কৃষি মন্ত্ৰালয়
চলিত ছিজনত চৰকাৰী সংস্থাবোৰে ন্যূনতম সহায়ক মূল্যত অভিলেখ পৰিমাণৰ ধান ক্ৰয় কৰিছে ౼ একেদৰে গমো ক্ৰয় কৰা হ’ব আৰু কোনো কৃষকৰ সমস্যা নহ’ব : হৰদীপ সিং পুৰী
Posted On:
13 OCT 2020 2:57PM by PIB Guwahati
কেন্দ্ৰীয় গৃহনিৰ্মাণ আৰু নগৰ উন্নয়ন দপ্তৰ, অসামৰিক বিমান পৰিবহন দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে কয়, পঞ্জাৱত চৰকাৰৰ বিৰুদ্ধে অসন্তোষ সৃষ্টি কৰাৰ বাবে কোনো কোনোৱে অপপ্ৰচাৰ চলাইছে আৰু তেওঁলোকে খুব ভালদৰেই জানে যে নতুন কৃষি আইনবোৰ কৃষক বিৰোধী নহয়। এই আইনৰ সহায়ত কৃষকসকলৰ আয় বৃদ্ধি পাব। ন্যূনতম সহায়ক মূল্যৰ ব্যৱস্থা বৰ্তি থাকিব। অমৃতসৰৰ তৰণ তৰণত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি সংস্কাৰ বিলৰ প্ৰসঙ্গত শ্ৰী পুৰীয়ে কৃষি ক্ষেত্ৰৰ সৈতে জড়িত বিজ্ঞানী, অধ্যাপক আৰু অন্যান্য প্ৰবীণ ব্যক্তিসকলৰ সৈতে বৈঠকত মিলিত হয়।
এই সংস্কাৰৰ ফলত আঢ়তীয়া সম্প্ৰদায় (কমিশ্যন এজেণ্ট)ৰ কি কি লাভ হ’ব সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে বিশদভাৱে বাখ্যা কৰিছে। আঢ়তীয়াসকলে ভাল বীজ, কৃষিকাৰ্য সম্পৰ্কে যথাযথ জ্ঞান, সৰবৰাহ শৃঙ্খলৰ বিষয়ে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে যি বিনিয়োগ কৰিব সেই বিনিয়োগৰ ফলত কৃষিক্ষেত্ৰত ক্ষতি ক্ৰমাৎ হ্ৰাস পাব। বৰ্তমান এই ক্ষেত্ৰত মুঠ ৩০ শতাংশ মান ক্ষতি হৈছে।
মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে পঞ্জাৱত ন্যূনতম সহায়ক মূল্যৰ মাধ্যমেৰে বৰ্তমান খাৰিফ ছিজনত যথেষ্ট ফচল সংগ্ৰহ কৰা হৈছে। বিগত বছৰত ৭.৪ লাখ মেট্ৰিক টন শস্য সংগ্ৰহ হৈছিল। এইবছৰ সেয়া বৃদ্ধি পাই হৈছে ২৬.১ লাখ মেট্ৰিক টন- অৰ্থাৎ বিগত বছৰৰ তুলনাত ২৫১ শতাংশ অধিক।
১১ অক্টোবৰৰ হিচাপ অনুসৰি দেশত এই বছৰ ৪২.৫ মেট্ৰিক টন ধান ন্যূনতম সহায়ক মূল্যত ক্ৰয় কৰা হৈছে। বিগত বছৰ এই পৰিমাণ আছিল ৩১.৭ লাখ মেট্ৰিক টন।
বিগত বছৰৰ তুলনাত এই বছৰ ৩৫ শতাংশ বেছি ধান ন্যূনতম সহায়ক মূল্যত ক্ৰয় কৰা হৈছে। ২০০৯ চনৰ পৰা ২০১৪ ৰ ভিতৰত ১,৭৬৮ লাখ মেট্ৰিক টন ধান কিনা হৈছিল। ইয়াৰ বাবে খৰচ হৈছিল ২,০৬,০৫৯ টকা। ঠিক তেনেদৰে বিগত ৫ বছৰত ৩,০৬৯ লাখ মেট্ৰিক টন ধান কিনোতে খৰচ হৈছে ৪,৯৫,০৪৩ কোটি টকা। অৰ্থাৎ ২.৪ গুন বেছি ধন ধান কিনাৰ বাবে ব্যয় হৈছে। একেদৰে, বিগত ৫ বছৰত ন্যূনতম সহায়ক মূল্যত ১,৬২৭ লাখ মেট্ৰিক টন গম কিনা হৈছে। ইয়াৰ বাবে ন্যূনতম সহায়ক মূল্য দিয়া হৈছে ২ লাখ ৯৭ হাজাৰ ২৩ টকা। ২০০৯-২০১৪ চনৰ ভিতৰত ১,৩৯৫ লাখ মেট্ৰিক টন গম কিনা হৈছিল। সেই সময়ত ব্যয় হৈছিল ১,৬৮,২০২ টকা।
