ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

প্ৰেছ বিজ্ঞপ্তি

সূক্ষ্ম, ক্ষুদ্ৰ আৰু মঁজলীয়া উদ্যোগ মন্ত্ৰালয়, এমএছএমই এক্সপোৰ্ট প্ৰমোশ্যন কাউন্সিলৰ অবৈধ আৰু অশুভ উদ্দেশ্য সম্পৰ্কে জনসাধাৰণক সতৰ্ক কৰি দিয়া হৈছে

प्रविष्टि तिथि: 17 OCT 2020 9:41AM by PIB Guwahati

কেন্দ্ৰীয় সূক্ষ্ম, ক্ষুদ্ৰ আৰু মঁজলীয়া উদ্যোগ মন্ত্ৰালয়ে জনাইছে যে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এক খবৰ মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হৈছে। এই খবৰটোত এমএছএমই এক্সপোৰ্ট প্ৰমোশ্যন কাউন্সিলৰ সঞ্চালক পদৰ নিয়োগ সংক্ৰান্তীয় তথ্য প্ৰদান কৰা হৈছে। এই সংস্থাটোৱে সূক্ষ্ম, ক্ষুদ্ৰ আৰু মঁজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ নাম ব্যৱহাৰ কৰিছে।

 

মন্ত্ৰালয়ে স্পষ্টভাৱে জনাইছে যে এমএছএমই এক্সপোৰ্ট প্ৰমোশ্যন কাউন্সিল মন্ত্ৰালয়ৰ সৈতে কোনোধৰণে জড়িত নহয়। কাউন্সিলৰ কোনো পদত নিয়োগৰ বিষয় সন্দৰ্ভত মন্ত্ৰালয়ে কোনধৰণৰ নিৰ্দেশো দিয়া নাই। জনসাধাৰণক এই ধৰণৰ ভুৱা খবৰৰ পৰা সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়া হৈছে।



******


RCJ/RNM/IA/RD


(रिलीज़ आईडी: 1665603) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Tamil , Telugu , Malayalam