জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

কাইলৈ ‘‘টেক ফৰ ট্ৰাইবেলছ ইনিচিয়েটিভ’ মুকলি কৰাৰ বাবে চট্টিশগড় এমএফপি ফেডাৰেচন আৰু আইআইটি, কানপুৰৰ সৈতে ট্ৰাইফেডৰ সহযোগিতা স্থাপন

এমএছএমইয়ে তেওঁলোকৰ ইএছডিপি আঁচনিৰ অধীনত অনুমোদন জনাইছে ‘‘টেক ফৰ ট্ৰাইবেলছ’’- বন্ধন-ইএছডিপি প্ৰশিক্ষণ কাৰ্যসূচী

Posted On: 12 OCT 2020 4:15PM by PIB Guwahati

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ট্ৰাইফেডে চট্টিশগড় এমএফপি ফেডাৰেচন আৰু কানপুৰৰ আইআইটিৰ সহযোগিতাত কাইলৈ ‘‘টেক ফৰ ট্ৰাইবেলছ ইনিচিয়েটিভ’’ মুকলি কৰিব৷ বন্ধন জনজাতি হিতাধিকাৰীসকলক শেহতীয়া পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে ট্ৰাইফেডে এমএছএমইৰ সৈতে সহযোগিতা স্থাপন কৰিছে৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে বন ধন কেন্দ্ৰসমূহত উদ্যমিতা, লঘূ দক্ষতা, তথ্য প্ৰযুক্তি আৰু ব্যৱসায়িক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ’ব৷

 

এই পদক্ষেপৰ অধীনত ট্ৰাইফেডে আইআইটি কানপুৰ, আৰ্ট অব্ লিভিং, টিছ, কিথ, বিবেকানন্দ কেন্দ্ৰ, সৃজন আদিৰ দৰে খ্যাতনামা প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা স্থাপন কৰিছে৷

 

হিতাধিকাৰীসকলে ১২০টা অধিৱেশনৰ ৩০ দিনীয়া কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰিব৷ এই প্ৰশিক্ষণ ১২ অক্টোবৰৰ পৰা আৰম্ভ হৈ ৭ নৱেম্বৰ ২০২০ত সমাপ্ত হ’ব৷ আইআইটি কানপুৰৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰশিক্ষণ মডিউল হিতাধিকাৰীসকলক পৰ্যায় ক্ৰমে বিতৰণ কৰা হ’ব৷

 

আইআইটি কানপুৰে চট্টিশগড় আৰু কেৰালাত জনজাতীয় যুৱচামৰ মাজত দক্ষতা বিকাশৰ কাৰ্যসূচী প্ৰণয়ন কৰি তেওঁলোকক উদ্যমী কৰি তোলাৰ প্ৰয়াস কৰিব৷ তাৰোপৰি এই কাৰ্যসূচীৰ দ্বাৰা বহনক্ষম উদ্যমিতা বিকাশৰ দিশত –সংবদ্ধকৰণ, সামৰ্থ নিৰ্মাণ আৰু বজাৰ সংযোগ- এই তিনিটা স্তম্ভ বিবেচনা কৰা হ’ব৷ ইয়াৰ জৰিয়তে জনজাতীয় উদ্যমীসকলৰ মাজত বাণিজ্যিকৰণৰ পথ মুকলি হ’ব৷

 

 

 

*****

 

NB/SK/MoTA/12.10.2020/MANN



(Release ID: 1663926) Visitor Counter : 163