ৰবি শস্যৰ ছিজনৰ বাবে গম সংগ্ৰহ কেন্দ্ৰ ২০২০-২১ বৰ্ষত ২১,৮৬৯ লৈ বৃদ্ধি কৰা হৈছে। বিগত বছৰত ১৪ হাজাৰ ৮৩৮ টা সংগ্ৰহ কেন্দ্ৰ আছিল। অৰ্থাৎ এইবছৰ ৫০ শতাংশ সংগ্ৰহ কেন্দ্ৰ বৃদ্ধি ৰা হৈছে। খাৰিফ শস্যৰ ছিজনত বিগত বৰ্ষত ৩৯,১৩০ টা শস্য সংগ্ৰহ কেন্দ্ৰ আছিল। এই বছৰ ৩০ শতাংশ বৃদ্ধি কৰি ৩০,৫৪৯ টা কৰা হৈছে।
ৰবি আৰু খাৰিফ শস্যৰ ছিজনত মুঠ হিচাপত ২০১৬-১৭ বৰ্ষত ৪৮,৫৫০ টা সংগ্ৰহ কেন্দ্ৰ আছিল। ২০১৯-২০ ত সেয়া ৩৩ শতাংশ বৃদ্ধি কৰি কৰা হৈছে ৬৪,৫১৫ টা। ২০১৭-১৮ৰ পৰা ২০১৯-২০ লৈ ন্যূনতম সহায়ক মূল্যৰ সুবিধা ৭২ শতাংশ অধিক কৃষকে লাভ কৰিছে।
এনডিএ চৰকাৰৰ সময়ত বিগত ৬ বছৰত কৃষকসকলৰ কল্যাণত যিবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেইবোৰ হ’ল :
১) স্বামীনাথন কমিটীৰ ছুপাৰিছ অনুসৰি কৃষিকাৰ্যৰ ব্যয়ৰ ন্যূনতম ৫০ শতাংশ লাভ বিবেচনা কৰি ন্যূনতম সহায়ক মূল্য নিৰ্ধাৰণ কৰা হৈছে।
২) ২০০৯-১০ বিত্তবৰ্ষত বাজেটত কৃষি শিতানত ব্যয় আছিল ১২ হাজাৰ টকা। তেনেক্ষেত্ৰত ২০২০-২১ বিত্তবৰ্ষত সেয়া বৃদ্ধি কৰি কৰা হৈছে ১,৩৪,৩৯৯ কোটি টকা।
৩) আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনি পুঁজি প্ৰস্তুত কৰা হৈছে।
৪) পিএম কিষাণ সন্মান নিধিৰ অধীনত ১০ কোটিতকৈও অধিক কৃষকৰ বেংক একাউণ্টলৈ প্ৰায় ৯৪,০০০ কোটি টকা প্ৰেৰণ কৰা হৈছে।
৫) ক’ভিড মহামাৰীৰ সময়ত ৯ কোটিতকৈও অধিক কৃষকক পিএম কিষাণ যোজনাৰ অধীনত ৩৮ হাজাৰ কোটি টকা দিয়া হৈছে।
৬) ২০১৯ ৰ ফেব্ৰুৱাৰীৰ পৰা মৎস্যজীৱী আৰু পশুপালন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হৈছে।
৭) বিগত ৬ মাহত ১ কোটি ২৯ লাখ নতুন কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হৈছে।
৮) গ্ৰীষ্মকালত এই বছৰ ৫৭ লাখ হেক্টৰ ভূমিত বীজ সিঁচা কাম কৰা হৈছে - বিগত বছৰৰ তুলনাত যি ১৬ লাখ হেক্টৰ বেছি।
৯) এই বছৰৰ খাৰিফ শস্যৰ বতৰত ১১০৪ লাখ হেক্টৰ ভূমিত বীজ সিঁচা হৈছে। যি ২০১৬ বৰ্ষতকৈ অধিক। সেই বছৰ ১ হাজাৰ ৭৫ লাখ হেক্টৰ ভূমিত খাৰিফ শস্যৰ বতৰৰ শস্যৰ বীজ সিঁচা হৈছিল।
১০) ক’ভিড মহামাৰীৰ সময়ত লকডাউনৰ ভিতৰত ই-নাম চবজি বজাৰ ৫৮৫ খনৰ পৰা বৃদ্ধি কৰি ১ হাজাৰ কৰা হৈছে। এই সময়ত ই-নাম প্লেটফৰ্মৰ সহায়ত ১ লাখ কোটি টকাতকৈ অধিক ব্যৱসায় বাণিজ্য কৰা হৈছে।
******
RJ/APS/SG/RD
(Release ID: 1664195)
Visitor Counter : 181