উপ-ৰাষ্ট্ৰপতি সচিবালয়

উপ-ৰাষ্ট্ৰপতিৰ কভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ, আশা কৰা হৈছে শীঘ্ৰে স্বাভাৱিক কাম-কাজ আৰম্ভ কৰিব পাৰিব

Posted On: 12 OCT 2020 4:57PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ কভিড-১৯ পৰীক্ষাৰ ফলাফল আজি নিগেটিভ পোৱা গৈছে। ২৯ ছেপ্টেম্বৰত কভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰা তেওঁ হোম কোৱাৰেণ্টাইনত আছিল।

 

এইমছৰ চিকিত্সকৰ দলে আজি নিয়মানুসৰি আৰটি-পিচিআৰ পৰীক্ষা সম্পন্ন কৰে। উপ-ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নী শ্ৰীমতী উষা নাইডুৰ কভিড-১৯ পৰীক্ষাৰ ফল নিগেটিভ পোৱা গৈছে।

 

শ্ৰী নাইডু বৰ্তমান সুস্থ আৰু চিকিত্সকৰ পৰামৰ্শ অনুসৰি অতি শীঘ্ৰে তেওঁ পুনৰ স্বাভাৱিক কাম-কাজ আৰম্ভ কৰিব পাৰিব। যিসকলে তেওঁৰ মংগল কামনা কৰিছিল তেওঁলোক আটাইকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

 

 

 

VRRK/MS/DP/KG



(Release ID: 1663883) Visitor Counter : 99