প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আজি নানাজী দেশমুখৰ জয়ন্তী উপলক্ষে তেওঁলৈ প্ৰণিপাত জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 OCT 2020 9:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ আৰু নানাজী দেশমুখৰ জয়ন্তী উপলক্ষে তেওঁলোক দুয়োলৈকে প্ৰণিপাত জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, জয়ন্তী উপলক্ষে মই লোকনায়ক জেপিলৈ প্ৰণিপাত জনাইছো৷ তেওঁ ভাৰতৰ স্বাধীনতাৰ বাবে সাহসেৰে যুঁজ দিছিল আৰু যেতিয়া আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আক্ৰমণ চলিছিল, সেই সময়ত তেওঁ এক শক্তিশালী গণ আন্দোলনেৰে ইয়াৰ সুৰক্ষা দিছিল৷ তেওঁৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু জনসাধাৰণৰ কল্যানতকৈ ঊৰ্ধ্বত একো নাছিল৷

মহান ব্যক্তি নানাজী দেশমুখ লোকনায়ক জেপিৰ এগৰাকী নিষ্ঠাবান অনুৰাগী আছিল৷ তেওঁ জেপিৰ চিন্তাধাৰা আৰু আদৰ্শসমূহ জনপ্ৰিয় কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছিল৷ গ্ৰামোন্নয়নৰ ক্ষেত্ৰত তেওঁৰ কাম-কাজে আমাক অনুপ্ৰাণিত কৰে৷ ভাৰতৰত্ন নানাজী দেশমুখৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছো৷

এই ভূমিত জন্মগ্ৰহণ কৰা লোকনায়ক জেপি আৰু নানাজী দেশমুখৰ দৰে কিংবদন্তীক লৈ ভাৰত গৌৰৱান্বিত৷ আজি আমাৰ দেশৰ বাবে তেওঁলোকৰ সপোন পুৰণৰ কৰাৰ দিশত আমি নিজকে উচৰ্গা কৰাৰ দিন৷

 

 

*****

VRRK/KP/DB



(Release ID: 1663489) Visitor Counter : 109