প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এফএঅ'ৰ ৭৫তম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৭৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে

বিশ্বজুৰি খাদ্য সুৰক্ষাক নিশ্চিত কৰাৰ বাবে তেওঁ এফএঅ'ৰ উদ্যোগক প্ৰশংসা কৰে

সম্প্ৰতি উদ্ভাৱিত ১৭বিধ বায়'ফৰ্টিফাইড বীজ প্ৰধানমন্ত্ৰীয়ে জাতিৰ উদ্দেশ্যে উছৰ্গা কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত গৃহীত সংস্কাৰ নীতি আন্তৰ্জাতিক স্তৰত খাদ্য নিৰাপত্তাৰ বিষয়ত ভাৰতৰ অংগীকাৰৰ প্ৰতিফলন

Posted On: 16 OCT 2020 4:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত এফ এ অ'ৰ ৭৫তম বাৰ্ষিকী উপলক্ষে ৭৫ টকাৰ স্মাৰক ডাক টিকট প্ৰকাশ কৰিছে। সম্প্ৰতি উদ্ভাৱিত ১৭বিধ বায়'ফৰ্টিফাইড বীজ প্ৰধানমন্ত্ৰীয়ে জাতিৰ উদ্দেশ্যে উছৰ্গা কৰে।

 

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বজুৰি যিসকলে অপুষ্টি দূৰ কৰাৰ বাবে কাম কৰি আছে, তেওঁলোকক অভিনন্দন জনায়। তেওঁ কয় যে অপুষ্টিৰ বিৰুদ্ধে আন্দোলনৰ আমাৰ মূল ভিত্তি হৈছে, আমাৰ কৃষক বন্ধু-আমাৰ অন্নদাতা, আমাৰ কৃষি বিজ্ঞানীসকল, আমাৰ অংগনৱাৰী আশা কৰ্মীসকল। এওঁলোকে ভাৰতৰ শস্য ভাণ্ডাৰক কঠোৰ পৰিশ্ৰমৰ মাধ্যমেৰে ভৰাই তুলিছে। তেওঁলোকে চৰকাৰক সমাজৰ দৰিদ্ৰতম মানুহৰ কাষত উপস্থিত হোৱাতো সহায় কৰিছে। তেওঁ লগতে কয় যে এইবিলাক উদ্যোগৰ মাজেৰে কৰোণাৰ এই সংকটৰ সময়তো ভাৰতে অপুষ্টিৰ বিৰুদ্ধে তীব্ৰ যুঁজ কৰি গৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত বছৰবিলাকত এফ এ অ'ৱে কৃষি উপাদন বৃদ্ধি কৰা আৰু ভাৰতৰ লগতে সমগ্ৰ পৃথিৱীৰ পৰা অনাহাৰ দূৰ কৰাত সহায় কৰিছে। ১৩০ কোটিৰো অধিক ভাৰতবাসীয়ে এফ এ অ'ৰ পুষ্টি সংক্ৰান্তীয় উদ্যোগক সন্মান জনায়। তেওঁ কয় যে বিশ্ব খাদ্য কৰ্মসূচীৰ চলিত বৰ্ষৰ নোবেল শান্তি পুৰস্কাৰ প্ৰাপ্তি এফ এ অ'ৰ বাবে এক বৃহ সাফল্য। এফ এ অ'ৰ সৈতে ভাৰতৰ এই অংশীদাৰিত্ব ঐতিহাসিক আৰু সেয়ে, ভাৰত এই ক্ষেত্ৰত অত্যন্ত আনন্দিত।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ড৹ বিনয় ৰঞ্জন সেন যেতিয়া এফ এ অ'ৰ মহানিৰ্দেশক আছিল, তেতিয়া তেওঁৰ নেতৃত্বত এফ এ অ'ই বিশ্ব খাদ্য কৰ্মসূচীৰ সূচনা কৰিছিল।

 

মহামাৰী আৰু অনাহাৰৰ যন্ত্ৰণা ড৹ সেনে খুউব ওচৰৰ পৰা দেখিছিল। আৰু সেয়ে তেওঁৰ অভিজ্ঞতা সমগ্ৰ বিশ্বৰ বাবে ফলপ্ৰসু হৈছিল।

 

এফ এ অ'ই বিগত এটা দশক ধৰি বিভিন্ন সংকটৰ মাজতো ভাৰতত অপুষ্টিৰ বিৰুদ্ধে যুঁজ নিবিড়ভাৱে প্ৰত্যক্ষ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কম বয়সতে গৰ্ভৱতী হোৱা, শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হোৱা, যথাযথ তথ্য নোপোৱা, খোৱা পানীৰ সংকট, পৰিচ্ছন্নতাৰ সমস্যাৰ বাবেই আমি ঈপ্সিত ফল পোৱা নাছিলো।

 

শ্ৰী মোদীয়ে কয় যে ২০১৪ চনৰ পিছৰ পৰা অতীতৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি দেশত নতুন উদ্যোগ লোৱা হয়। চৰকাৰৰ সৰ্বাংগীন উদ্যোগৰ ফলত বহুপাক্ষিক কৌশল অৱলম্বন কৰা হৈছে।

 

