PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 13 OCT 2020 6:16PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#ইউনাইট২ফাইটক’ৰোনা

#ইণ্ডিয়াফাইটছক’ৰোনা

Image

প্ৰতি মিলিয়নত আটাইতকৈ কম ৰোগাক্ৰান্ত আৰু কম মৃত্যু হোৱা দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম হিচাপে বিবেচিত হৈছে, সক্ৰিয় ৰোগীৰ সংখ্যা নিৰৱচ্ছিন্নভাৱে হ্ৰাস হৈছে, বিগত ২৪ ঘণ্টাত ৫৫,৩৪২ জন লোক ৰোগত আক্ৰান্ত হৈছে

বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক পৰীক্ষণ হোৱা দেশসমূহৰ তালিকাত ভাৰতে নিজৰ নাম সন্নিৱিষ্ট কৰিছে৷ বিগত ২৪ ঘণ্টাত ১০,৭৩,০১৪টা পৰীক্ষণ অনুষ্ঠিত হোৱাৰ জৰিয়তে এই পৰ্যন্ত মুঠ ৮,৮৯,৪৫,১০৭টা পৰীক্ষণ অনুষ্ঠিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৫৫,৩৪২জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷  বৰ্তমানে মুঠ সক্ৰিয় ৰোগীৰ ১১.৬৯%হে সক্ৰিয় ৰোগী আছে৷ একেৰাহে পাঁচ দিনলৈ ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৯ লাখৰ তলত আছে৷ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ পৰা ৭৬% নতুন নিশ্চিত ৰোগীৰ পৰিঘটনা পৰিলক্ষিত হৈছে৷   আৰোগ্যৰ সংখ্যাই ৬২,২৭,২৯৫ৰ সীমা স্পৰ্শ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ডাঃ হৰ্ষ ৱৰ্ধনে ক’ভিড-১৯ সন্দৰ্ভত মন্ত্ৰী মণ্ডলৰ একবিংশতম বৈঠকত সভাপতিত্ব কৰে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ভিডিঅ’-কনফাৰেন্সযোগে ক’ভিড-১৯ সন্দৰ্ভত এক উচ্চস্তৰীয় মন্ত্ৰীমণ্ডলৰ একবিংশতম বৈঠকত সভাপতিত্ব কৰে৷ এই বৈঠকত অংশগ্ৰহণ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী হৰ্ষদ্বীপ এছ পুৰী, ৰাজ্যিক জাহাজ পৰিবহণ (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰী মনসুখ লাল মাণ্ডৱ্য, ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেও উপস্থিত আছিল৷

অধিক বিৱৰণৰ বাবে

 

স্বাস্থ্য মন্ত্ৰালয়ৰ টেলিমেডিচিন সেৱা, ই-সঞ্জীৱনীয়ে ৫লাখ টেলি-কনছাল্টটেচন সম্পূৰ্ণ কৰিছে

