জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
ট্ৰাইফেড,আইআইটি কানপুৰ আৰু ছত্তিশগড় এমএফপি ফেডাৰেচনৰ ‘জনজাতীয় লোকসকলৰ বাবে প্ৰযুক্তি’ কাৰ্যসূচীৰ ই-মুকলি
‘জনজাতীয় লোকসকলৰ বাবে প্ৰযুক্তি’ কাৰ্যসূচীয়ে জনজাতীয় উদ্যোগী আৰু চহৰৰ বজাৰৰ মাজৰ ব্যৱধান দূৰ কৰিব
Posted On:
13 OCT 2020 1:32PM by PIB Guwahati
আইআইটি কানপুৰ আৰু ছত্তিশগড় এমএফপি ফেডাৰেচনৰ সহযোগত জনজাতি পৰিক্ৰমা মন্ত্রালয়ৰ অধীনৰ ট্রাইফেডৰ দ্বাৰা আজি ‘জনজাতীয় লোকসকলৰ বাবে প্ৰযুক্তি’ কাৰ্যসূচী ই-মুকলি কৰা হয়। কেন্দ্রীয় ক্ষুদ্র আৰু মধ্যম উদ্যোগ মন্ত্রালয়ৰ সহযোগিতাত ট্রাইফেডে ‘জনজাতীয় লোকসকলৰ বাবে প্ৰযুক্তি’ কাৰ্যসূচী গ্রহণ কৰিছে। এই কাৰ্যসূচীৰ উদ্দেশ্য হ’ল – জনজাতীয় লোকসকলৰ সৰ্বাংগীণ উন্নয়নত অগ্রাধিকাৰ দিয়াৰ লগতে তেওঁলোকৰ মাজত উদ্যোগী মনোভাৱ গঢ়ি তোলা, দক্ষতা বৃদ্ধি কৰা আৰু বনধন বিকাশ কেন্দ্রসমূহৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ সহযোগিতাত ব্যৱসায়-বাণিজ্যৰ উন্নয়ন সাধন কৰা। আজি অনলাইনৰ জৰিয়তে ‘জনজাতীয় লোকসকলৰ বাবে প্ৰযুক্তি’ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত ট্রাইফেডৰ পৰিচালন সঞ্চালক শ্রী প্রবীৰ কৃষ্ণ, আইআইটি কানপুৰৰ অধ্যাপক অমিতাভ বন্দ্যোপাধ্যায় আৰু মন্ত্রালয়ৰ বিষয়াসকল উপস্থিত থাকে।
‘জনজাতীয় লোকসকলৰ বাবে প্ৰযুক্তি’ কাৰ্যসূচীৰ অধীনত অহা ১৩ অক্টোবৰৰ পৰা ৭ নৱেম্বৰ পর্যন্ত ছত্তিশগড়ৰ সকলো জিলাত বনধন যোজনাৰ হিতাধিকাৰীসকলক ৬ সপ্তাহ প্রশিক্ষণ দিয়া হ’ব। এই প্রশিক্ষণ কাৰ্যসূচীত হিতাধিকাৰীসকলক মাইক্ৰ-উদ্যোগ সৃষ্টি, ব্যৱস্থাপনা আৰু কাৰ্যকলাপৰ বিভিন্ন দিশত প্ৰশিক্ষণ হিয়া হ’ব। আইআইটি কানপুৰে এই প্রশিক্ষণ কাৰ্যসূচীৰ পন্থা-পদ্ধতি উদ্ভাৱন কৰিছে। জনজাতীয় লোকসকলৰ পৰম্পৰাগত জ্ঞান আৰু দক্ষতাক আৰু অধিক সুবিন্যস্ত কৰিবলৈ এই প্রশিক্ষণ কাৰ্যসূচী গ্রহণ কৰা হৈছে। উল্লেখ্য যে, ট্রাইফেডে ২১খন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলত ১,২৪৩টা বন ধন কেন্দ্রত অনুমোদন জনাইছে। এই কেন্দ্রসমূহত ৩.৬৮ লাখ জনজাতীয় লোক বিভিন্ন ধৰণৰ বনজ সামগ্রী সংগ্রহৰ কামত জড়িত হৈ আছে।
কাৰ্যসূচীৰ শুভাৰম্ভ উপলক্ষে ট্রাইফেডৰ পৰিচালন সঞ্চালক শ্রী প্রবীৰ কৃষ্ণই কয়, অভিনৱ এই কাৰ্যসূচী গ্রহণৰ উদ্দেশ্য হ’ল ভাৰতৰ জনজাতীয় লোকসকলক আত্মনির্ভৰশীল কৰি তোলা। ইয়াৰ লগতে জনজাতীয় উদ্যোগী আৰু চহৰাঞ্চলৰ বজাৰসমূহৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে গ্ৰহণ কৰা এই কাৰ্যসূচীত ট্রাইফেডৰ সৈতে অংশীদাৰ হৈছে আইআইটি কানপুৰৰ লগতে বেংগালুৰুৰ আর্ট অফ লিভিং, মুম্বাইৰ টিআইএছএছ, ভুবনেশ্বৰৰ কেআইএছএছ, তামিলনাডুৰ বিবেকানন্দ কেন্দ্র আৰু ৰাজস্থানৰ সৃজন সংস্থা ।
তেওঁ কয় যে ট্ৰাইফেডে পৰৱৰ্তী সময়ত স্থানীয় প্ৰয়োজনীয়তা অনুসৰি সামান্য পৰিৱৰ্তনৰ সৈতে আই আই টি কানপুৰৰ দ্বাৰা বিকশিত প্ৰশিক্ষণ মডিউল ব্যৱহাৰ কৰি অন্যান্য প্ৰশিক্ষণ সহযোগীসকলৰ জৰিয়তে আন ৰাজ্যসমূহতো বন ধন-ইএছডিপি প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।
*******************************************************
NB/SK/jk/MoTA /KG
(Release ID: 1664198)
Visitor Counter : 221