা ৩,১০৬ জন। সুস্থ হোৱাৰ সংখ্যা ২,৭১,৫৬৩ আৰু সুস্থতাৰ হাৰ ৮৭.৭৭ শতাংশ। ৰাজ্যখনত সক্ৰিয় আক্রান্তৰ সংখ্যা ৩১,৯৮৪। বৰ্তমান পর্যন্ত মৃত্যু হৈছে ৫,৮৭০ জনৰ আৰু মৃত্যুৰ হাৰ ১.৯০ শতাংশ।

 

ছত্তিশগড়ত কৰনা আক্রান্তৰ মুঠ সংখ্যা ১,৫৩,৫১৫জন। প্রতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে আক্রান্তৰ সংখ্যা ৫,২১৫ জন। আৰোগ্য লাভৰ মুঠ সংখ্যা ১,২৩,৯৪৩জন। সুস্থতাৰ হাৰ ৮০.৭৪ শতাংশ। ৰাজ্যখনত সক্ৰিয় আক্রান্তৰ সংখ্যা ২৮,১৮৭, যি মুঠ ৰাষ্ট্ৰীয় স্তৰত আক্রান্তৰ সংখ্যাৰ ৩.৫ শতাংশ। বৰ্তমান পর্যন্ত মৃত্যু হৈছে ১,৩৮৫ জনৰ। মৃত্যুৰ হাৰ ০.৯০ শতাংশ। ৰাজ্যখনত প্রতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে কৰনাত মৃত্যুৰ সংখ্যা ৪৭।

 

কভিড-১৯ ব্যৱস্থাপনাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ যাৱতীয় প্রচেষ্টা শক্তিশালী কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে বিভিন্ন সময়ত ৰাজ্যসমূহলৈ কেন্দ্রীয় দল মোতায়েন কৰি আহিছে।এই দলসমূহে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ কৰ্তৃপক্ষৰ সৈতে বাৰ্তালাপ কৰে তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সমস্যাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে।

 

   

 ***

MV/KG



(Release ID: 1665605) Visitor Counter : 173