স্বাস্থ্য মন্ত্ৰালয়ৰ টেলিমেডিচিন কাৰ্যসূচী ই-সঞ্জীৱনীয়ে ৰোগী আৰু চিকিৎসকৰ মাজত দ্ৰুত গতিৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অতি কম সময়ৰ ভিতৰতে ই ৫লাখ টেলি-কনছাল্টটেচন সম্পন্ন কৰিছে। ইয়াৰে শেহতীয়া এক লাখ কনছাল্টটেচন মাত্ৰ ১৭দিনত সম্পূৰ্ণ হৈছে। স্বাস্থ্যসেৱাৰ ডিজিটেল সংস্কৰণ হিচাপে ই-সঞ্জীৱনীয়ে ক্ৰমান্বয়ে ভাৰতীয় স্বাস্থ্যসেৱা খণ্ডৰ পৰম্পৰাগত ব্যৱস্থাৰ সমান্তৰাল ধাৰালৈ অগ্ৰসৰ হৈ আছে। বিগত কেইদিনমানত টেলিকনছাল্টটেচনৰ দৈনিক সংখ্যা ৮,০০০ৰ সীমা স্পৰ্শ কৰিছে। এই মুহূৰ্তত ২৬খন ৰাজ্যই ই-সঞ্জীৱনীৰ দুটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰি আছে, সেয়া হ’ল-ডক্টৰ টু ডক্টৰ(ই-সঞ্জীৱনী এবি-এইচডব্লিউচি) আৰু পেচেণ্ট টু ডক্টৰ(ই-সঞ্জীৱনী অ’পিডি)। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নৱেম্বৰ,২০১৯ত ই-সঞ্জীৱনী এবি-এইচডব্লিউচি মুকলি কৰিছিল আৰু ভাৰত চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনিৰ অধীনত নিৰ্বাচিত মেডিকেল কলেজ হস্পিটালৰ সৈতে সন্মিলিতভাৱে ১,৫৫,০০০ স্বাস্থ্য আৰু ৱেলনেছ চেণ্টাৰত ইয়াক ৰূপায়ন কৰা হৈছে। এই অভিলাসী আঁচনিৰ দ্বিতীয়টো পদ্ধতি হ’ল ই-সঞ্জীৱনী অ’পিডি। ২০২০ৰ ১৩ এপ্ৰিলৰ প্ৰথম লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশত অ’পিডি সেৱা বন্ধ হৈ থকাৰ সময়তে ই-সঞ্জীৱনী অ’পিডি মুকলি কৰা হয়। এই পদ্ধতিৰ সহায়ত ৰোগীয়ে ঘৰত বহিয়ে অ’পিডি সেৱা লাভ কৰে। ই-সঞ্জীৱনী আৰু ই-সঞ্জীৱনী অ’পিডি প্লেটফৰ্মৰ মাধ্যমেৰে সৰ্বাধিক কনছাল্টেচন পঞ্জীভুক্ত হোৱা শীৰ্ষ দহখন ৰাজ্য হ’লঃ তামিলনাডু(১৬৯৯৭৭), উত্তৰ প্ৰদেশ(১৩৪৯৯২), হিমাচল প্ৰদেশ(৩৯৩২৬), কেৰালা(৩৯৩০০), অন্ধ্ৰ প্ৰদেশ(৩১৩৬৫), উত্তৰাখণ্ড(১৬৪৪২), মধ্য প্ৰদেশ(১৪৯৬৫), গুজৰাট(১০৮৩৯), কৰ্ণাটক(৯৪৯৮), মহাৰাষ্ট্ৰ(৭৮৯৫)। অসম এই তালিকাৰ অষ্টাদশ স্থানত আছে।

অধিক বিৱৰণৰ বাবে

 

আজি চেন্নাইত আয়ুষ ছিষ্টেমৰ বাবে মুকলি কৰা হৈছে ৰিজিঅ’নেল ৰ’ ড্ৰাগ ৰিপ’জিটৰী

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী  শ্ৰীপদ য়েছ’ নায়কে আজি এক ভাৰ্চুৱেল অনুষ্ঠানযোগে নেচনেল ইনষ্টিটিউট অব্ সিদ্ধাত আয়ুষ ছিষ্টেমৰ বাবে ৰিজিঅ’নেল ড্ৰাগ ৰিপ’জিটৰী মুকলি কৰে৷ অনুষ্ঠানটোত সভাপতিত্ব কৰে আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই৷

অধিক বিৱৰণৰ বাবে

 

 

ৰাষ্ট্ৰীয় শ্বুটিং শিবিৰ নিশ্চিতৰ বাবে ছাই আৰু এনআৰএআইৰ যুটীয়া পদক্ষেপ

দুমাহৰ বাবে (১৫ অক্টোবৰ- ১৭ ডিচেম্বৰ) বিগত সপ্তাহত অলিম্পিক শ্বুটাৰসকলক নেচনেল শ্বুটিং কেম্প ডঃ কৰনি সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷ এথলীটসকলে যাতে সুৰক্ষিতভাৱে প্ৰশিক্ষণ লাভ কৰিব পাৰে তাৰ বাবে নিৰাপদ বায়’-বাবল প্ৰতিপালন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে  

