জল শক্তি মন্ত্ৰালয়
জল জীৱন মিছনৰ অধীনত অৰণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলৰ ঘৰকো সামৰিলে টেপ সংযোজিত পানী যোগান ব্যৱস্থাই
Posted On:
14 OCT 2020 4:51PM by PIB Guwahati
অৰণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সামান্তবৰ্তী অঞ্চলৰ এখন সৰু গাঁও ব্ৰোকছাৰ্থং। সাগৰ পৃষ্ষ্ঠৰ পৰা প্ৰায় ২৯০০ মিটাৰ উচ্চতাত গাঁওখন অৱস্থিত। ‘ব্ৰোকপা’ সম্প্ৰদায়ৰ ২২টা পৰিয়ালে বসবাস কৰা গাঁওখনৰ বৰ্তমানৰ জনসংখ্যা ১৭০ গৰাকী। ব্ৰোকপাসকলে য়াক পোহপাল দি বস্তুতঃ যাযাবৰী জীৱন অতিবাহিত কৰে। গাঁওখন জিলা সদৰ ব’মডিলাৰ পৰা প্ৰায় ৭৬ কিলোমিটাৰ আৰু সমীপবৰ্তী চহৰ ডিৰাঙৰ পৰা ৩৬ কিলোমিটাৰ নিলগত অৱস্থিত।
২০১৯চন পৰ্যন্ত প্ৰচণ্ড পানীৰ সংকটত ভূগি থকা গাঁওখনৰ প্ৰতিঘৰ গৃহস্থীলৈ ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ‘জল জীৱন মিছন’ৰ অধীনত ২০২০ত পৰিশোধিত পানীৰ যোগান সুনিশ্চিত কৰিছে। ‘পাইপড গ্ৰেভিটী পদ্ধতি’ৰ ভিত্তিত যুগুতোৱা আঁচনিখন ভৱিষ্যতৰ জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰসাৰিত কৰিব পৰাকৈ ব্যৱস্থা ৰাখি ৰূপায়ণৰ দিহা কৰা হৈছে। ৬৭ লাখ টকা ব্যয় সাপেক্ষ আঁচনিখনত এটা পানী পৰিশোধন প্ৰকল্পও সন্নিৱিষ্ট হৈ আছে। এই প্ৰকল্পৰে গাঁওখনৰ বাসিন্দাসকলকো সংযোজিত কৰাৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি গাঁওবাসীয়ে প্ৰকল্পটোৰ ক্ষেত্ৰত শ্ৰমদানৰ ৰূপত ৫%ৰ অংশীদাৰিত্ব প্ৰদান কৰিছে। ইতিমধ্যে এখন ‘গাঁও পানী তথা অনাময় সমিত’ গঠন কৰি সক্ৰিয়তাৰে কৰ্যনিৰ্বাহ কৰাৰ উপৰি প্ৰকল্পটোৰ সমুদায় তদাৰকীৰ দায়িত্ব গ্ৰহণৰ বাবে ‘জল জীৱন মিছন’ৰ বিধি অনুসৰি প্ৰক্ৰিয়া আগবঢ়ায় থকা হৈছে।
বাৰিষাকালত নিৰন্তৰ বৰষুণৰ কবলত থকা, শীতত শূণ্যৰ তললৈ অৱনমিত হোৱা তাপমাত্ৰাৰ এনেবোৰ দুৰ্গম অঞ্চলত পৰিশোধিত পানীৰ যোগান ধৰাতো কেতিয়াও সহজ সাধ্য কথা নহয়। প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলোৱাতো নিতান্তই কঠিন কাম বুলি পৰিগণিত হৈ আহিছে। কিয়নো প্ৰচণ্ড শীত আৰু বুনিয়াদী সা-সুবিধাৰ অভাৱ থকা এনেবোৰ ঠাইত কাম কৰিবলৈ কাৰিকৰ কিম্বা শ্ৰমিক পোৱাটো নিতান্তই দুৰূঢ় কথা। চৰকাৰী পৰিযোজনাৰ পানী পাই এতিয়া গাঁওবাসীয়ে আক্ষৰিক অৰ্থতে আনন্দ অনুভৱ কৰিছে। পানীৰ কলত পৰম্পৰাগত ‘কাডা’ বান্ধি, প্ৰাৰ্থনাৰ ধ্বনিৰে গাঁওবাসীয়ে প্ৰকল্পটোৱে যোগান ধৰা পানী ধৰা কথাই তেওঁলোকৰ অন্তৰৰ আনন্দকে বংময় কৰি তুলিছে।
ৰাজ্য চৰকাৰৰ সহযোগিতাৰে ৰূপায়ণ কৰিব খোজা ‘জল জীৱন মিছন’ ২০১৯ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল। এই মিছনৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো গাঁৱৰ প্ৰতিটো গৃহস্থীকে টেপ সংযোজিত পানীৰ যোগান নিশ্চিত কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল।
*********
APS/MG/AS/KB
(Release ID: 1664666)
Visitor Counter : 124