বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
স্বেচ্ছাসেৱী সংস্থা তথা সংগঠনসমূহৰ ক্ষেত্ৰত এছ এণ্ড টি সামৰ্থ্য বৰ্দ্ধনৰ লক্ষ্যৰে ‘ছায়েন্স-ছ’চাইটী-সেতু’ ৱে’বিনাৰ শৃংখল
ৱে’ব ক্লিনিকে সামৰিব চাৰিটা বৃহত্ ক্ষেত্ৰ : কৃষি আৰু আনুষংগিক খণ্ড, এমএছএমই আৰু অৰ্থনৈতিক খণ্ড, সামাজিক আন্তঃগাঁথনি আৰু বিভিন্ন খণ্ড সম্বলিত ক্ষেত্ৰ
জ্ঞানকেন্দ্ৰিক বাতাবৰণৰ বহণক্ষম বিকাশৰ প্ৰয়োজনীয়তাত গুৰুত্ব ডিএছটি-ৰ সচিব অধ্যাপক আশুতোষ শৰ্মাৰ
পোষ্ট কৰা হৈছে:
17 OCT 2020 4:20PM by PIB Guwahati
আমাৰ সমাজৰ বিভিন্ন শ্ৰেণীসমূহৰ বাবে সম্পৰ্ক থকা এক জ্ঞানকেন্দ্ৰিক বাতাবৰণ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ(ডিএছটি)ৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই। অধ্যাপক শৰ্মাই ডিএছটি-ৰ ‘ছায়েন্স ফৰ ইকুইটী এম্পাৱাৰমেণ্ট এণ্ড ডেভেলপমেণ্ট ছীড ডিভিজন’ৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে ‘ছায়েন্স-ছচাইটী-সেতু’(এছ৩৪এএনবি)শীৰ্ষক এলানি ‘ৱে’ব ক্লিনিক শৃংখল’ত বক্তব্য প্ৰদান কৰি অনুভৱ প্ৰকাশ কৰে।
“আমি উত্পন্ন কৰা জ্ঞান সন্দৰ্ভত আমাৰ মনত স্পষ্ট অৱধাৰণা থাকিব লাগিব। এই জ্ঞানৰ প্ৰাসংগিকতা, জ্ঞানৰ সৃষ্টি কৰোতা আৰু গ্ৰহণ কৰোতা সন্দৰ্ভত আমাৰ মনৰ ধাৰণা স্পষ্ট হব লাগিব। এই জ্ঞানক সমাজক সবল কৰিব পৰাকৈ ব্যৱহাৰ কৰাৰ লগতে সমাজত উপলব্ধ কৰাব পাৰিব লাগিব বুলি ৱে’ব শৃংখল মুকলি কৰি দিয়া ভাষণত মন্তব্য কৰে অধ্যাপক শৰ্মাই।
এতিয়াও ঢুকি নোপোৱা সমাজৰ অৱশিষ্ট শ্ৰেণীসমূহক ‘ভোকেল ফৰ লোকেল’-ৰ মন্ত্ৰ আওৰাই সমাজিক আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ লগতে প্ৰযুক্তি সঞ্চালিত আত্মনিৰ্ভৰ ভাৰতৰ স্তম্ভ কৰি তোলাৰ বাবে চৰ্চা আৰম্ভ কৰাৰ উদ্দেশ্যে ডিএছটি-য়ে প্ৰধান বৈজ্ঞানিক পৰামৰ্শদাতাৰ কাৰ্যালয়, ‘ইণ্ডিয়া ছায়েন্স টেকন’লজী এণ্ড ইন’ভেশ্যন প’ৰ্টেল’, ‘ডব্লিউডব্লিউএফ-ইণ্ডিয়া’, অগ্নি, ‘ফিকি’ আৰু ‘হেছকো’ আদিৰ সহযোগত এইলানি ৱে’ব ক্লিনিকৰ আয়োজন কৰিছে। চাৰিটা বৃহত্ ক্ষেত্ৰ : কৃষি আৰু আনুষংগিক খণ্ড, এমএছএমই আৰু অৰ্থনৈতিক খণ্ড, সামাজিক আন্তঃগাঁথনি আৰু বিভিন্ন খণ্ড সম্বলিত ক্ষেত্ৰক এই ৱে’ব ক্লিনিকত সামৰি লোৱা হ’ব।


***
(ৰিলিজ আই ডি : 1665598)
অতিথি কক্ষ : 209