হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

পিএমএৱাই-ইউ ৰ অধীনত নগৰীয়া অভিবাসী/দৰিদ্ৰৰ বাবে এআৰএইচচি আঁচনিৰ অংশ হৈছে এফএআৰ, কনচেছনেল প্ৰজেক্ট ফাইনেন্স, ট্ৰাংক ইনফ্ৰাচট্ৰাকচাৰ ফেচেলিটিৰ দৰে ইনচেনটিভ/লাভা-লাভঃ হৰদ্বীপ এছ পুৰী

এআৰএইচচিৰ ৱেবচাইট ও অংগীকাৰ- কেম্পেইন ফৰ চেঞ্জ মেনেজমেন্টৰ ৰাষ্ট্ৰীয় প্ৰতিবেদন উন্মোচন – এআৰএইচচি ইঅ’আই জাৰি

বৰ্তমানে থকা চৰকাৰী পুঁজিৰে নিৰ্মিত খালী ঘৰ এআৰএইচচিলৈ ৰূপান্তৰিত কৰি ৰূপায়ণ কৰা হ’ব এআৰএইচচি ও ৰাজহুৱা/ব্যক্তিগত এনটিটিয়ে তেওঁলোকৰ নিজা উপলব্ধ খালী মাটিত ইয়াৰ নিৰ্মাণ, অপাৰেশ্যন ও পৰিচালনা কৰিব

Posted On: 14 OCT 2020 5:25PM by PIB Guwahati

গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমাৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী শ্ৰী হৰদ্বীপ এছ. পুৰীয়ে কয় যে বিনামূলীয়া ‘এফএআৰ’, কনচেছনেল প্ৰজেক্ট ফাইনেন্স, আনৰ মাজত বিনামূলীয়াকৈ ট্ৰাংক ইনফ্ৰাচট্ৰাকচাৰ ফেচেলিটি হৈছে প্ৰধান মন্ত্ৰী আৱাস যোজনা- নগৰীয়া (PMAY- U)ৰ অধীনত নগৰীয়া অভিবাসী/দৰিদ্ৰ লোকসকলৰ বাবে এফ’ৰডেবল ৰেন্টেল হাউছিং কমপ্লেক্স (ARHCs)ৰ অংশ। তেওঁ কয়, ইয়াৰ জৰিয়তে ঔদ্যোগিক ও নিৰ্মাণ শ্ৰমিককে ধৰি নগৰীয়া অভিবাসী/দৰিদ্ৰ লোকৰ ভিন্ন সমষ্টি, বজাৰ/ বাণিজ্য সংস্থা, শিক্ষা/স্বাস্থ্য প্ৰতিষ্ঠান, আতিথ্য খণ্ডৰ লোক, দীৰ্ঘকালীন সময়ৰ বাবে থকা পৰ্যটক/দৰ্শনাৰ্থী, ছাত্ৰ-ছাত্ৰী ইত্যাদিলৈ মৰ্যাদাসম্পন্ন আৰু সাশ্ৰয়ী আৱাসস্থল আগবঢ়োৱা হৈছে। তেওঁ আজি ইয়াত এফ’ৰডেবল ৰেন্টেল হাউছিং কমপ্লেক্স পৰ্টেলৰ শুভাৰম্ভণি আৰু নীতি-নিৰ্দেশনা তথা গাইডবুক উন্মোচন কৰি এখন ৱেবিনাৰ সম্বোধন কৰে। ইয়াত গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই সভাপতিত্ব কৰে আৰু ইয়াতে এআৰএইচচিৰ এক্সপ্ৰেশ্যন অৱ ইন্টাৰেষ্ট প্ৰকাশ পায়। ইয়াৰ পূৰ্বে ৩১ জুলাই, ২০২০ত এআৰএইচচিৰ নলেজ পেকে সামৰি লোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেৰে স্বাক্ষৰিত মেম’ৰেণ্ডাম অৱ এগ্ৰিমেন্ট (MoA), ইংৰাজীত অপাৰেশ্যনেল নীতি-নিৰ্দেশনা, ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল/ আৰবান লোকেল ব’ডি (আৰ্হি-১ৰ অধীনত)ৰদ্বাৰা কনচেচিনাৰ বাছনিৰ বাবে মডেল ৰিকুৱেষ্ট ফৰ প্ৰ’প’জেল (RFP), আৰ্হি-২ৰ অধীনত এনটিটিৰ শ্বৰ্টলিষ্টিঙৰ অৰ্থে খচৰা এক্সপ্ৰেশ্যন অৱ ইন্টাৰেষ্ট (EOI)  আৰু সঘনাই সোধা প্ৰশ্ন (FAQ) মুকলি কৰা যায়।