অপুষ্টি দূৰ কৰিবলৈ জাতীয় পুষ্টি মিছন (পোষণ অভিযান), স্বচ্ছ ভাৰত অভিযানৰ আওতাত শৌচালয় নিৰ্মাণ, মিছন ৰেইনব', জল জীৱন মিছন, স্বল্প মূল্যৰ ছেনিটেশ্যন পেড বিতৰণৰ দৰে বিভিন্ন উদ্যোগ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ছোৱালীসকলে আৰু বেছি সংখ্যাত স্কুলত ভৰ্তি হৈছে আৰু এই অনুপাত ল'ৰাতকৈও এতিয়া বেছি। তেওঁ কয় যে দানা শস্যৰ ব্যৱহাৰ বঢ়োৱা আৰু প্ৰোটিন, লোহা, দস্তা ইত্যাদি সমৃদ্ধ শস্য উপাদনৰ মাধ্যমত অপুষ্টি দূৰ কৰাৰ দৰে গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। ২০২৩ চনক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰাৰ ভাৰতৰ প্ৰস্তাৱক এফ এ অ'ই সমৰ্থন জনোৱাত প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনাইছে।

 

তেওঁ কয় যে ইয়াৰ ফলত পুষ্টিকৰ খাদ্য গ্ৰহণত উসাহ যেনেকৈ বাঢ়িব, সমান্তৰালভাৱে ক্ষুদ্ৰ কৃষকসকলো উপকৃত হ'ব। সাধাৰণতে, যিবোৰ ঠাইত পানীৰ সমস্যা থাকে তাত অনুৰ্বৰ মাটিত ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলে দানা শস্য উপাদন কৰে। এফ এ অ'ৰ এই সিদ্ধান্তত কেৱল ভাৰত নহয়, সমগ্ৰ বিশ্ব উপকৃত হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰোণা মহামাৰী সময়ত সমগ্ৰ বিশ্ব ভাৰতত অনাহাৰ আৰু অপুষ্টিৰ বিষয়ে উদ্বিগ্ন আছিল। কিন্তু, গত ৭-৮ মাহত ভাৰতে ৮০ কোটি দৰিদ্ৰ মানুহক ডেৰকোটি টকাৰ খাদ্যশস্য বিনামূলীয়াকৈ দিছে। আৰু এনেদৰে অনাহাৰ আৰু পুষ্টিৰ বিৰুদ্ধে যুঁজ চলিছে। খাদ্য সুৰক্ষাৰ বিষয়ে ভাৰতৰ অংগীকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰেচন ব্যৱস্থাত চাউল অথবা গমৰ সৈতে মগু দাইলক যুক্ত কৰা হৈছে।

 

এতিয়া গাঁৱত ভাল পৰিকাথামো গঢ়ি তোলাৰ কামত চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে আৰু সুযোগ পাব। এ পি এম চি আইন সংশোধনৰ বিষয়ে বিস্তৃতভাবে ক'বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে জনায় যে কৃষকে যেতিয়া কোনো বেচৰকাৰী সংস্থা বা শিল্প প্ৰতিষ্ঠানৰ সৈতে চুক্তি কৰিব, তেতিয়া বীজ সিঁচাৰ পূৰ্বেই উপাদিত ফচলৰ মূল্য নিৰ্ধাৰণ কৰা হ'ব। ইয়াৰ ফলত মূল্যৰ উঠা-নমা সমস্যাৰ পৰা ৰেহাই পোৱা যাব আৰু কৃষি কাৰ্যত নতুন প্ৰযুক্তিৰ ব্যৱহাৰত উসাহ জন্মিব।

 

কৃষকসকলে ইয়াৰ ফলত নানা ধৰণৰ সুযোগ পাব। কৃষকসকলৰ আইনী সুৰক্ষা কৱচো নিশ্চিত হ'ব। কৃষকে যদি কোনো কাৰণত চুক্তিৰ পৰা ওলাই আহিব বিচাৰে, তেতিয়া তেওঁ কোনো জৰিমনা দিব নালাগে। কিন্তু কোনো প্ৰতিষ্ঠানে যদি কৃষকৰ সৈতে চুক্তি ভংগ কৰে, সেই ক্ষেত্ৰত প্ৰতিষ্ঠানে জৰিমনা দিব লাগিব।

 

এই চুক্তিৰ ফলত সকলো ধৰণৰ সুফল কৃষি ক্ষেত্ৰলৈ আহিব আৰু কৃষকসকল কোনো ধৰণৰ সমস্যাত নপৰিব। এই সংস্কাৰবিলাকৰ মাজেৰে কৃষকসকলৰ সকলো ধৰণৰ সুৰক্ষা নিশ্চিত কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ভাৰতীয় কৃষকসকলৰ ৰোজগাৰ বাঢ়িব, তেতিয়া তেওঁলোক শক্তিশালী হ'ব আৰু অপুষ্টিৰ বিৰুদ্ধে যুদ্ধও শক্তিশালী হ'ব। এই উদ্যোগত ভাৰত আৰু এফ এ অ'ই একেলগে কাম কৰিব আৰু এই কামত সমন্বয় বাঢ়িব বুলি তেওঁ আশা প্ৰকাশ কৰে।

 

 

*******

APS/AK/VJ



(Release ID: 1665332) Visitor Counter : 222