ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

শ্ৰী গৌড়াই চৰকাৰী খণ্ডৰ সাৰ কোম্পানীৰ পাৰদৰ্শিতা আৰু ভৱিষ্যতৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে

কৃষকে যাতে সঠিক সময়ত পৰ্যাপ্ত পৰিমাণৰ সাৰ লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ ৰাজহুৱা খণ্ডৰ সাৰ কোম্পানীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকক আহ্বান

Posted On: 14 OCT 2020 2:40PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ গৌড়াই চৰকাৰী খণ্ডৰ সাৰ কোম্পানীসমূহৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজহুৱা খণ্ডৰ সাৰ কোম্পানীৰ পাৰদৰ্শিতা আৰু ভৱিষ্যতৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়।

বৈঠকত উপস্থিত থাকে সচিব(সাৰ) শ্ৰী চাবিলেন্দ্ৰ ৰাউল, ৰাষ্ট্ৰীয় সাৰ নিগমৰ চিএমডি শ্ৰী বিৰেন্দ্ৰ নাথ দত্ত, ৰাষ্ট্ৰীয় ৰসায়ন আৰু সাৰ লিমিটেডৰ চিএমডি শ্ৰী এচ.চি মুদগেৰিকাৰ, ফাৰ্টিলাইজাৰৰ্ছ এণ্ড কেমিকেলছ ট্ৰাভানকৰ লিমিটেডৰ চিএমডি শ্ৰী কিশোৰ ৰাংটা, মাদ্ৰাছ ফাৰ্টিলাইজাৰ লিমিটেডৰ চিএমডি শ্ৰী ইউ. ছাৰাভানন, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ চিএমডি শ্ৰী এ.কে ঘোষ আৰু এফচিআই আৰাৱলী জিপচাম এণ্ড মিনাৰেলছ ইণ্ডিয়া লিমিটেডৰ চিএমডি শ্ৰী অমৰ সিং ৰাথোড়।

আৰম্ভণি ভাষণত শ্ৰী গৌড়াই কয় যে ৰাজহুৱা খণ্ডৰ সাৰ কোম্পানীসমূহে লকডাউনৰ সময়ছোৱাত বিভিন্ন প্ৰত্যাহ্বান নেওচি তেওঁলোকৰ নিৰ্মাণ কাৰখানাৰ কাম-কাজ অব্যাহত ৰাখি দেশ কৃষকৰ বাবে সাৰ উপলব্ধ কৰি কৃষি খণ্ডলৈ উল্লেখনীয় অৱদান আগবঢ়াইছে। ইয়াৰ বাবে তেওঁ কোম্পানীসমূহক অভিনন্দন জনায়। ঘৰুৱা কোম্পানীসমূহৰ প্ৰচেষ্টা আৰু সাৰ বিভাগৰ বিষয়াসকলৰ সক্ৰিয়তাৰ বাবে দেশত সাৰৰ নাটনি সৃষ্টি হোৱা নাই।

তেওঁ আগন্তুক ৰবি শস্যৰ ছিজনৰ বাবে ৰাজহুৱা খণ্ডৰ সাৰ কোম্পানীৰ চিএমডিসকলক সাজু হবলৈ আহ্বান জনায়, যাতে কৃষকে সময়মতে পৰ্যাপ্ত পৰিমাণৰ সাৰ লাভ কৰে।

চিএমডিসকলৰ সৈতে মতবিনিময়ৰ সময়ত শ্ৰী গৌড়াই জোৰ দিয়ে যে ৰাজহুৱা খণ্ডৰ সাৰ কোম্পানীসমূহ আত্ম-নিৰ্ভৰ হোৱা উচিত আৰু কয় যে ভৱিষ্যতলৈ তেওঁলোক ভাৰত চৰকাৰৰ বাজেট সাহায্যৰ ওপৰত নিৰ্ভৰশীল হব নালাগে। সাৰ কোম্পানীসমূহ পৰিৱেশক লৈও সজাগ হোৱা উচিত।

 

 

 

******

RCJ/RKM/MS



(Release ID: 1664590) Visitor Counter : 125