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশখনত শ্ৰমিক/নগৰীয়া দৰিদ্ৰসকলৰ বিপৰীত প্ৰব্ৰজন হয়। ইয়ে হাউছিঙৰ ইছ্যুটোক সন্মুখলৈ আনে। মাননীয় প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ আহ্বানলৈ সঁহাৰি জনাই, ৮ জুলাই, ২০২০ত কেন্দ্ৰীয় কেবিনেটে, প্ৰধান মন্ত্ৰী আৱাস যোজনা- নগৰীয়াৰ উপ আঁচনি হিচাপে এফ’ৰডেবল ৰেন্টেল হাউছিং কমপ্লেক্স (ARHCs)ত অনুমোদন জনাইছিল। ইয়াৰ লক্ষ্য আছিল নগৰীয়া অভিবাসী/দৰিদ্ৰসকললৈ সহজসাধ্য বাসস্থান আগবঢ়োৱা।

সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আৰু আন ব্যক্তিগত/ ৰাজহুৱা পক্ষসমূহৰ সৈতে এলানি আলোচনাৰ পাছত এফ’ৰডেবল ৰেন্টেল হাউছিং কমপ্লেক্স (ARHCs) আঁচনি যুগুত কৰা হৈছিল। এফ’ৰডেবল ৰেন্টেল হাউছিং কমপ্লেক্স (ARHCs) ৰূপায়ণত সকলো পক্ষকে সহায়ৰ বাবে একেপি (knowledge pack)ৰ ব্যৱস্থা কৰা হয়। এই আঁচনিখনৰ সফল ৰূপায়ণত নিৰৱচ্ছিন্ন সহযোগিতাই নগৰীয়া অভিবাসী/দৰিদ্ৰসকলকে লাভান্বিত কৰাই নহয় বৰঞ্চ ৰেন্টেল হাউছিং মাৰ্কেটত উদ্যোগশীলতা আৰু বিনিয়োগৰ গতি ত্বৰান্বিত কৰিব আৰু ইয়াৰ জৰিয়তে অৰ্থনীতিৰ উন্নয়ন সাধন হ’ব। ই এটা উইন-উইন-উইন আৰ্হি হৈ পৰিব আৰু ব্যক্তিগত এনটিটিৰ স্বাৰ্থৰ আশু পূৰণ কৰিব।

দুটা আৰ্হিৰ জৰিয়তে এআৰএইচচি ৰূপায়ণ কৰা হ’বঃ

আৰ্হি-১: ২৫ বছৰৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে বা ৰাজহুৱা সংস্থাসমূহৰদ্বাৰা বৰ্তমানে থকা চৰকাৰী পুঁজিৰে নিৰ্মিত খালী হৈ থকা গৃহসমূহ এআৰএইচচিলৈ ৰূপান্তৰিত কৰা হ’ব। এই আঁচনিয়ে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক তেওঁলোকৰ বৰ্তমানে থকা ভিন্ন কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত নিৰ্মিত খালী গৃহসমূহ এআৰএইচচিলৈ ৰূপান্তৰিত কৰাৰ সুযোগ আগবঢ়াব। সকলো ৰাজ্যক এটা আৰএফপি আৰ্হি প্ৰদান কৰা হৈছে যাৰ সহায়ত তেওঁলোকে কনচেচিনাৰ বাছনি কৰিবলৈ সক্ষম হ’ব।

