পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

‘ভাৰতমালা পৰিযোজনা’ৰ অধীনত ২৯২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ; ১২,৪১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ সম্পৰ্কীয় ৩২২টা প্ৰকল্পলৈ অনুমোদন

Posted On: 11 OCT 2020 9:39AM by PIB Guwahati

ভাৰতমালা পৰিযোজনাৰ অধীনত চলিত বছৰৰ আগষ্ট পৰ্যন্ত ১২,৪১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ সম্পৰ্কীয় ৩২২টা প্ৰকল্পলৈ অনুমোদন দিয়া হয়। সেইদৰে আগষ্ট পৰ্যন্ত এই পৰিযোজনাৰ অধীনত ২৯২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে।

কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ঘাইপথ শৃংখলৰ সবিস্তাৰে পুনৰীক্ষণ কৰাৰ লগতে ভাৰতমালা পৰিযোজনাৰ প্ৰথম পৰ্যায়ত ৫,৩৫,০০০ কোটি টকাৰ নিৰ্মাণ ব্যয় সম্বলিত প্ৰায় ৩৪,৮০০ কিলোমিটাৰ (১০,০০০কিলোমিটাৰ দৈৰ্ঘ্যৰ এনএইচডিপি আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাৰ নিৰ্মাণকো ধৰি) দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হয়।

ভাৰতমালা পৰিযোজনা কাৰ্যক্ৰমৰ অধীনত দেশৰ ইমূৰ-সিমূৰ সামৰি যাত্ৰী আৰু সা-সামগ্ৰীৰ যাতায়াত সৰ্বাধিক সুচলতাৰে সম্ভৱ কৰিব পৰাকৈ আন্তঃগাঁথনিগত ব্যৱধান আঁতৰোৱাৰ বাবে অৰ্থনৈতিক কৰিডৰ বিকশিত কৰা, কৰিডৰ আৰু ফীডাৰ ৰূটসমূহৰ মাজত সংযোগ স্থাপন কৰা, ৰাষ্ট্ৰীয় কৰিডৰৰ পাৰদৰ্শিতা বৃদ্ধি কৰা, সীমান্ত আৰু আন্তঃৰাষ্ট্ৰীয় পথৰ সংযোগ স্থাপন কৰা, উপকূলীয় আৰু বন্দৰ সংযোগী পথ নিৰ্মাণ কৰা আৰু গ্ৰীণফিল্ড এক্সপ্ৰেছৱে আদি নিৰ্মাণৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে।

 

 

***

RCJ/MS/KB



(Release ID: 1663612) Visitor Counter : 190