আয়ুষ

আৰোগ্যসাধক মহাত্মা গান্ধীক স্মৰণ নেশ্যনেল ইনষ্টিটিউট অৱ নেছাৰ’পেথীৰ

प्रविष्टि तिथि: 12 OCT 2020 11:18AM by PIB Guwahati

১৯৪৫ ত গান্ধী জীৰদ্বাৰা প্ৰতিষ্ঠা কৰা অল ইণ্ডিয়া নেছাৰ কিউৰ ফাউণ্ডেশ্যন ট্ৰাষ্ট আৰু বৰ্তমানৰ আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল ইনষ্টিটিউট অৱ নেছাৰ’পেথী (NIN), পুনেয়ে, গান্ধীজীৰ ১৫১ সংখ্যক জন্ম বাৰ্ষিকী মানৱতাৰ প্ৰতি তেখেতৰ বৰঙণিক সন্মান জনোৱাৰ উদ্দীপনাৰে উদযাপন কৰে।

ইতিমধ্যেই এই কথা প্ৰকাশ পাইছে যে গান্ধী জয়ন্তীৰপৰাই স্বাস্থ্য, খাদ্য আৰু পুষ্টি সন্দৰ্ভত মহাত্মা গান্ধীৰ ভাৱনাৰ ৰাজহুৱা গুৰুত্বৰ পুনৰুদ্দীপ্তকৰণৰ অৰ্থে এনআইএনে ৪৮ খনি ৱেবিনাৰৰ বিস্তৃত-শৃংখল আৰম্ভ কৰিছে। এই বিস্তৃত-শৃংখলাই প্ৰথম সপ্তাহতে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে আৰু ইয়াৰ জৰিয়তে গান্ধীৰ সময়ত প্ৰভাৱ বিস্তাৰ কৰা গান্ধীবাদী ধ্যান-ধাৰণৰ কিছুমান উপাদানক বৰ্তমান সময়ৰো প্ৰাসংগিকতা সাপেক্ষে সামৰি লোৱা যায়।

২ অক্টোবৰত ৰাইজৰ বাবে “লিভিং গান্ধী” স্মাৰক মুকলিৰে এনআইএনৰ গান্ধী জয়ন্তী উদযাপনৰ শুভাৰম্ভ ঘটে। ইয়াৰ আনুষ্ঠানিক উদ্বোধন কৰে এনআইএন, পুনেৰ পৰিচালনা সমিতিৰ সদস্য তথা অল ইণ্ডিয়া নেছাৰ কিউৰ ফাউণ্ডেশ্যন ট্ৰাষ্ট, ছ’চাইটি অৱ ছাৰ্ভেন্টছ অৱ গডৰ সদস্য শ্ৰী লাল ঘনচানীয়ে। এনআইএনৰ গান্ধী প্ৰাৰ্থনাস্থলীত বাপুলৈ শ্ৰদ্ধাঞ্জলি নিবেদনাৰ্থে ৰিজিঅ’নেল আউটৰীছ ব্যুৰ’ (মহাৰাষ্ট্ৰ আৰু গোৱা)ৰ এটা দলে ভৱাঞ্জলি পৰিবেশন কৰে। এই অনুষ্ঠানতে যোগাসন আৰু নেছাৰ’পেথী মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনআইএনে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হয়।

২ অক্টোবৰত আৰম্ভ হোৱা এই বিস্তৃত-শৃংখলাৰ প্ৰথম কাৰ্যসূচীত, মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক শ্ৰী এ.এন ত্ৰিপাঠীয়ে স্বাস্থ্য সন্দৰ্ভত মহাত্মাৰ অন্তৰ্দৃষ্টি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। বক্তাগৰাকীয়ে ব্যক্ত কৰা ব্যক্তিগত অভিজ্ঞতা অনুসৰি, বিশেষকৈ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ গান্ধীজীৰ আদৰ্শৰে চালিত হৈ আহিছে। ইয়াৰ জৰিয়তে ৰাজহুৱা স্বাস্থ্যত পৰা ইতিবাচক প্ৰভাৱ সন্দৰ্ভত তেওঁ কয়। প্ৰতিদিনে পুৱা ১১ বজাত ই-ভাষণৰ সৈতে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি এই ৱেবিনাৰ শৃংখল সপ্তাহজুৰি অব্যাহত আছে।