আৰ্হি-২: ২৫ বছৰৰ বাবে ৰাজহুৱা/ব্যক্তিগত এনটিটিৰদ্বাৰা তেওঁলোকৰ নিজা উপলব্ধ খালী মাটিত এআৰএইচচিৰ জৰিয়তে নিৰ্মাণ, অপাৰেশ্যন আৰু পৰিচালনা কৰিব। ভিন্ন উদ্যোগ, বাণিজ্য সংস্থা, নিৰ্মাণ কোম্পানী, শিক্ষা/স্বাস্থ্য প্ৰতিষ্ঠান, উন্নয়ন প্ৰাধিকাৰী, গৃহ নিৰ্মাণ পৰিষদ, কেন্দ্ৰীয়/ৰাজ্যিক ৰাজহুৱা খণ্ডৰ অধীনস্থ (PSU) আৰু আন এনে এনটিটিসমূহৰ সৈতে উপলব্ধ খালী মাটিৰ এক বিস্তৃত অংশ অব্যৱহৃত হৈ পৰি আছে। যথোপযুক্ত নীতিৰ সমৰ্থন প্ৰদানৰ জৰিয়তে, উচিত সুবিধা আৰু ইনচেনটিভ প্ৰদানৰদ্বাৰা, এই উপলব্ধ খালী ভূমিসমূহ অভিবাসী/দৰিদ্ৰৰ অৰ্থে সাশ্ৰয়ী ঘৰৰ সুবিধা আগবঢ়াবলৈ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি। তদুপৰি, গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA)এ ইউএলবিসমূহৰদ্বাৰা এনটিটিসমূহৰ শ্বৰ্টলিষ্টিঙৰ বাবে এক্সপ্ৰেশ্যন অৱ ইন্টাৰেষ্ট (EoI) জাৰি কৰিব। যিয়ে তেওঁলোকৰ উপলব্ধ খালী ভূমিত এআৰএইচচি নিৰ্মাণ, অপাৰেশ্যন আৰু পৰিচালনা কৰিব।

এনটিটিসমূহক ব্যাপক ব্যৱসায়ৰ সুযোগ প্ৰদানৰ অৰ্থে, কেন্দ্ৰীয় চৰকাৰে এফ’ৰডেবল হাউছিং ফাণ্ড (AHF) ও প্ৰায়’ৰিটি ছেক্টৰ লেণ্ডিং (PSL)ৰ অধীনত কনচেচনেল প্ৰজেক্ট ফাইনেন্স আগবঢ়াব, আয় কৰ আৰু জিএছটিৰপৰা ৰেহাই প্ৰদান কৰিব আৰু এআৰএইচচিত উদ্ভাৱনীমূলক প্ৰযুক্তিৰ প্ৰোৎসাহনৰ অৰ্থে টেকন’ল’জি ইন’ভেশ্যন গ্ৰান্ট আগবঢ়াব। তদুপৰি, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে ইউজ পাৰ্মিশ্যন চেঞ্জ, বিনামূলীয়া অতিৰিক্ত ৫০% এফএআৰ/এফএছআই, ৩০ দিনৰ ভিতৰত ছিংগল উইনণ্ড’ এপ্ৰ’ভেল, ট্ৰাংক ইনফ্ৰাচট্ৰাকচাৰ ফেচিলিটি আৰু আৱাসিক সম্পত্তিৰ ওপৰত ভিত্তি কৰি মিউনিচিপেল চাৰ্জ আগবঢ়াব।