ক’ভিডৰ সময়ছোৱাত আৰটিআইৰ নিষ্কাশন হাৰ বিগত বৰ্ষৰ তুলনাত অধিক হৈছেঃ ডাঃ জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ), ড’নাৰ, পিএমঅ’, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে বিগত বৰ্ষৰ তুলনাত আৰটিআই (তথ্য জনাৰ অধিকাৰ)ৰ নিষ্কাশন হাৰ ক’ভিডৰ সময়ত বিগত বৰ্ষৰ তুলনাত অধিক হৈছে৷ আৰটিআইৰ ১৫ বছৰ সম্পন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত ডঃ সিঙে কয় যে ২০১৯-২০ বিত্তীয় বৰ্ষত ৭৬.৪৯% আৰটিআই গোচৰ নিষ্কাশিত হোৱাৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষত ৯৩.৯৮% গোচৰ নিষ্কাশিত হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে চৰ্ত সাপেক্ষে ১৫.১০.২০২০ তাৰিখৰ পৰা বিদ্যালয় আৰু কোচিং প্ৰতিষ্ঠানসমূহ পুনৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷  তাৰোপৰি কেৱল নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলক অভিভাৱকৰ অনুমতি সাপেক্ষে বিদ্যালয়/শৈক্ষিক প্ৰতিষ্ঠানলৈ আহিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷
  • হিমাচল প্ৰদেশঃৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক ‘‘মাস্ক আপ কেম্পেইন’’ত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ তাৰোপৰি তেওঁ জনসাধাৰণক কিছুমান সাধাৰণ সাৱধানতা অৱলম্বন যেনে কায়িক দূৰত্ব, মাস্ক পৰিধান, ভেণ্টিলেটেড কোঠালি, ভিৰ পৰিহাৰ, হাত পৰিষ্কাৰ আদি অৱলম্বন কৰিবলৈও আহ্বান জনাইছে৷
  • কেৰালাঃ কালি ৫৯৩০ জন ৰোগী নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ শেহতীয়াকৈ  ৯৪,৩৮৮ জন ৰোগীয়ে চিকিৎসা লাভ কৰি আছে আৰু ২.৮১ লাখ জন ৰোগ বিভিন্ন স্থানত নিৰীক্ষণৰ অধীনত আছে৷ মুঠ ১০২৫ জন ৰোগীৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ৬,৬১,২৬৪ জন৷ মৃত্যুৰ সংখ্যা হৈছে ১০,৩১৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৩,৭৪৭ জন৷
  • কৰ্ণাটকঃ ৰাজ্য চৰকাৰে ক’ভিডৰ পৰিপ্ৰেক্ষিতত গাঁও পঞ্চায়তৰ নিৰ্বাচন স্থগিত ৰাখিছে৷ টুমাকুৰু চিকিৎসালয়ত অক্সিজেন প্লাণ্ট স্থাপন কৰা হৈছে৷ নতুন স্বাস্থ্য মন্ত্ৰী ডাঃ কে সুধাকৰে সমাজ কল্যাণ মন্ত্ৰী বি শ্ৰীৰামুলুয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ক’ভিডৰ নিয়ন্ত্ৰণৰ বিষয়ে আলোচনা কৰে৷ 
  • অন্ধ্ৰ প্ৰদেশঃ সোমবাৰে ৩২২৪ জন লোকে নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ৭,৫৬,০৫৬ জন৷ ৩২ জন লোকৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৭০৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ২০০৯ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৫ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ২,১৪,৭৯২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৪,২০৮ জন৷ ১২৩৩ জনৰ মৃত্যু হৈছে৷ ১,৮৯,৩৫১ জনক মুকলি কৰি দিয়া হৈছে৷
  • অসমঃ অসমত কালি ১৪৫৭ জন ৰোগীক মুকলি কৰি দিয়া হৈছে, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে টুইট কৰে৷ মুঠ মুকলি হোৱা ৰোগীৰ সংখ্যা হ’ল ১,৬৬,০৩৬ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮,৪৩৯ জন৷
  • মিজোৰামঃ কালি ১৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২২০২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫৬ জন৷
  • নাগালেণ্ডঃ ২২১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে ক’ভিডত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হ’ল ৭২৪০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪৯৩ জন৷ ৫৭৫৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • ছিক্কিমঃ ছিক্কিমত ৫৭ জন লোক ক’ভিডত মৃত্যু হৈছে আৰু ৭জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷

 

ফেক্ট চেক

****



(Release ID: 1664141) Visitor Counter : 164