৩ অক্টোবৰত জলগাঁওস্থিত গান্ধী ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ অধ্যাপক গীতা ধৰ্মপালে আৰোগ্যসাধক হিচাপে গান্ধীজীৰ প্ৰভাৱ সম্পৰ্কত ব্যক্ত কৰে আৰু তেওঁ সত্যাগ্ৰহৰ দৰে গান্ধীজীৰ আন্দোলনৰ ৰাজনৈতিক অৰ্থপ্ৰকাশৰ অৰ্থে সমগ্ৰ ৰাষ্ট্ৰৰ মনো-সামাজিক নিৰাময়ত গুৰুত্ব আৰোপ কৰে। অহিংসাত নিহিত হৈ থকা মূল্যই উপশমকাৰীৰ ভূমিকা পালন কৰিছিল। নতুন দিল্লীস্থিত ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্সৰ ডঃ জৰ্জ মেথিউৱে ৪ অক্টোবৰত গান্ধীজী, গ্ৰাম স্বৰাজ আৰু গ্ৰাম আৰোগ্য সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ‘আত্ম-নিৰ্ভৰশীলতা’ৰ অৰ্থে ‘প্ৰজাতন্ত্ৰ হিচাপে গাঁও’ সন্দৰ্ভত গান্ধীজীৰ অভিমতৰ ব্যাখ্যা আগবঢ়ায়। ৫ অক্টোবৰত সহানুভূতিশীল জীৱন প্ৰণালী সন্দৰ্ভত গান্ধী জীৰ ধাৰণা সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই বিশিষ্ট সংৰক্ষণবাদী শ্ৰী নিখিল লাঞ্জেৱাৰে। তেওঁ সহানুভূতিয়ে কিদৰে এজন ব্যক্তিক ৰূপান্তৰিত কৰিব পাৰে আৰু সংক্ষিপ্ত জীৱনত ইয়াৰ প্ৰভাৱ তথা ইয়াৰ জৰিয়তে শান্তি আৰু কল্যাণ প্ৰাপ্তি সন্দৰ্ভত কয়। গোৰখপুৰৰ ৰিজিঅ’নেল মেডিকেল ৰিচাৰ্ছ চেন্টাৰ (RMRC)ৰ ডঃ ৰজনীকান্ত শ্ৰীবাস্তৱে গান্ধীবাদী গুণাৱলী আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। ডঃ শ্ৰীবাস্তৱে আগবঢ়োৱা গান্ধীজীৰ স্বাস্থ্য সম্পৰ্কীয় কথা-বতৰাই দৰ্শকসকলক অনুপ্ৰেৰণা যোগায়।

৭ অক্টোবৰত বিশিষ্ট কৰ্প’ৰেট চেফ শ্ৰী নিশান্ত চৌবেয়ে ২১শ শতিকাত প্ৰাসংগিকতাপূৰ্ণ গান্ধীবাদী আহাৰ সন্দৰ্ভত কেতবোৰ আকৰ্ষণীয় দৃষ্টিভংগী দাঙি ধৰে। বক্তাগৰাকীয়ে লগতে ভাৰতৰ পৰাম্পৰাগত খাদ্য-সম্ভাৰৰ সৈতে স্বৰাজ আৰু স্বদেশী সন্দৰ্ভত গান্ধীজীৰ ধাৰণাৰ তুলনা কৰে। তেওঁ স্থানীয়, ঋতুকালীন আৰু স্বাস্থ্যসন্মত সংমিশ্ৰণেৰে আধুনিক খাদ্য সম্ভাৰ স্বাদযুক্ত তথা স্বাস্থ্যসন্মত কৰি ৰন্ধাৰ সম্ভাৱনা ব্যক্ত কৰে। ৮ অক্টোবৰত অষ্ট্ৰেলিয়াস্থিত ভাৰতীয় বিদ্যা ভৱনৰ শ্ৰী গম্ভীৰ ৱাটছে অহিংসা আৰু কল্যাণৰ মাজৰ আন্তঃসংযোগৰ ব্যাখ্যা আগবঢ়ায়। তেওঁ গান্ধীজীৰ নেতৃত্বত আন্দোলন আৰু অহিংসাৰ বাণীৰে ইয়াত নিহিত হৈ থকা সমাজ আৰু মানৱতাৰ কল্যাণৰ লক্ষ্যৰ কথা সদৰী কৰে।

১৮ নৱেম্বৰ, ২০২০লৈকে এই ৱেবিনাৰৰ দৈনিক শৃংখলা অব্যাহত থাকিব, যাক ২১শ শতিকাত মহাত্মা গান্ধীৰ লিগেচীৰ প্ৰাসংগিকতাৰে সমৃদ্ধ কৰা হ’ব।

আয়ুস মন্ত্ৰালয়ে https://www.facebook.com/watch/punenin/ লিংকটোৰ জৰিয়তে গান্ধীবাদী ভাৱনা আৰু ধাৰণা সন্দৰ্ভত বৌদ্ধিক আলোচনাত অংশগ্ৰহণৰ আহ্বান জনাইছে।

 

 

 

**************

MV/SK/SB


(रिलीज़ आईडी: 1663718) आगंतुक पटल : 367
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Tamil , Telugu