ভাৰতীয় নিৰ্বাচন আয়োগ
উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ১১ বিদায়ী সদস্যৰ আসন পূৰণৰ অৰ্থে ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচন
Posted On:
13 OCT 2020 12:27PM by PIB Guwahati
তলত উল্লেখ কৰা অনুসৰি উক্ত ০২ খন ৰাজ্যৰপৰা নিৰ্বাচিত হোৱা ৰাজ্যসভাৰ ১১ জন সদস্যৰ কাৰ্যকাল নৱেম্বৰ, ২০২০ত অন্ত পৰিবঃ-
ক্ৰঃ নং
|
ৰাজ্যৰ নাম
|
সদস্যৰ নাম
|
অৱসৰৰ তাৰিখ
|
-
|
উত্তৰ প্ৰদেশ
|
ডঃ চন্দ্ৰপাল সিং যাদৱ
|
২৫-১১-২০২০
|
-
|
জাৱেদ আলী খান
|
-
|
অৰুণ সিং
|
-
|
নীৰজ শেখৰ
|
-
|
পি.এল. পুনিয়া
|
-
|
হৰদ্বীপ সিং পুৰী
|
-
|
ৰবি প্ৰকাশ বাৰ্মা
|
-
|
ৰাজাৰাম
|
-
|
ৰামগোপাল যাদৱ
|
-
|
বীৰ সিং
|
-
|
উত্তৰাখণ্ড
|
ৰাজ বাব্বৰ
|
নিম্ন উল্লেখিত সময়সূচী অনুসৰি আয়োগে পূৰ্বে উল্লেখিত খালী আসনসমূহ পূৰণ কৰিবলৈ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰপৰা ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ-
ক্ৰঃ নং
|
কাৰ্যসূচী
|
তাৰিখ ও বাৰ
|
1
|
অধিসূচনা জাৰি
|
২০ অক্টোবৰ, ২০২০ (মঙলবাৰ)
|
2
|
মনোনয়ন সংগ্ৰহৰ অন্তিম তাৰিখ
|
২৭ অক্টোবৰ, ২০২০ (মঙলবাৰ)
|
3
|
মনোনয়ন পৰীক্ষা
|
২৮ অক্টোবৰ, ২০২০ (বুধবাৰ)
|
4
|
প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ
|
০২ নৱেম্বৰ, ২০২০ (সোমবাৰ)
|
5
|
নিৰ্বাচনৰ তাৰিখ
|
০৯ নৱেম্বৰ, ২০২০ (সোমবাৰ)
|
6
|
নিৰ্বাচনৰ সময়
|
পুৱা ০৯:০০ বজা- বিয়লি ০৪:০০ বজা
|
7
|
ভোট গণনা
|
০৯ নৱেম্বৰ, ২০২০ (সোমবাৰ)
বিয়লি ০৫:০০ বজাত
|
8
|
নিৰ্বাচন সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ
|
১১ নৱেম্বৰ, ২০২০ (বুধবাৰ)
|
আয়োগে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি বেলট পেপাৰত মাৰ্কিং কৰিবলৈ ৰিটাৰ্ণিং বিষয়াই আগবঢ়োৱা বেঙুণীয়া ৰঙৰ স্কেছ পেনহে মাথো ব্যৱহাৰ কৰিব পাৰিব। উল্লেখিত নিৰ্বাচনৰ বাবে কোনো পৰিস্থিতিতেই আন পেন ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।
উক্ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত ক’ভিড-১৯ সন্দৰ্ভত প্ৰতিৰোধী ব্যৱস্থাৰ নীতি-নিৰ্দেশনা পালনৰ নিশ্চিতিৰ অৰ্থে আয়োগে সংশ্লিষ্ট মুখ্য সচিবসকলক ৰাজ্য চৰকাৰৰৰ এজন জ্যেষ্ঠ বিষয়াক নিযুক্তি প্ৰদান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।
নিৰ্বাচনৰ সময়ছোৱাত প্ৰতিজন লোকেই মানি চলিবলগীয়া প্ৰধান নীতি-নিৰ্দেশনাসমূহ হৈছেঃ-
- নিৰ্বাচন সম্পৰ্কীয় সকলো কাম-কাজৰ সময়ছোৱাত প্ৰতিজন লোকেই ফেচ মাস্ক পৰিধান কৰিব লাগিব।
- নিৰ্বাচনৰ বাবে ব্যৱহৃত হল/কোঠা/প্ৰাংগণৰ প্ৰৱেশ পথতঃ-
(a) প্ৰতিজন লোকৰে থাৰ্মেল স্কেনিং কৰিব লাগিব
(b) সকলোবোৰ স্থানতে ছেনিটাইজাৰ উপলব্ধ কৰিব লাগিব
- ক’ভিড-১৯ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি সামজিক দূৰত্ব মানি চলিব লাগিব।
ক’ভিড-১৯ৰ সময়ত নিৰ্বাচন অনুষ্ঠিত কৰোতে কঠোৰভাৱে মানি চলিবলগীয়া প্ৰধান নীতি-নিৰ্দেশনাৰ অৰ্থে, অনুগ্ৰহ কৰি তলত উল্লেখিত লিংকটোৰ জৰিয়তে আয়োগৰ ৱেবচাইটত উপলব্ধ নীতি-নিৰ্দেশনা প্ৰত্যক্ষ কৰিব পাৰিবঃ- https://eci.gov.in/files/file/12167-broad-guidelines-for-conduct-of-general-electionbye-election-during-covid-19/
তদুপৰি, আয়োগে নিৰ্বাচনৰ নিৰীক্ষক হিচাপে সংশ্লিষ্ট ৰাজ্যকেইখনৰ মুখ্য নিৰ্বাচনী বিষয়াসকলক নিযুক্তি প্ৰদান কৰিছে।
****
SBS/MR/AC/SB
(Release ID: 1664153)
Visitor Counter : 145