এই অনুষ্ঠানত, শ্ৰী হৰদ্বীপ এছ. পুৰীয়ে অংগীকাৰ সন্দৰ্ভত এখনি ৰাষ্ট্ৰীয় প্ৰতিবেদনো উন্মোচন কৰে। যি হৈছে পিএমএৱাই (ইউ) হিতাধিকাৰীসকলৰ পৰিৱৰ্তিত পৰিচালনাৰ অৰ্থে ৩ চি কৌশলৰ জৰিয়তে এক অভিযান। এই ৩ চি কৌশল হৈছে- কমিউনিটি এংগেজমেন্ট, কনভাৰগেন্স আৰু কমিউনিকেশ্যন। এই অভিযানৰ অধীনত ভিন্ন কাৰ্য-কলাপক এই প্ৰতিবেদনত সামৰি লোৱা হৈছে। ‘অংগীকাৰ ২০১৯... এ ৰেমিনিচেন্স’ শীৰ্ষক এখনি চুটি ছবিও উন্মোচন কৰা হয়। ইয়াত অদ্যপি উক্ত অভিযানৰ সৰস বৰ্ণনা কৰা হৈছে। উল্লেখযোগ্য যে মাননীয় প্ৰধানমন্ত্ৰীয়ে ২০২২ৰ ভিতৰত পিএমএৱাই (ইউ) ৰ অধীনত সকলোবোৰ প্ৰাথমিক সা-সুবিধাৰ সৈতে ‘হাউছিং ফৰ অল’ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু হিতাধিকাৰীসকলক পকা ঘৰ প্ৰদানেৰে তেওঁলোকৰ জীৱনৰ ৰূপান্তৰ সাধন কৰিব বিচাৰিছে। এই উদ্দেশ্যৰ সৈতে ৰজিতা খুৱাই ২০১৯ৰ ২৯ আগষ্টত অংগীকাৰ-অভিযানৰ শুভাৰম্ভণি কৰা হয়।

অংগীকাৰৰ লক্ষ্য আৰু উদ্দেশ্যসমূহে স্বচ্ছতা, স্বাস্থ্যবিধি আৰু অনাময় সন্দৰ্ভত গান্ধীবাদী দৰ্শনৰ তত্ত্বকে অনুসৰণ কৰিছে। এই সুবিধাই হিতাধিকাৰীসকলক এটা নতুন পৰিবেশ প্ৰদান কৰিব আৰু তেওঁলোকক আত্ম-নিৰ্ভৰশীল কৰি তুলিব। তদুপৰি, আৰবান মিশ্যন আৰু কেন্দ্ৰীয় আঁচনিসমূহৰ সংমিশ্ৰণত এই অভিযানে সামাজিক আচৰণ পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰিছে। আৰবান মিশ্যন আৰু আন কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ আঁচনিসমূহৰ সংমিশ্ৰণত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে হিতাধিকাৰীসকলক ভিন্ন সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। গণ জাগৰণৰ জৰিয়তে ২০ লাখৰো অধিক গৃহস্থীয়ে ভিন্ন আঁচনিসমূহৰ সা-সুবিধাসমূহ লাভ কৰিছে আৰু স্বাস্থ্য, স্বাস্থ্যবিধি, স্বচ্ছতা, আৱৰ্জনা ব্যৱস্থাপনা, পৰিবেশ জল আৰু শক্তি সংৰক্ষণৰ শ্ৰেষ্ঠতৰ অনুশীলন পালন কৰিছে। পিএমএৱাই (ইউ)ৰ ৪,৪২৭ নগৰত কাম কৰি থকা চিটি লেভেল টেকনিকেল চেল (CLTC) ৰ প্ৰায় ২,২০০ স্পেচিয়েলিষ্টৰদ্বাৰা প্ৰায় ১৮,৫০০ অংগীকাৰ সমল ব্যক্তিক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই অভিযানে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা সমস্যাসমূহৰেও মোকাবিলা কৰিবলৈ সক্ষম হয়।

*****

RJ/SB



(Release ID: 1664667) Visitor Counter : 215