প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত হৈ থকা বৃষ্টিপাত আৰু বান পৰিস্থিতিক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
Posted On:
16 OCT 2020 8:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত হৈ থকা বৃষ্টিপাত আৰু বান পৰিস্থিতিক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিউৰাপ্পাৰ সৈতে বাৰ্তালাপ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয়, “কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত হৈ থকা বৃষ্টিপাত আৰু বান পৰিস্থিতিক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিউৰাপ্পাৰ সৈতে কথা পাতিলো৷ আমি সকলোৱে বানপানীত প্ৰভাৱিত কৰ্ণাটকৰ আমাৰ ভাই-ভনীসকলৰ কাষত আছো৷ বৰ্তমান অব্যাহত থকা উদ্ধাৰ আৰু সাহায্যৰ কামত কেন্দ্ৰই সম্ভাৱ্য সকলো সহযোগিতা আগবঢ়াই আহিছে৷”
***
VRRK/SH/DB
(Release ID: 1665329)
Visitor Counter : 180
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam